মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰীত সংঘটিত হৈছে এক বলাৎকাৰৰ ঘটনা। নামদাং কলিয়ৰী সমীপত সংঘটিত হোৱা এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ।
প্ৰাপ্ত খবৰ অনুসৰি দীপক থাপা(২৯) নামৰ ব্যক্তিজনে পত্নী নথকাৰ সুযোগ গ্ৰহণ কৰি নিজৰে খুলশালীক বলৎকাৰ কৰে।
সমগ্ৰ ঘটনা স্থানীয় মহিলা আৰু গাঁৱৰক্ষী বাহিনীৰ লোকক ভুক্তভোগী যুৱতী গৰাকীয়ে অৱগত কৰাত বিষয়টো ৰাষ্ট্ৰ হৈ পৰে।
Also Read: Jorhat lynching case: প্ৰকৃততে ক’লা ল’ৰাৰ মৃত্যু হ’ল কিদৰে! গাড়ীৰ চেপাত নে আৰক্ষীৰ গুলীত!
স্থানীয় গাঁৱৰক্ষী বাহিনীৰ খবৰ ভিত্তত মাৰ্ঘেৰিটা আৰক্ষীয়ে লম্পট দীপক থাপাক গ্ৰেপ্তাৰ কৰি আৰক্ষী থানালৈ লৈ আনে।
ইতিমধ্যেই মাৰ্ঘেৰিটা আৰক্ষী থানা গোচৰ নং ২৯০ / ২০২১ ত গোচৰ পঞ্জীয়ন কৰি লম্পট দীপক থাপাক আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
Also Read:যোৰহাট কাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু
ভিনিয়েকৰ কামনাৰ বলি খুলশালী হ’বলগা হোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি খুলশালী গৰাকীক লম্পটটোৱে অসৎ কামনা চৰিতাৰ্থ পূৰনৰ চেষ্টা কৰি আহিছিল। যুৱতীগৰাকীক আৰক্ষীৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।