• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংৰাজী বেনাৰত আলকাতৰা ঘঁহা অসমীয়া জাতিৰ ধ্বজ্জাবাহক অসম সাহিত্য সভা জাতীয় সমস্যাত মৌন কিয়?

জাতীয় সমস্যাক গৌণ কৰি মৌনসভালৈ ৰূপান্তৰিত কিয় অসম সাহিত্য সভা?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 28, 2021 4:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সাহিত্য সভা, এক জাতীয় অনুষ্ঠান। যাক অসমীয়া ভাষা বা জাতিটোৰে ধ্বজ্জাবাহক বুলি ক’ব পাৰি। যিকোনো সময়ত অসমৰ জাতীয় সমস্যাক লৈ মাত মাতি আহিছে অসম সাহিত্য সভাই। সেয়া লাগিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনেই হওঁক কিম্বা অসমীয়া ভাষাৰ প্ৰতি সংকট অহাৰ সময়তেই হওঁক সৰৱ হোৱা দেখিবলৈ পোৱা গৈছিল অসম সাহিত্য সভাক।

এটা সময় আছিল যিটো সময়ত অসমত কেৱল অসমীয়া ভাষাৰ আধিপত্য চলিব বুলি হুংকাৰ দিছিল অসম সাহিত্য সভাই। আনকি বেনাৰ-ফলকতো অসমীয়া ভাষাৰ পয়োভৰ ঘটাবলৈ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইংৰাজী ভাষাত লিখা বেনাৰ বা দোকানৰ ফলকত আলকাতৰা ঘঁহি সেই ঠাইত অসমীয়া ভাষা লিখিবলৈ দাবী জনাইছিল অসম সাহিত্য সভাই।

তাৰোপৰি, ইংৰাজীত ফলক লিখা বিপনী বা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানলৈ ১৫ দিনৰ ভিতৰত অসমীয়া ভাষাত লিখিবলৈ সময়সীমা বান্ধি দিছিল। সেই দাবী অনুসৰিয়েই বহুতে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰাও দেখিবলৈ পোৱা গৈছিল।

Apply Now

সেই সময়ত অসম সাহিত্য সভাৰ সভাপতি পদৰ দায়িত্বত আছিল বৰ্তমানৰ বিজেপিৰ ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী।

কিন্তু এতিয়া যেন জাতীয় সমস্যা এক গৌণ কৰি মৌন হৈ পৰিছে অসমীয়া ভাষা-সাহিত্যৰ ধ্বজ্জাবাহক অসম সাহিত্য সভা। পূৰ্বৰ সেই সক্ৰিয়তা হেৰুৱাই যেন নিস্তেজ হৈ পৰিছে অসম সাহিত্য সভা।

বৰাকত অসমীয়া ভাষাৰ প্ৰতি বিদ্বেষ জন্মোৱাৰ লগতে অসমীয়া হৰ্ডিং-বেনাৰত ক’লা ৰং সনা বা অসমীয়া ভাষাত লিখা চৰকাৰী বেনাৰ ফলা ইত্যাদি বহু অসমীয়া ভাষা তথা জাতিটোক কুঠাৰঘাত কৰা দুষ্কাৰ্য্য সংঘটিত হ’ল।

শেহতীয়াকৈ কালি গ্ৰেপ্তাৰ হোৱা প্ৰদীপ দত্ত ৰয়েও সুদীৰ্ঘ কাল ধৰি অসমীয়া বিদ্বেষী মন্তব্য কৰি আহিছিল। যাৰ ফলত বহু জাতীয় দল-সংগঠনে প্ৰদীপ দত্ত ৰয়ৰ গ্ৰেপ্তাৰৰ দাবী তুলি তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ লগতে বিভিন্ন থানাত এজাহাৰো দাখিল কৰা পৰিলক্ষিত হৈছিল।

কিন্তু বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ অসমীয়া বিদ্বেষী মনোভাৱৰ বিৰুদ্ধে প্ৰতিবাদ বা থানাত গোচৰ দিয়া বাদেই; সংবাদ মাধ্যমৰ জৰিয়তেও বলিষ্ঠভাৱে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে সকিয়নী দিয়া দেখিবলৈ পোৱা নগ’ল।

তাৰোপৰি, APSC পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাধ্যতামূলক নকৰাৰ বা অন্য ভাষাটো APSC পৰীক্ষা দিব পাৰিব বুলি সিদ্ধান্ত কেবিনেট বৈঠকত লোৱাৰ পাছত বিভিন্ন জাতীয় দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল। কিন্তু নীৰৱ হৈ থকা দেখিবলৈ পোৱা গ’ল অসম সাহিত্য সভাক।

অসম সাহিত্য সভাৰ এই স্থিতিক লৈ সৰৱ হৈ পৰিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদ।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত একত্ৰিত যুৱ পৰিষদৰ সভাপতি বিদ্যুৎ কলিতাই কয় ‘অসমৰ বিগত বহুকেইটা সমস্যাত অসম সাহিত্য সভাক মৌন হৈ থকা দেখিবলৈ পোৱা গৈছিল। ব্যাপক কা আন্দোলনৰ সময়তো অসম সাহিত্য সভা মৌন হৈ আছিল। তেতিয়াৰ সভাপতি পৰমানন্দ ৰাজবংশীয়েও মৌনতা অৱলম্বন কৰিছিল। অসমৰ জলন্ত সমস্যাৰ ক্ষেত্ৰত যদি অসম সাহিত্য সভা মৌন হৈ থাকে তেন্তে ইয়াত সম্পূৰ্ণ ৰাজনৈতিক ৰহস্যৰ গোন্ধ পোৱা যায়।‘

‘ৰাজনৈতিক ৰহস্য এইবাবেই পোৱা যায় যে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভাৰ মঞ্চখন ত্যাগ কৰিয়েই তেওঁ বিজেপিৰ পৰা টিকট লৈ চিপাঝাৰৰ বিধায়কো হ’ল। তেনে প্ৰেক্ষাপটত যদিও পৰমানন্দ ৰাজবংশীয়ে যদিও প্ৰাক্তন সভাপতি বুলি নিজকে কয় তথাপি তেওঁৰ প্ৰভুত্ব কিজানি সাহিত্য সভাত আজিও চলে।‘ পৰমানন্দ ৰাজবংশীক কটাক্ষ কৰি বিদ্যুৎ কলিতাই এইদৰে কয়।

অসম সাহিত্য সভালৈ আহ্বান জনাই বিদ্যুৎ কলিতাই কয় ‘অসম সাহিত্য সভাই অন্তত অসমীয়া জাতিৰ আৱেগ অনুভূতিত আঘাত হনা যিকোনো কামৰ বিৰুদ্ধে মাত মাতিব লাগে।‘

অন্যথা অসম সাহিত্য সভাক ‘মৌন সভা’ বুলি নামকৰণ কৰিবলগা পৰিস্থিতি হ’ব পাৰে বুলি হুংকাৰ দিয়ে বিদ্যুৎ কলিতাই।

ইপিনে, অসম সাহিত্য সভাৰ এই স্থিতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্য।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় ‘অসম সাহিত্য সভা এই ভুমিকা অসমীয়া জাতিৰ বাবেই দুৰ্ভাগ্যজনক কথা। বৰ্তমান সময়ত অসম সাহিত্য সভা ৰাজনৈতিক মঞ্চত পৰিগণিত হৈছে। তেওঁলোক চৰকাৰী ৰুচিসন্মত কাম-কাজতে ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। চৰকাৰে যি মতে শ্ৰুতলিপি দিব সেই মতেই তেওঁলোকে কাম-কাজ বিলাক কৰে।‘

‘শেহতীয়া পাঁচবছৰৰ কাৰ্য্যকলাপ দেখি আমি স্তম্ভিত হৈ পৰিছো যে সাহিত্য সভা সাহিত্য সেৱাত বৰ্তী হৈ থকা নাই। সাহিত্যৰ লগত জৰিত প্ৰতিভা সম্পন্ন লোকসকলে নেতৃত্ব দিয়াৰ সুযোগ পোৱা নাই তথা সাহিত্য সভাই এক কথাত অস্তিত্বহীন হৈ পৰিছে।‘ ৰাজকুমাৰ বৈশ্যই এইদৰে কয়।

এনেদৰেই এতিয়া অসম সাহিত্য সভাৰ মৌন স্থিতিক লৈ সৰৱ হৈ পৰিছে সচেতন মহল। ছ’চিয়েল মেডিয়াতো ইয়াক লৈ জোৱাৰ উঠা পৰিলক্ষিত হৈছে।

এই সন্দৰ্ভত আমি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াক ফোনযোগে যোগাযোগ কৰি প্ৰতিক্ৰিয়া বিচৰাৰ চেষ্টা চলোৱা হৈছিল যদিও তেওঁৰ লগত সংযোগ স্থাপন সম্ভৱ নহ’ল।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd