• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা ‘ভাৰতীয়গিৰী’ৰ বিপৰীতে প্রকৃত ‘অসমগিৰী’ কৰকঃ  ৰাছেল হুছেইন

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 29, 2021 5:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে এক সংবাদমেলত ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে বিজেপি চৰকাৰ খনে ভুৱা ‘ভাৰতীয়গিৰী’ৰ বিপৰীতে প্রকৃত ‘অসমগিৰী’ কৰক বুলি মন্তব্য কৰি ‘ভাৰতীয়গিৰী’ৰে অসমক ইতিমধ্যেই শেষ কৰি পেলাইছে বুলি উল্লেখ কৰে।

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এখন সভাত অসমৰ যুৱ চামক ‘অসমীয়াগিৰী’ৰ ঠাইত ‘ভাৰতীয়গিৰী’ কৰাৰ বাবে আহ্বান জনাইছে। এই ‘ভাৰতীয়গিৰী’ সূচনা কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত ক’ৰোনা মহামাৰী অৰম্ভ হোৱা প্ৰাকমুহূৰ্তলৈকে অভিলেখসংখ্যক বিশ্ব ভ্ৰমণ কৰিছিল।

Apply Now

সেই সময়ত বিজেপিয়ে এই ভ্রমণক সমগ্র বিশ্ব দৰবাৰত নবেন্দ্র মোদীৰ ‘ভাৰতীয়গিৰী’ বুলি প্ৰচাৰ চলাইছিল। কিন্তু তাৎপর্যপূর্ণ কথাটো হ’ল যে আজি চুবুৰীয়া দেশবোৰৰ তুলনাত আজি ভাৰতীয় অর্থনীতি বিধ্বস্ত। মোদীৰ ‘ভাৰতীয়গিৰী’ৰ ফলত বিশ্বৰ কুমাৰ সূচাংকত ভাৰতৰ স্থান ১০১ নম্বৰলৈ অকামিত হ’ল।

দুদিন পূৰ্বে প্রকাশ পোৱা বহুমুখী দৰিদ্ৰতাৰ সূচাংকত ভাৰতৰ স্থান ৬৬ নম্বৰলৈ আৰু দুৰ্নীতিৰ সুচাংকত ভাৰত ৮২ নম্বৰলৈ অকামিত হৈছে। এয়াই নেকি বিজেপিৰ ‘ভাৰতীয়গিৰী’? গণতান্ত্রিকভাবে নির্বাচিত চৰকাৰ এখনে যেতিয়া অঞ্চল নিজৰ সফলতাৰ ঢাল-ঢোল বজাবলৈ প্ৰতিটো মুহূর্ততে যেতিয়া মিথ্যাচাৰৰ আশ্রয় লয়, তেতিয়া কেতিয়াও এটা জাতিয়ে ‘ভাৰতীয়গিৰী’ কৰাটো সম্ভৱ নহয় ।

সেইটোৱেই আমি বিগত সময়ছোৱাত দেখি আহিছোঁ। উত্তৰ প্ৰদেশৰ নয়দাত যোৱা ২৫ নৱেম্বৰত প্রায় ৩৫ হাজার কোটি টকীয়া বিমান বন্দৰৰ শিলান্যাস কৰোঁতে স্বয়ং বিজেপিৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ গোৱেলৰ সৈতে আন তিনিজন কেন্দ্রীয় মন্ত্রীয়ে বেইজিঙৰ ‘ডেস্কং আন্তর্জাতিক বিমান বন্দৰ’ৰ ফটো নয়দাৰ প্ৰস্তাবিত বিমান বন্দৰ বুলি প্ৰচাৰ চলাইছিল। এই মিথ্যাচাৰত অসমৰ সাংসদ দিলীপ শইকীয়াইও হাত উজান দিছিল।

বিজেপি শাসিত অসম চৰকাৰেও অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাত কেতিয়াও আগতে অসমীয়া ভাষাত পৰীক্ষা হোৱা নাই বুলি । মিথ্যাচাৰৰ আশ্রয় চম লৈছিল। বাস্তব কথাটো এয়াই যে ইতিপূর্বেই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত আজি কেইবাবছৰো অসমীয়া ভাষাতে পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি আহিছে।

একে সময়তে বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখনৰ পৰীক্ষা নহয় বুলি লোৱা সিদ্ধান্তই এটা কথা নিশ্চিত কৰিলে যে বিগত সময়ছোৱাত সংকুচিত হৈ অহা অসমীয়া ভাষাক এই চৰকাৰখনে দিল্লী আৰু নাগপুৰৰ নিৰ্দেশত নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। মুখ্যমন্ত্ৰীৰ এই কাৰ্যক ৰাইজৰ দলে তীব্ৰ গৰিহণা দিছে।

আনহাতে যোৱা কেইদিনমানত বৰাকত প্রদীপ দত্ত বয় নামৰ ব্যক্তিগৰাকীয়ে প্ৰদান কৰা বক্তব্য আৰু অসমীয়া ভাষাৰ হৰ্ডিং ফালি পেলোৱা ঘটনাৰ পিছত অসম চৰকাৰে দত্ত বয়ক গ্ৰেপ্তাৰ কৰা কাৰ্ষক ৰাইজৰ দলে স্বাগতম জনাইছে। কিন্তু একে সময়তে ৰাইজৰ দলে দৃঢ়তাবে বিশ্বাস কৰে যে প্ৰদীপ দত্ত বা বুলি ব্যক্তিগৰাকীয়ে চৰকাৰী পৃষ্ঠপোষকতাত এই ঘৃণা বিয়পোৱা কার্যত লিপ্ত হৈছে।

ইমান দিনে ধৰ্মৰ নামত ভাগ ভাগ কৰা ৰাজনীতিৰ অনুৰূপৰণে এইবাৰ অসমীয়া আৰু বঙালী ভাষী লোকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। একমাত্র ক্ষমতাৰ ৰাজনীতিৰ বাবে অসমীয়া সমাজখনক ধৰ্ম আৰু ভাষাৰ নামত ভাগ ভাগ কৰা ঘটনাক ৰাইজৰ দলে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

কিছুদিনত অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সভা সমিতিত বা সংবাদ মাধ্যমত ৰখা বক্তব্যবোৰ শুনি এনেকুৱা অনুভব হয়। যে মুখ্যমন্ত্ৰীয়ে শাসকীয় দলৰ ঠাইত বিৰোধী নেতা হিচাপে যেন নিজৰ বিলতাক ঢাকিবলৈ বৃথা চেষ্টা চলাইছে। ২০১৬ চনৰ পৰা অসমৰ শাসনভাৰত থকা বিজেপি চৰকাৰে প্ৰথম ৫ বছৰত প্ৰায় ৪৩ হাজাৰ কোটি টকাৰ ঋণ আৰু বৰ্তমানৰ চৰকাৰখনে ৬ মাহ সম্পূৰ্ণ নহওঁতেই ৪ হাজাৰ ৮শ কোটি টকাৰ ঋণ লোৱাৰ পাছতো সাম্প্রতিক অসমৰ দুৰৱস্থাটোক ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে বিগত চৰকাৰখনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

সৰ্বানন্দ সোণোৱাল চৰকাৰে লোকসেৱা আয়োগৰ বাধ্যতামূলক অসমীয়া ভাষাৰ কাকত বাতিল কৰা, বেংকৰ ধন আত্মসাৎ আৰু বলপূর্বক মাটি দখল কৰাৰ অভিযোগত বিগত চৰকাৰৰ দিনত জে’লৰ ভাত খোৱা ফণী তালুকদাৰক ফুলাম গামোচাৰে আদৰণি জনোৱা কাৰ্যই এই কথাকে প্রমাণ কৰে। মুখ্যমন্ত্ৰীৰ বক্তব্যত ৰাইজৰ দলে অনুভৱ কৰে যে যিকোনো প্রকাৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক বিফল বুলি প্রতিষ্ঠা কৰিবলৈ বৰ্তমানৰ চৰকাৰখনে আঘোষিত প্রতিযোগিতাত লিপ্ত হৈছে।

কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাহৰি যোৱা উচিত নহ’ব যে যোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰখনত তেখেত লোকনিৰ্মান, স্বাস্থ্য আৰু শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ কেবিনেট মন্ত্রী আছিল। কিন্তু তাৎপর্যপূর্ণভাবে তেখেতৰ অধীনৰ শিক্ষাবিভাগত আধাতে শিক্ষা শেষ কৰা (School drop out)ৰ ছাত্ৰ-ছাত্ৰীৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক, শিশুৰ পুষ্টিহীনতা, নৱজাতকৰ মৃত্যুৰ হাৰৰ সূচাংকত ভাৰতৰ ভিতৰতে অসমৰ স্থান শেষৰ ৫ খন ৰাজ্যৰ ভিতৰত পৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd