অসম সাহিত্য সভা, এক জাতীয় অনুষ্ঠান। যাক অসমীয়া ভাষা বা জাতিটোৰে ধ্বজ্জাবাহক বুলি ক’ব পাৰি। যিকোনো সময়ত অসমৰ জাতীয় সমস্যাক লৈ মাত মাতি আহিছে অসম সাহিত্য সভাই। সেয়া লাগিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনেই হওঁক কিম্বা অসমীয়া ভাষাৰ প্ৰতি সংকট অহাৰ সময়তেই হওঁক সৰৱ হোৱা দেখিবলৈ পোৱা গৈছিল অসম সাহিত্য সভাক।
এটা সময় আছিল যিটো সময়ত অসমত কেৱল অসমীয়া ভাষাৰ আধিপত্য চলিব বুলি হুংকাৰ দিছিল অসম সাহিত্য সভাই। আনকি বেনাৰ-ফলকতো অসমীয়া ভাষাৰ পয়োভৰ ঘটাবলৈ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইংৰাজী ভাষাত লিখা বেনাৰ বা দোকানৰ ফলকত আলকাতৰা ঘঁহি সেই ঠাইত অসমীয়া ভাষা লিখিবলৈ দাবী জনাইছিল অসম সাহিত্য সভাই।
তাৰোপৰি, ইংৰাজীত ফলক লিখা বিপনী বা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানলৈ ১৫ দিনৰ ভিতৰত অসমীয়া ভাষাত লিখিবলৈ সময়সীমা বান্ধি দিছিল। সেই দাবী অনুসৰিয়েই বহুতে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰাও দেখিবলৈ পোৱা গৈছিল।
সেই সময়ত অসম সাহিত্য সভাৰ সভাপতি পদৰ দায়িত্বত আছিল বৰ্তমানৰ বিজেপিৰ ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী।
কিন্তু এতিয়া যেন জাতীয় সমস্যা এক গৌণ কৰি মৌন হৈ পৰিছে অসমীয়া ভাষা-সাহিত্যৰ ধ্বজ্জাবাহক অসম সাহিত্য সভা। পূৰ্বৰ সেই সক্ৰিয়তা হেৰুৱাই যেন নিস্তেজ হৈ পৰিছে অসম সাহিত্য সভা।
বৰাকত অসমীয়া ভাষাৰ প্ৰতি বিদ্বেষ জন্মোৱাৰ লগতে অসমীয়া হৰ্ডিং-বেনাৰত ক’লা ৰং সনা বা অসমীয়া ভাষাত লিখা চৰকাৰী বেনাৰ ফলা ইত্যাদি বহু অসমীয়া ভাষা তথা জাতিটোক কুঠাৰঘাত কৰা দুষ্কাৰ্য্য সংঘটিত হ’ল।
শেহতীয়াকৈ কালি গ্ৰেপ্তাৰ হোৱা প্ৰদীপ দত্ত ৰয়েও সুদীৰ্ঘ কাল ধৰি অসমীয়া বিদ্বেষী মন্তব্য কৰি আহিছিল। যাৰ ফলত বহু জাতীয় দল-সংগঠনে প্ৰদীপ দত্ত ৰয়ৰ গ্ৰেপ্তাৰৰ দাবী তুলি তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ লগতে বিভিন্ন থানাত এজাহাৰো দাখিল কৰা পৰিলক্ষিত হৈছিল।
কিন্তু বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ অসমীয়া বিদ্বেষী মনোভাৱৰ বিৰুদ্ধে প্ৰতিবাদ বা থানাত গোচৰ দিয়া বাদেই; সংবাদ মাধ্যমৰ জৰিয়তেও বলিষ্ঠভাৱে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে সকিয়নী দিয়া দেখিবলৈ পোৱা নগ’ল।
তাৰোপৰি, APSC পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাধ্যতামূলক নকৰাৰ বা অন্য ভাষাটো APSC পৰীক্ষা দিব পাৰিব বুলি সিদ্ধান্ত কেবিনেট বৈঠকত লোৱাৰ পাছত বিভিন্ন জাতীয় দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল। কিন্তু নীৰৱ হৈ থকা দেখিবলৈ পোৱা গ’ল অসম সাহিত্য সভাক।
অসম সাহিত্য সভাৰ এই স্থিতিক লৈ সৰৱ হৈ পৰিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদ।
এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত একত্ৰিত যুৱ পৰিষদৰ সভাপতি বিদ্যুৎ কলিতাই কয় ‘অসমৰ বিগত বহুকেইটা সমস্যাত অসম সাহিত্য সভাক মৌন হৈ থকা দেখিবলৈ পোৱা গৈছিল। ব্যাপক কা আন্দোলনৰ সময়তো অসম সাহিত্য সভা মৌন হৈ আছিল। তেতিয়াৰ সভাপতি পৰমানন্দ ৰাজবংশীয়েও মৌনতা অৱলম্বন কৰিছিল। অসমৰ জলন্ত সমস্যাৰ ক্ষেত্ৰত যদি অসম সাহিত্য সভা মৌন হৈ থাকে তেন্তে ইয়াত সম্পূৰ্ণ ৰাজনৈতিক ৰহস্যৰ গোন্ধ পোৱা যায়।‘
‘ৰাজনৈতিক ৰহস্য এইবাবেই পোৱা যায় যে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভাৰ মঞ্চখন ত্যাগ কৰিয়েই তেওঁ বিজেপিৰ পৰা টিকট লৈ চিপাঝাৰৰ বিধায়কো হ’ল। তেনে প্ৰেক্ষাপটত যদিও পৰমানন্দ ৰাজবংশীয়ে যদিও প্ৰাক্তন সভাপতি বুলি নিজকে কয় তথাপি তেওঁৰ প্ৰভুত্ব কিজানি সাহিত্য সভাত আজিও চলে।‘ পৰমানন্দ ৰাজবংশীক কটাক্ষ কৰি বিদ্যুৎ কলিতাই এইদৰে কয়।
অসম সাহিত্য সভালৈ আহ্বান জনাই বিদ্যুৎ কলিতাই কয় ‘অসম সাহিত্য সভাই অন্তত অসমীয়া জাতিৰ আৱেগ অনুভূতিত আঘাত হনা যিকোনো কামৰ বিৰুদ্ধে মাত মাতিব লাগে।‘
অন্যথা অসম সাহিত্য সভাক ‘মৌন সভা’ বুলি নামকৰণ কৰিবলগা পৰিস্থিতি হ’ব পাৰে বুলি হুংকাৰ দিয়ে বিদ্যুৎ কলিতাই।
ইপিনে, অসম সাহিত্য সভাৰ এই স্থিতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্য।
নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় ‘অসম সাহিত্য সভা এই ভুমিকা অসমীয়া জাতিৰ বাবেই দুৰ্ভাগ্যজনক কথা। বৰ্তমান সময়ত অসম সাহিত্য সভা ৰাজনৈতিক মঞ্চত পৰিগণিত হৈছে। তেওঁলোক চৰকাৰী ৰুচিসন্মত কাম-কাজতে ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। চৰকাৰে যি মতে শ্ৰুতলিপি দিব সেই মতেই তেওঁলোকে কাম-কাজ বিলাক কৰে।‘
‘শেহতীয়া পাঁচবছৰৰ কাৰ্য্যকলাপ দেখি আমি স্তম্ভিত হৈ পৰিছো যে সাহিত্য সভা সাহিত্য সেৱাত বৰ্তী হৈ থকা নাই। সাহিত্যৰ লগত জৰিত প্ৰতিভা সম্পন্ন লোকসকলে নেতৃত্ব দিয়াৰ সুযোগ পোৱা নাই তথা সাহিত্য সভাই এক কথাত অস্তিত্বহীন হৈ পৰিছে।‘ ৰাজকুমাৰ বৈশ্যই এইদৰে কয়।
এনেদৰেই এতিয়া অসম সাহিত্য সভাৰ মৌন স্থিতিক লৈ সৰৱ হৈ পৰিছে সচেতন মহল। ছ’চিয়েল মেডিয়াতো ইয়াক লৈ জোৱাৰ উঠা পৰিলক্ষিত হৈছে।
এই সন্দৰ্ভত আমি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াক ফোনযোগে যোগাযোগ কৰি প্ৰতিক্ৰিয়া বিচৰাৰ চেষ্টা চলোৱা হৈছিল যদিও তেওঁৰ লগত সংযোগ স্থাপন সম্ভৱ নহ’ল।