• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ সন্তানেই নহয় বৰাকক অসমৰ পৰা পৃথক কৰিব খোজা স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয়!

কেতিয়া অসমলৈ আহি স্বয়ম্ভু ছাত্ৰ-নেতাৰ পৰা কংগ্ৰেছ-বিজেপিলৈ বাগৰিল প্ৰদীপ দত্ত ৰয় A to Z

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 28, 2021 8:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি শুনিলে আচৰিত হ’ব বৰাকৰ বাঙালী লোকৰ অধিকাৰৰ হকে মাত মতা স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয় প্ৰকৃততে অসম তথা বৰাক উপত্যকাৰ সন্তানেই নহয়।

অথচ তেওঁ বাঙালীৰ অধিকাৰৰ হকে মাত মতাৰ চলেৰে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ বাঙালী লোকসকলৰ মাজত বিভাজনৰ বীজ সিঁচি ক্ষুদ্ৰস্বাৰ্থ পূৰণ কৰাৰ চেষ্টাত ব্ৰতী হৈ আহিছে।

চন ১৯৭১, তেতিয়া পূৱ পাকিস্তান (বাংলাদেশ) আৰু পাকিস্তানৰ বিভাজন হৈছিল। ভাষাৰ ভিত্তিত বিভাজন হৈছিল যদিও তাত ধৰ্মীয় নিৰ্য্যাতনৰ বলি হ’বলগীয়া হৈছিল হিন্দু বাঙালীসকল। সেইসময়তে বহু বাঙালী লোকে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা, পশ্চিমবংগ আৰু অসমলৈ প্ৰব্ৰজন ঘটিছিল।

এই ঘটনাৰে সম্পৰ্ক আছে বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ। কিয়নো প্ৰদীপ দত্ত ৰয়ৰ পৰিয়ালৰ সেইসময়ত ত্ৰিপুৰালৈ প্ৰব্ৰজন ঘটিছিল। তেতিয়ালৈকে প্ৰদীপ দত্ত ৰয়ৰ পৰিয়ালৰ অসম অথবা বৰাক উপত্যকাৰ সৈতে কোনো সম্পৰ্কই নাছিল।
জানিব পৰা মতে উত্তৰ ত্ৰিপুৰালৈ প্ৰথমে প্ৰব্ৰজন ঘটিছিল প্ৰদীপ দত্ত ৰয়ৰ পৰিয়ালৰ। এজন সাধাৰণ ছাত্ৰ হিচাবে উত্তৰ ত্ৰিপুৰাৰ পৰা বৰাক উপত্যকাৰ শিলচৰলৈ আহি প্ৰথমে প্ৰদীপ দত্ত ৰয়ে নাম ভৰ্তি কৰিছিল শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ত । এয়া আছিল ৭০ দশকৰ কথা।

Apply Now

তাৰ পাছতে গোজেই গঁজালি হোৱাৰলেখীয়াকৈ ছাত্ৰ আনন্দোলনৰ অচিলালৈ স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ে বৰাকত প্ৰাধান্য বিস্তাৰৰ চেষ্টা চলাইছিল।

কাছাৰ ষ্টুডেন্ট য়ুনিয়নৰ সৈতে ওতঃ প্ৰোতঃভাৱে জৰিত হৈ বাঙালী ছাত্ৰ সংগঠনক পাছলৈ নেতৃত্ব দিছিল ।
ছাত্ৰ সংগঠন কৰি থকাৰ সময়তে তেওঁ বৰাকৰ একাংশ কংগ্ৰেছ নেতাৰ সৈতে গাখীৰ মিঠৈ সম্পৰ্ক গঢ়ি তুলিছিল।
তাৰ পাছত তেওঁ কংগ্ৰেছত যোগদান দিছিল আৰু প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেবৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক কৰাৰ চেষ্টা কৰিছিল।

ইপিনে, হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ মতে সন্তোষ মোহন দেৱৰ ঘনিষ্ঠ হোৱা হেতুকে তেওঁ বৰাকত দালালী কৰা আৰম্ভ কৰিছিল। প্ৰদীপ দত্ত ৰয়ে আনকি কংগ্ৰেছৰো মুখপাত্ৰৰ দায়িত্বতো আছিল।

সঘনাই দল বাগৰা বুলি পৰিচয় থকা প্ৰদীপ দত্ত ৰয় কংগ্ৰেছ শাসনৰ পৰা যোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে। বিজেপিতো টিকট লাভ নকৰি বিজেপিৰে বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰাত তেওঁক ২০১৯ চনত বিজেপিৰ পৰাও বহিস্কাৰ কৰা হৈছিল।

তাৰ পাছতে তেওঁ বৰাক ডেম’ক্ৰেটিক ফ্ৰন্ট নামৰ এক সংগঠনৰ মুখ্য আহ্বায়কৰ দায়িত্ব লয়। তেতিয়াৰে পৰা তেওঁ অসমীয়া বিদ্বেষী বিষবাস্প বিয়পাবলৈ আৰম্ভ কৰে। স্বয়ম্ভু নেতা জনৰ এনে কাৰ্যৰ আঁৰত থকা উদ্দেশ্য ইতিমধ্যে ব্ৰহ্মপুত্ৰ তথা বৰাকত যুগ যুগ ধৰি মিলা-প্ৰীতিৰে বাস কৰি অহা বাঙালী লোকে সকলে বুজি উঠিবলৈ সক্ষম হৈছে।

ৰান্ধনীক উচতাই জোলা খাবলৈ বাসনা কৰা নেতা জনে বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজন আনিবলৈ বহু অপচেষ্টা কৰা দেখিবলৈ পোৱা গৈছিল।

আনকি শেহতীয়াকৈ তেওঁ বৰাকৰ পৰা অসমীয়া বেনাৰ-পোষ্টাৰ আঁতৰাবলৈ নিৰ্দেশ দিব পৰাৰ পৰ্য্যায় পাইছিলগৈ।

অভিযোগ অনুসৰি তেওঁৰ পৃষ্ঠপোষকতাত BDYF বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰন্টৰ কিছু সদস্যই বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী পোষ্টাৰ ফালি বা তাত ক’লা ৰং সানি ‘বাংলা লিখুন’ বুলিও লিখি দিছিল।

মুঠৰ ওপৰত অতদিনে সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থকা অসমীয়া আৰু বাঙালী ভাষীৰ মাজত সাম্প্ৰদায়িক যুঁজ লগাবলৈ বাৰম্বাৰ চেষ্টা কৰা দেখা গৈছিল এইজন কাৰাৰুদ্ধ স্বয়ম্ভু বাঙালী নেতাক। অথচ এই নেতাজনৰ শিপা অসমৰ বৰাক উপত্যকাত নহয় উত্তৰ ত্ৰিপুৰাতহে আছিল।

তেওঁ প্ৰকৃততে অসমৰ আন অঞ্লৰ কথা বাদেই দিলো বৰাক উপত্যকাৰো প্ৰকৃত বাসিন্দা নহয়।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd