• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিন্দুত্ববাদৰ আগ্ৰাসী ৰূপ; এইবাৰ মথুৰাক লক্ষ্য কৰিছে হিন্দুত্ববাদীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2021 5:44 pm
Mathura
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অযোধ্যাৰ পাছত এইবাৰ মথুৰা। আন এটা ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ কৰিবলৈ অগ্ৰসৰ হৈছে হিন্দুত্ববাদীসকল। সেই লৈ বৰ্তমান শ্ৰীকৃষ্ণৰ জন্মভূমি হিচাপে মথুৰাত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী। জাৰি কৰা হৈছে ১৪৪ ধাৰা।

হিন্দুত্ববাদী সংগঠনসমূহে কৈছে যে যিহেতু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, সেইদৰে মথুৰাকো কৃষ্ণ জন্মভূমি হিচাপে গণ্য কৰিব লাগে। সেই অনুসৰি তেওঁলোকে মথুৰাত বাস কৰি অহা মুছলিম ধৰ্মাৱলম্বীসকলক লক্ষ্য কৰি লৈছে।

Apply Now

এইক্ষেত্ৰত অখিল ভাৰত হিন্দু মহাসভা, শ্ৰীকৃষ্ণ জন্মভূমি নিৰ্মাণ ন্যাস, নাৰায়নী সেনা আৰু শ্ৰীকৃষ্ণ মুক্তি দল নামৰ সংগঠনকেইটাই আগভাগ লৈ আছে। তেওঁলোকে দাবী কৰিছে যে মথুৰাত মুছলিমসকলৰ যিটো মছজিদ তথা শ্বাহী ঈদগাহ আছে, সেই ঠাইত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। তাত এটা মন্দিৰ আছিল বুলি সংগঠনসমূহে দাবী কৰিছে।

তেওঁলোকে দাবী কৰা মতে, মোগল সম্ৰাট ঔৰংগজেৱে মন্দিৰটো ভাঙি তাত মছজিদ নিৰ্মাণ কৰিছিল। বৰ্তমানেও মছজিদৰ কাষত এটা মন্দিৰ আছে।

সেই অনুসৰি যোৱা ১৬ নৱেম্বৰত উক্ত মছজিদটো ভাঙি শ্ৰীকৃষ্ণৰ এটা মূৰ্তি প্ৰতিষ্ঠা কৰাৰ অনুমতি বিচাৰিছিল। কিন্তু পাছলৈ তেওঁলোকে দাবীটো প্ৰত্যাহাৰ কৰে। তাৰ পাছতে সামাজিক মাধ্যমত মথুৰাক লৈ চৰ্চা আৰম্ভ হয়।

সংগঠনসমূহে মথুৰাক ‘জলভিষেক’ তথা শুদ্ধিকৰণ কৰাৰ কথা কৈছে। তেওঁলোকে কৈছে- “মথুৰা আয়েংগে, মাখন খিলায়েংগে।’’ অৰ্থাৎ মথুৰালৈ আহিম আৰু ভগৱান শ্ৰীকৃষ্ণক মাখন খুৱাম। ঠিক একেদৰে অযোধ্যাৰ ক্ষেত্ৰতো তেওঁলোকে কৈছিল- ‘ৰাম লালা হাম আয়েংগে, মন্দিৰ ৱহী বনায়েংগে’’।

উত্তৰপ্ৰদেশ চৰকাৰেও বিষয়টো লৈ ব্যস্ত হৈ পৰা দেখা গৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে যোৱা মাহত এটা বিশেষ বক্তব্য দাঙি ধৰিছিল। তেওঁ কৈছিল যে অযোধ্যাত যিদৰে কৰসেৱকসকলে মছজিদ ভাঙিছিল, ঠিক একেদৰে আন ঠাইতো এই কৰসেৱকসকল ‘কৰ সেৱা’ কৰাৰ দায়িত্ব আছে। ইয়াৰ দ্বাৰা যোগীয়ে মথুৰাৰ কথাই ইংগিত কৰিছিল বুলি ক’ব পাৰি।

শেহতীয়াকৈ উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যইও এই বিষয়ত এটা টুইট কৰিছে। মৌৰ্যই কয় যে মথুৰাত এটা কৃষ্ণ মূৰ্তি স্থাপন কৰিবলৈ চৰকাৰে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাই আছে।

শেহতীয়া ভয়াৱহ পৰিস্থিতিলৈ লক্ষ্য কৰি মথুৰাৰ ঈদগাহ ন্যাসৰ তৰফৰ পৰা সকলোকে শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ অনুৰোধ কৰিছে। ন্যাসৰ তৰফৰ পৰা কোৱা হৈছে মথুৰা হৈছে প্ৰেম আৰু সহনশীলতাৰ প্ৰতীক। শ শ বছৰ ধৰি হিন্দু আৰু মুছলিমে ভ্ৰাতৃত্ববোধেৰে মথুৰাত বাস কৰি আহিছে।

উল্লেখযোগ্য যে ১৯৯২ চনৰ আজিৰ দিনটোতে অযোধ্যাত আধুনিক ভাৰতৰ ইতিহাসত আটাইতকৈ সাম্প্ৰদায়িক ঘটনাটো সংঘটিত হৈছিল। উক্তদিনা এক লাখৰো অধিক কৰসেৱকে মোগল সম্ৰাট বাবৰে ১৫২৮ খ্ৰীষ্টাব্দত প্ৰতি্ষ্ঠা কৰা ঐতিহাসিক বাবৰী মছজিদ ধ্বংস কৰিছিল। কৰসেৱকসকলৰ স’তে তাত উপস্থিত আছিল বিজেপি নেতা লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী।

বাবৰী মছজিদ ধ্বংসৰ পাছতে অযোধ্যাত ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। ওঠৰজন মুছলিম ধৰ্মাৱলম্বী লোকে প্ৰাণ হেৰুৱায়। সমগ্ৰ দেশজুৰি এই সাম্প্ৰদায়িক উত্তেজনা বিয়পি পৰে। মুম্বাইকে ধৰি দেশৰ বহুকেইটা স্থানত হিন্দু মুছলিম সংঘৰ্ষ হয়। প্ৰায় ২০০০ জন লোকে সংঘৰ্ষত মৃত্যু হয়। হিন্দু ধৰ্মাৱলম্বী পাকিস্তান, বাংলাদেশতো ইয়াৰ প্ৰভাৱ পৰিছিল।

সেই সময়ত উত্তৰ প্ৰদেশত বিজেপি শাসনাধিষ্ঠ চৰকাৰ আছিল। মুখ্যমন্ত্ৰী কল্যাণ সিং নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু বিজেপি নেতা লালকৃষ্ণ আদৱানীয়ে ১৯৯০ চনত আৰম্ভ কৰা ৰথ যাত্ৰাই বাবৰী মছজিদ ধ্বংস সহজ কৰি তুলিছিল। ঠিক অনুৰূপধৰণে উত্তৰপ্ৰদেশত বৰ্তমান যোগী আদিত্যনাথৰ নেতৃত্বত বিজেপি চৰকাৰ চলি আছে।

আনহাতে, উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী আছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ধৰ্মীয় মেৰুকৰণ বৰ্তাই ৰাখিবলৈকে যোগী চৰকাৰে মথুৰাক লৈ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে নেকি?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd