• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা কৰ্মচাৰীৰ অসহযোগত অচল হৈ পৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 2, 2021 8:24 pm
Kalakhetra employees union
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কৰ্মচাৰীৰ বিভিন্ন সমস্যাৰাজিৰ প্ৰতি লক্ষ্য ৰাখি আজি বিয়লি ৫ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই নীলকান্ত ৰহাঙৰ সভাপতিত্বত আৰু উপ-সভাপতি মুকুট দাস, সাধাৰণ সম্পাদক কৱীন্দ্ৰ দাস, সঃ সম্পাদক ৰবীন পেগু, জ্যেষ্ঠ শিল্পী গুৰেণ দেউৰী আদিৰ উপস্থিতিত এখন জৰুৰী সাধাৰণ সভাৰ আয়োজন কৰে ।

উক্ত সভাত সৰ্ব সন্মতিক্ৰমে ৩ ডিচেম্বৰ (শুক্ৰবাৰ)ৰ পৰা সম্পূৰ্ণ অসহযোগ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা সিদ্ধান্ত লোৱা হয়।

উক্ত আন্দোলন পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ চলিব।

উল্লেখযোগ্য যে কৰ্মচাৰীৰ সমস্যা সন্দৰ্ভত ইতিপূৰ্বে বহুবাৰ চৰকাৰ তথা বিভিন্ন বিভাগীয় আবেদন নিবেদন কৰাৰ পাছতো , একাধিক বাৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কোনো ধৰণৰ উদ্যোগ আজিলৈকে লোৱা দেখা নগ’ল।

Apply Now

১৯৯৮ চনতে স্থাপিত এই অনুষ্ঠানৰ বহুলাংশ কাম এতিয়াও অস্থায়ী কৰ্মচাৰীসকলৰ ওপৰতে নিৰ্ভৰশীল। অথচ একেধাৰে ১০/১৫ বছৰ অস্থায়ী ৰূপে থকাৰ পাছতো তেওঁলোকক স্থায়ী মৰ্য্যদা দিব নোৱাৰাটো ৰহস্যজনক বিষয়।

এক দীঘলীয়া আন্দোলনৰ ফলশ্ৰুতিতেই ২০১৬ চনত অসম চৰকাৰে এখন আয়ুক্ত পৰ্য্যায়ৰ কমিটীৰ জৰিয়তে এই সমস্যাবোৰৰ ক্ষেত্ৰ ভিত্তিত সমাধানৰ বাবে পথ বিচৰা হৈছিল। অসম চৰকাৰৰ দ্বাৰা নিযুক্ত এছেছমেণ্ট কমিটিৰ প্ৰতিবেদনত ২০১৮ চনতে ইয়াৰ সফল সমিধান দিয়া হৈছিল।

সেই মৰ্মে ২০১৮ চনত একাংশ নিযুক্ত হয় যদিওঁ আজিকোপতি তেওঁলোকক বিভাগীয় সা- সুবিধা যেনে- গ্ৰেচুয়েটি , এল.আই.চি. পেন্সন আদি প্ৰদান কৰা নহ’ল।

আনকি কাৰিকৰী মৰ্য্যদা কাকোৱে দিয়া নহ’ল। পূৰ্বৰ পৰা প্ৰায় ২০/২১ বছৰ কৰ্ম কৰি থকা স্থায়ী কৰ্মচাৰীৰো নিয়মীয়া তথা প্ৰাপ্য পদোন্নতি আদিও দিয়া দেখা যোৱা নাই।
২০১৮ চনৰ নিযুক্তিৰ পাছত বাকী থকা কৰ্মচাৰীৰ নিযুক্তি আজিও নহ’ল। অসম চৰকাৰে নিৰ্ধাৰণ কৰা পন্থা আৰু assesment report খনক সম্পূৰ্ণ আওকাণ কৰি এতিয়া নিত্য নতুন পন্থা উলিয়াই এই যৎ সামান্য সমস্যাক এৰাই চলাহে দেখা গৈছে।
এই মৰ্মে সন্থা আৰু কৰ্তৃপক্ষৰ মাজত ইং ২৫/৯/২০২১ তাৰিখে কলাক্ষেত্ৰৰ কাৰ্য্যবাহী সমূহ সদস্যৰ উপস্থিতিত হোৱা আলোচনাতো সকলোৱে সমস্যা সমাধানৰ পক্ষে সৱল মত পোষণ কৰিছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে বাৰম্বাৰ আবেদন জনোৱাৰ পাছতো কোনো সদুত্তৰ দিয়াৰ পৰা বিৰত আছে। আনহাতে অস্থায়ী একাংশ কৰ্মচাৰীয়ে অৱসৰ লবলৈ মাত্ৰ ১/২ বছৰহে আছেগৈ। আচৰিত কথা এইয়ে যে বিভিন্ন কাৰ্যসূচীত কোটি কোটি টকা খৰচ কৰিবলৈ সক্ষম এই অনুষ্ঠানটোত সামান্য চতুৰ্থবৰ্গৰ চাকৰি প্ৰাপ্তিৰ বাবেও সুদীৰ্ঘ সময় ধৰি অস্থায়ী ভাৱে শ্ৰমদান কৰাৰ পাছতো কোনো ধৰণৰ অনুকম্পা নেদেখুৱালে ।

যাৰ ফলশ্ৰুতিত কেবাজনো কৰ্মচাৰী অস্থায়ী ৰূপতে থাকি গ’ল। অসম চুক্তিৰ ষষ্ঠ দফা অনুসৰি স্থাপিত, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম সাংস্কৃতিক অনুষ্ঠানৰ এই মজিয়াতে বিভিন্ন ৰাজ্যিক,জাতীয়, আন্তৰ্জাতিকসমুহ অনুষ্ঠান অনুস্থিত হৈ আহিছে। যাক সফল কৰিবলৈ ইয়াৰ কৰ্মচৰীসকলে অহোপুৰুষাৰ্থ কৰাৰ উদাহৰণ বহুবাৰ আছে। কিন্তু চাকিৰ তলৰ এন্ধাৰ আৰু নুগুচিল।

আনহাতে ইয়াক জাতীয় সম্পদ ৰূপে গণ্য কৰা হৈ আহিছে, যাৰ আৰ্হিলৈ আন কেবা ঠাইতো অনুৰূপ অনুষ্ঠান গঢ় দিয়া হৈছে । মূল চালিকা কেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ যদি এই অৱস্থা হয় তেন্তে আনবোৰৰ গতি কি হব সহজেই অনুমান কৰিব পাৰি।

এইমৰ্মে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই অসমৰ বুদ্ধিজীবী, সাংস্কৃতিক কর্মী, জাতীয় অনুষ্ঠান, অসম চৰকাৰ প্ৰমুখ্যে সকলোকে এই সন্দৰ্ভত জনমত গঠন কৰাৰ লগতে সহায়ৰ বাবে কাতৰে আহবান জনাইছে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই।

এইখিনিতে কৰ্মচাৰী সন্থাই অসমৰ ৰাইজৰ লগতে দৰ্শনাৰ্থীৰ ওচৰত ক্ষমা মাৰ্জনাৰে এই আন্দোলনলৈ সম্পুৰ্ণ সহযোগিতা কামনা কৰিছে ।

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাৰ দাবীসমূহ-
১)২০১৮ চনৰ assesment reportমতে সকলো নিযুক্ত কৰ্মচাৰীৰ গ্ৰেচুইটি আৰু এল, আই, চি পেঞ্চনৰ ব্যৱস্থা পূৰ্বৰ কৰ্মচাৰীৰ দৰে নিযুক্তিৰ তাৰিখৰ পৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

২) বাকী থকা সকলো অস্থায়ী কৰ্মচাৰীক স্কেল- পে্ দি স্থায়ী কৰন কৰি সকলোঁ সা-সুবিধা ৰিপৰ্টত নিৰ্ধাৰণ কৰা তাৰিখৰ পৰা দিব লাগে।

৩) পূৰ্বৰে পৰা কাৰিকৰী শাখাত কৰ্মৰত সকলো কৰ্মচাৰীকে technical grade প্ৰদান কৰি কাৰিকৰী মৰ্য্যদা দিব লাগে।

৪) পদোন্নতি পাবলগীয়া সকলো কৰ্মচাৰীক সকলো সা-সুবিধা সহ অনতিপলমে পদোন্নতি দিব লাগে।

৫) ইতিমধ্যেই বিজ্ঞাপন আৰু সাক্ষাৎকাৰ জৰিয়তে নিৰ্বাচিত কৰা ৪ জন দৈনিক হাজিৰাৰ কাৰিকৰী কৰ্মীক অনতিপলমে কলাক্ষেত্ৰ কৰ্মচাৰী ৰূপে স্বীকৃতি দিব লাগে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd