• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Malnourished Children উপায়ুক্তৰ তৎপৰতা: ধুবুৰীত পুষ্টিহীন শিশুৰ দায়িত্ব ল’ব চৰকাৰী বিভাগ-বিষয়াই

মুকেশ কুমাৰ সিং, ধুবুৰী by মুকেশ কুমাৰ সিং, ধুবুৰী
December 19, 2021 7:59 am
WhatsApp Image 2021-12-18 at 5.38.06 PM
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Malnourished Children ধুবুৰী জিলাৰ বিভিন্ন বিভাগ আৰু জিলাখনত কৰ্মৰত একাংশ বিষয়াই জিলাখনৰ পুষ্টিহীন শিশুসকলৰ দায়িত্ব লৈ তেওঁলোকক সুস্থ কৰি তুলিব৷ শনিবাৰে ধুবুৰীৰ আলোকঝাৰীত অনুষ্ঠিত জিলা উন্নয়ণ সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷

জিলা উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত ধুবুৰীৰ পুষ্টিহীন শিশুসকলৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়৷ জিলা উপায়ুক্তই লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, বন, খাদ্য আৰু অসামৰিক যোগান আদি বিভাগবোৰক পুষ্টিহীন শিশুসকলৰ দায়িত্ব গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে৷

জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱা প্ৰমুখ্যে কেবাগৰাকী বিষয়াই ব্যক্তিগতভাৱেও কেবাটিও শিশুৰ দায়িত্ব ল’ব বুলি বৈঠকত ঘোষণা কৰে৷

Apply Now

Also Read: লেখাপানীত ভয়াবহ পথ দুৰ্ঘটনাত দুই কয়লা শ্ৰমিক নিহত; আৰক্ষীয়ে ঘটনা গাপ দিয়াৰ অভিযোগ!

সমাজ কল্যাণ বিষয়াগৰাকীয়ে কয় যে জিলাখনত কৰ্মৰত বিভাগটোৰ চি ডি পি অ’ আৰু ছুপাৰভাইজৰ সকলেও নিজা উদ্যোগত কেবাটিও পুষ্টিহীন শিশুৰ দায়িত্ব গ্ৰহণ কৰিব৷

উল্লেখ্য যে ধুবুৰী জিলাত বৰ্তমান প্ৰায় ১৮০ গৰাকী পুষ্টিহীনতাত ভোগা শিশু আছে৷

শিশুসকলক সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা নিয়মীয়াকৈ ৰেচন যোগান ধৰা হয় যদিও তেওঁলোকৰ চিকিৎসা আদিৰ ক্ষেত্ৰত অভিভাৱকৰ হেমাহিৰ বাবে অসুবিধাৰ সৃষ্টি হয়৷

নিউট্ৰিছন ৰিহেবিলিটেছন কেন্দ্ৰ(এন আৰ চি)ত নিজৰ সন্তানক ৰাখিবলৈ বহু অভিভাৱকে নিবিচাৰে৷ সেয়ে এতিয়াৰে পৰা পুষ্টিহীন শিশুসকলক বিভিন্ন বিভাগ আৰু আগ্ৰহী বিষয়াসকলে ভগাই লৈ বিশেষভাৱে যত্ন ল’ব৷

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

দায়িত্ব লোৱা বিভাগ আৰু বিষয়াসকলে শিশুসকলৰ প্ৰতি কেনেধৰণৰ দায়িত্ব পালন কৰিব সেই সন্দৰ্ভত এখন এছ অ’ পি প্ৰস্তুত কৰিবলৈ শিশু ৰোগ বিশেষজ্ঞ ডাঃ তাপস মজুমদাৰক দায়িত্ব দিয়ে জিলা উপায়ুক্তই৷

পুষ্টিহীন শিশুসকলৰ বাবে পুষ্টিকৰ খাদ্যৰ উপৰিও উপযুক্ত চিকিৎসা, ফিজিঅ’থেৰাপি প্ৰদান আদি বিষয়বোৰো এছ অ’ পিত সন্নিবিষ্ট হ’ব৷ দায়িত্ব লোৱাৰ  পিছত বিভাগবোৰে শিশুসকলৰ বাবে কেনে পদক্ষেপ লৈছে সেই সন্দৰ্ভত সাপ্তাহিক প্ৰতিবেদন দিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে৷

এই বৈঠকৰ পিছতে ১৭ গৰাকী পুষ্টিহীন শিশুক পুষ্টিকৰ খাদ্য প্ৰদান কৰা হয় আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে অভিভাৱকসকলক চিকিৎসকে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰে৷

Also Read: চীনৰ ভাবুকিৰ মাজতে ভাৰতে সফলতাৰে পৰীক্ষণ কৰিলে ‘অগ্নি-পি’বেলিষ্টিক মিছাইলৰ

জিলা উন্নয়ণ সমিতিৰ বৈঠকত সকলো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়৷ বিভাগবোৰক আঁচনিবোৰৰ ৰূপায়ন খৰতকীয়া কৰিবলৈ আৰু উন্নয়ণমূলক প্ৰকল্পবোৰৰ কাম সোনকালে শেষ কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা উন্নয়ণ আয়ুক্তই নিৰ্দেশ দিয়ে৷

আঁচনি ৰূপায়নত সন্মুখীন হোৱা যিকোনো সমস্যাৰ বিষয়ে লগে লগে অৱগত কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা উন্নয়ণ আয়ুক্তই বিভাগবোৰৰ বিষয়াসকলক পৰামৰ্শ দিয়ে৷

Also Read: শিৱসাগৰত দুটাকৈ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় লোক

বৈঠকত উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জিপছি দেৱে বিভাগবোৰৰ বিষয়াসকলক হিতাধিকাৰীৰ স্বাৰ্থজড়িত সকলো আচনিৰ সবিশেষ আইন সেৱা প্ৰাধিকাৰীক নিয়মীয়াকৈ অৱগত কৰিবলৈ কয় যাতে আইনী সহায়ৰ বাবে অহা লোকসকলক তেওঁলোকে এই বিষয়ে অৱগত কৰিব পাৰে৷ 

মুকেশ কুমাৰ সিং, ধুবুৰী

মুকেশ কুমাৰ সিং, ধুবুৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd