• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“ডাইৰেক্ট মাৰিছে”— নাগালেণ্ড আছাম ৰাইফলছৰ গণহত্যাত প্ৰাণ ৰক্ষা পৰা এজন যুৱকে ক’লে নৃশংস আক্ৰমণৰ কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2021 3:41 pm
Nagaland killing
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ডাইৰেক্ট মাৰিছে…। তেওঁলোকে আমাক সোঁফালে গুলী চালনা কৰিছিল।”—শনিবাৰে সন্ধিয়া নাগালেণ্ডৰ মন জিলাৰ অটিং গাঁৱত আছাম ৰাইফলছৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা ২৩ বছৰীয়া শ্বেইৱাঙে সদৰী কৰিছে এই নৃশংস বৰ্বৰ হত্যাকাণ্ডৰ কথা।

কিলাকুটি আৰু বুকুত গুলীৰ আঘাতৰ পিছত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় জীৱনৰ সৈতে যুঁজ দি আছে শ্বেইৱাঙ নামৰ যুৱকজন।

Apply Now

আক্ৰমণত প্ৰাণ ৰক্ষা পৰা আন এজন আঘাতপ্ৰাপ্ত শ্ৰমিক য়েহুৱাঙো ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। কাণৰ ওচৰত গুলী লগা য়েহুৱাঙে বৰ্তমান পৰ্যন্ত মাত মাতিব পৰা অৱস্থাত নাই। মঙ্গলবাৰে সন্ধিয়া তেওঁৰ এটা জৰুৰী অক্টোপচাৰ কৰা হয়।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে ৰাজ্যসভাত এক বিবৃতিত উল্লেখ কৰিছিল যে বাহনখনক ৰ’বলৈ ইংগিত দিয়া হৈছিল আৰু পলাই যাবলৈ চেষ্টা কৰাৰ পিছত গুলীচালনা কৰা হৈছিল।

কিন্তু শ্বেইৱাঙৰ ভাষ্যত অমিত শ্বাহৰ মিথ্যাচাৰিতা ফাদিল হৈছে। শ্বেইৱাঙে কয়, “আমাক ৰ’বলৈ ইংগিত দিয়া হোৱা নাছিল। তেওঁলোকে আমাক পোনপটীয়াকৈ হত্যা কৰিছিল। আমি পলাই যাবলৈ চেষ্টা কৰা নাছিলো। আমি কেৱল বাহনখনত আছিলো।”

ঘটনাটোৰ বিষয়ে উল্লেখ কৰি শ্বেইৱাঙে কয় যে যোৱা শনিবাৰে কয়লা খনিত কাম শেষ কৰাৰ পিছত, তেওঁলোকৰ আঠজন পিক-আপ ট্ৰাকত ঘৰলৈ উভতি আহিছিল।

“হঠাতে, বাটত, আমাক গুলীচালনা কৰা হৈছিল। মোৰ মনত নাই যে ই কিমান সময় চলিছিল, কিন্তু কিছু সময়ৰ বাবে গুলীবৰ্ষণ অব্যাহত আছিল। এনেকুৱা লাগিছিল যেন বোমা বিস্ফোৰণ হৈ আছে। আনকি তেতিয়া আন্ধাৰো নাছিল, তথাপিও তেওঁলোকে আমাক গুলীয়াইছিল।” তেওঁ কয়।

গুলীবৰ্ষণ আৰম্ভ হোৱাৰ লগে লগে বাহনৰ ভিতৰত থকা শ্ৰমিক কেইজন বাহনখনৰ মজিয়াত বাগৰি পৰিছিল বুলি উল্লেখ কৰি তেওঁ কয়, “গুলীচালনাৰ মোক আন এখন বাহনলৈ লৈ যোৱা হৈছিল,” শ্বেইৱাঙে লগতে কয় যে তেওঁ তেওঁৰ ভায়েককে ধৰি আনসকলৰ মৃত্যুৰ বিষয়ে অৱগত আছিল।

সাংবাদিকে তেওঁলোকে কিবা অস্ত্ৰ কঢ়িয়াই নিছিল নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “আমাৰ হাতত একো নাছিল। আমি খনিত কাম কৰিহে উভতি আহিছিলো।”

সমগ্ৰ আক্ৰমণৰ প্ৰত্যক্ষদৰ্শী তথা ভুক্তভোগী শ শ্বেইৱাঙৰ এই মন্তব্যৰ পাছত স্পষ্টকৈ প্ৰমাণিত হৈছে আছাম ৰাইফলছৰ নৃশংসতা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মিথ্যাচাৰিতা।

কোনো দোষ নোহোৱাকৈয়ে ১৫ জনকৈ সাধাৰণ নিৰীহ জনতাৰ মৃত্যু পৰ্যন্ত হোৱাৰ পিছতো গৃহমন্ত্ৰীৰ মিথ্যাচাৰিতাই প্ৰকৃততে কি প্ৰকাশ কৰে! গণহত্যাত জড়িত সেনা বাহিনীক ৰক্ষাকৰ্তাৰ ৰূপতহে অৱতীৰ্ণ হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd