• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিন্দুত্ববাদৰ আগ্ৰাসী ৰূপ; সাৰি নগ’ল বিদ্যালয় চৌপাশো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2021 2:57 pm
Bajrang Dal attacks Madhya Pradesh school
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনত বিজেপি নেতৃত্বাধীন চৰকাৰখনে দেশৰ শাসনভাৰ লোৱাৰ পিছতেই দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে উগ্ৰ ধৰ্মান্ধ হিন্দুত্ববাদী গোটৰ আগ্ৰাসন। এইবাৰ হিন্দুত্ববাদী সংগঠনৰ আক্ৰমণৰ পৰা সাৰি নগ’ল বিদ্যালয়ো।

খ্ৰীষ্টান মিছনেৰী প্ৰতিষ্ঠানৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক ধৰ্মান্তৰিত কৰাৰ অভিযোগ তুলি হিন্দুত্ববাদী সংগঠন বজৰং দলৰ কৰ্মীসকলে শ শ স্থানীয় লোকৰ সৈতে সোমবাৰে মধ্য প্ৰদেশৰ এখন বিদ্যালয়ত প্ৰৱেশ কৰি শিল নিক্ষেপ কৰে। এই সময়ত বিদ্যালয়খনত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ গণিত পৰীক্ষা অনুষ্ঠিত হৈ আছিল।

Apply Now

মধ্য প্ৰদেশৰ বিদিশা জিলাৰ গঞ্জ বাচোদা চহৰৰ ছেইণ্ট জোচেফ স্কুলত প্ৰায় আঠজন শিক্ষাৰ্থীক ধৰ্মান্তৰিত কৰাৰ অভিযোগ সামাজিক মাধ্যমত ভাইৰেল হৈছিল। ইয়াৰ পিছতে বজৰং দলে বিদ্যালয়ত প্ৰৱেশ কৰি আক্ৰমণ কৰে।

চি চি টিভিৰ ফুটেজত ভৱনটোৰ বাহিৰত এক বিশাল ভিৰ পৰিলক্ষিত হয়। গোটটোৱে বিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে শ্ল’গান দিয়া দেখিবলৈ পোৱা যায়। এই আক্ৰমণৰ পিছত বিদ্যালয়ত উপস্থিত শিক্ষাৰ্থী আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ একাংশই বিদ্যালয়ৰ পৰা পলায়ন কৰে।

গোটটোৱে কাঁচৰ খিৰিকীত শিল নিক্ষেপ কৰাৰ সময়ত আতংকৰ কথা উল্লেখ কৰি এজন শিক্ষাৰ্থীয়ে কয়, “আমাৰ মনোযোগ ভাঙি গৈছিল, আমি পুনৰ পৰীক্ষা অনুষ্ঠিত হোৱাটো বিচাৰো।”

বিদ্যালয়খনৰ মেনেজাৰ ব্ৰাদাৰ এণ্টনিয়ে দাবী কৰিছে যে তেওঁ এদিন আগতে স্থানীয় সংবাদ মাধ্যমৰ জৰিয়তে আক্ৰমণৰ তথ্য লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ আৰক্ষী আৰু ৰাজ্যিক প্ৰশাসনক সতৰ্ক কৰি দিছিল। তেওঁ আৰক্ষীয়ে সঠিক নিৰাপত্তা ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁ লগতে ধৰ্মান্তৰকৰণৰ দাবী অস্বীকাৰ কৰি কয় যে অভিযোগত উল্লেখ কৰা নাম কোনো শিক্ষাৰ্থীৰ সৈতে মিলা নাই।

ঘটনাটোৰ পিছত অঞ্চলটোৰ অন্যান্য মিছনেৰী বিদ্যালয়সমূহত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আৰক্ষীয়ে আক্ৰমণত জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে। উপ-বিভাগীয় দণ্ডাধীশ ৰোশন ৰায়ে কয় যে কথিত ধৰ্মান্তৰকৰণৰ তদন্ত আৰম্ভ হৈছে আৰু বিদ্যালয় পৰিচালনাক সোধা-পোছা কৰা হ’ব।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ইয়াৰ পূৰ্বে বিদিশা জিলা উপায়ুক্তলৈ পত্ৰ যোগে বিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd