• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আটাইতকৈ কম সময়ৰ ভিতৰত ধৰ্ষণকাৰীক শাস্তি দিয়াৰ অভিলেখ গঢ়িলে বিহাৰৰ আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2021 7:19 pm
Violation of modesty
200
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ আৰাৰিয়া জিলাৰ POCSO(Protection of Children from Sexual Offences) আদালতে এগৰাকী আঠ বছৰীয়া নাবালিকাক ধৰ্ষণৰ গোচৰত মাত্ৰ এদিনতে ৰায় ঘোষণা কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

এই ৰায় দেশৰ POCSO আদালতৰ আটাইতকৈ কম সময়ৰ ভিতৰতে ঘোষণা কৰা ৰায় হিচাপে পৰিগণিত হৈছে।

অৱশ্যে ৪ অক্টোবৰতে এই ৰায় ঘোষণা কৰা হৈছিল যদিও অৰ্ডাৰ শ্বীট উপলব্ধ হোৱাৰ পিছত শুক্ৰবাৰেহে বিষয়টো পোহৰলৈ আহে।

নাবালিকা গৰাকী যোৱা ২২ জুলাইত ধৰ্ষণৰ বলি হৈছিল আৰু তাৰ পিছদিনা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল। উক্ত গোচৰটো আৰাৰিয়া মহিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতা কুমাৰীয়ে তত্বাৱধান কৰিছিল।

POCSO আদালতৰ বিশেষ ন্যায়াধীশ শশীকান্ত ৰায়ে দোষীক আজীৱন শাস্তি প্ৰদান কৰে আৰু ৫০,০০০ টকাৰ জৰিমনা আৰোপ কৰে। আদালতে ভুক্তভোগী ক্ষতিপূৰণ পুঁজিৰ পৰা ভুক্তভোগীজনক ৭ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈও নিৰ্দেশ দিয়ে।

বিহাৰ চৰকাৰৰ গৃহ বিভাগৰ অভিযোজন সঞ্চালকালয়ৰ এক প্ৰেছ টোকাত কোৱা হৈছে: “এইটো সম্ভৱতঃ প্ৰথম ঘটনা য’ত বিচাৰৰ এটা দিনতে শাস্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে মধ্য প্ৰদেশৰ দাতিয়া জিলাৰ এখন আদালতে ২০১৮ চনৰ ৮ আগষ্টত তিনি দিনৰ বিচাৰৰ পিছত এটা ৰায় প্ৰদান কৰিছিল। বিহাৰে এতিয়া দোষীক আজীৱন কাৰাদণ্ড প্ৰদান কৰি এদিনতে বিচাৰ চলাই ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।”

ৰায়ে তেওঁৰ ২০ পৃষ্ঠাৰ আদেশত কয়, “ভুক্তভোগীৰ সমগ্ৰ সাক্ষ্যবোৰ প্ৰমাণ কৰাৰ পিছত স্পষ্ট হৈছে যে তদন্তকাৰী বিষয়াই ঘটনাৰ স্থান ভালদৰে প্ৰমাণ কৰিছে আৰু তদন্তত কোনো ত্ৰুটি দেখুওৱা হোৱা নাই। প্ৰতিৰক্ষা পক্ষই ঘটনাস্থলী আৰু ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা ঠাইৰ বিষয়ে কোনো বিতৰ্ক কৰা নাছিল।”

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd