• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Northeast Now Exclusive: চৰকাৰৰ এটা ভুল নীতিৰ মাৰাত্মক ফল ভুগিব নেকি আৰক্ষীৰ লগতে মহানগৰবাসীয়ে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 5, 2021 7:28 am
WhatsApp Image 2021-12-04 at 11.52.02 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Wrong policy of the Assam Govt. পুনৰ পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ এক ভুল নীতি! যি নীতিয়ে বিশেষকৈ বিপদত পেলাব পাৰে আৰক্ষী বিভাগক! কি এই ভুল নীতি? জানিবলৈ শেষলৈকে পঢ়ক আমাৰ এই এক্সক্লুচিভ প্ৰতিবেদন।

চলিত বৰ্ষৰ ৮ চেপ্তেম্বৰ; ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু ৰাজহ বিভাগে লোৱা এক সিদ্ধান্ত অনুসৰি পশু চিকিৎসা বিভাগৰ যুটীয়া আয়ুক্তৰ কাৰ্য্যালয় চৌহদত নতুনকৈ নিৰ্মাণ হ’ব আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়। তাৰ বাবে ৰাজহ বিভাগে ইতিমধ্যে ভূমি আৱন্টন দিয়াও পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ সৌন্দৰ্য্যবৰ্ধনৰ বাবে কামাখ্যাৰ পৰা উজানবজাৰৰ ৰাজভৱনলৈকে সকলো গৃহ বা চৰকাৰী কাৰ্য্যালয় খালী কৰিবলৈ উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা দিছিল।

Also Read: কোভিডে কাঢ়ি নিলে দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক বিনোদ দুৱাৰ প্ৰাণ

সেই অনুসৰি চৰকাৰী কাৰ্য্যালয় বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত কাৰ্য্যালয়, মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়, কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়, কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালত স্থানান্তৰ কৰাৰ বাবে ইতিমধ্যে পদক্ষেপ হাতত লৈছে চৰকাৰে।

কিন্তু তাত যেন ৰৈ গ’ল এক প্ৰশ্নবোধক!

গুৱাহাটীৰ খানাপাৰাস্থিত জৈৱিক উৎপাদন প্ৰতিষ্ঠান। এইটো উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিষ্ঠান য’ত বেক্টেৰিয়েল আৰু ভাইৰেল ভেকচিন উৎপাদন কৰা হয়।

Also Read: গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী অভিজিৎ গোস্বামীৰ ৰহস্যজনক ‘আত্মহত্যা’

এনথাক্স ভেকচিনৰ উৎপাদন হয় এই গৱেষণাগাৰত। যদি কিবা কাৰণত এই বীজাণু বতাহত এৰি দিয়া হয় তেতিয়াহ’লে সংক্ৰমণ বিস্তাৰিত কৰিব পাৰে বুলি গৱেষণাত প্ৰকাশ পাইছে। 

কিন্তু এই প্ৰতিষ্ঠানৰ পৰা ৫০ মিটাৰতকৈয়ো কম দুৰত্বত আৰক্ষী আয়ুক্ত কাৰ্য্যালয় নিৰ্মাণ কৰা হ’ব।

সম্ভাৱ্য দুৰ্ঘটনামূলক পৰিস্থিতি নিয়ন্ত্ৰণ ৰণনীতিৰ পৰিকল্পনা অনুসৰি এনেধৰণৰ উৎপাদন-গৱেষণা প্ৰতিষ্ঠানৰ ভৱনৰ চৌপাশে প্ৰায় ৫০ মিটাৰ মুকলি ঠাই ৰখাৰ পোষকতা আছে। ইয়াৰোপৰি নিয়ম অনুসৰি প্ৰায় ২০০ মিটাৰ মানৰ ভিতৰত কোনো নিৰ্মাণ কাৰ্য্য চলাব নোৱাৰে।

এই সন্দৰ্ভত আমাৰ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পশু পালন আৰু চিকিৎসা বিভাগৰ যুটীয়া আয়ুক্ত ড০ শশীৰাম মালাকাৰে কয়, “অতি সংবেদনশীল প্ৰতিষ্ঠানৰ ওচৰত এনে এটা কাৰ্য্যালয় প্ৰতিষ্ঠা কৰাটো যুক্তিসংগত নহয়। কোৱা হয় চীনৰ য়ুহান চহৰৰ এটা গৱেষণাগাৰৰ পৰাই উৎপত্তি হৈছিল মাৰাত্মক কোভিড-১৯ ভাইৰাছ। যি নেকি সমগ্ৰ বিশ্বতে আজিও ত্ৰাসৰ সৃষ্টি কৰি আছে।‘’

Also Read: অসম চৰকাৰে ঘোষণা কৰিলে ২০২১ চনৰ ‘অসম সৌৰভ’ আৰু ’অসম গৌৰৱ’ বঁটা, তালিকাত কাৰ কাৰ নাম? 

এই গৱেষণাগাৰৰ পৰা বেক্টেৰিয়া বা ভাইৰাছ জনসাধাৰণৰ দেহলৈ বিয়পাৰ সম্ভাৱনা আছে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰাৰ লগতে কয় যে নীতি অনুসৰি উপযুক্ত ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰতো বাধাৰ সন্মুখীন হ’ব পশুপালন বিভাগ। যি বিশেষকৈ মহানগৰ আৰক্ষীৰ জীৱনৰ প্ৰতিও ভাবুকি আনিব পাৰে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰে।

ইপিনে, চৰকাৰলৈ আহ্বান জনাই এই স্থানৰ পৰিৱৰ্তে অন্য স্থানত আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয় স্থাপন কৰিবলৈ কয় যুটীয়া সঞ্চালকগৰাকীয়ে।

আনহাতে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰিছে উৎপাদন প্ৰতিষ্ঠানটোৰ পৰামৰ্শদাতা বিজ্ঞানী তথা মহামাৰী বিজ্ঞানী ড০ ভগৎ লাল দত্তই। তেওঁ পত্ৰৰ জৰিয়তে এই আৰক্ষী আয়ুক্ত কাৰ্য্যালয় গৱেষণাগাৰটোৰ নিচেই কাষতে স্থাপন কৰিলে সন্মুখীন হ’ব পৰা সমস্যা সন্দৰ্ভত পত্ৰত উল্লেখ কৰে।

Also Read:কথা দিলে মুখ্যমন্ত্ৰীয়ে; ৩১ ডিচেম্বৰত এটাও ল’ৰা মৰিবলৈ নিদিয়ে পথ দুৰ্ঘটনাত

তদুপৰি, আৰক্ষী আয়ুক্তালয়ৰ জৈৱ সুৰক্ষাৰ দিশৰ সম্ভাৱ্য ‘ৰিস্ক’ৰ পুৰ্বানুমান আৰু সেই ৰিস্ক প্ৰশমন ব্যৱস্থাপনাৰ বাবে বিতং অধ্যয়ন, বিশ্লেষণ আৰু পূৰ্ব পৰিকল্পনা নিশ্চিত কৰি ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

ইপিনে, এই সন্দৰ্ভত আমি মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলো যদিও তেওঁ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd