অসমৰ প্ৰথমগৰাকী কথক নৃত্যশিল্পী, অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নৃত্য নিপুন চাৰু বৰদলৈৰ জন্ম শতবার্ষিকী উদযাপনৰ দিন ঘোষণা ।
চাৰু বৰদলৈ ফাউণ্ডেচনে গুৱাহাটী প্ৰেছ ক্লাৱত আহ্বান কৰা এক সংবাদমেলযোগে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ দিনটো অসমৰ প্ৰথমগৰাকী কথক নৃত্যশিল্পী তথা অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় (বর্তমান নাম লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়)ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নৃত্য নিপুন চাৰু বৰদলৈৰ জন্য শতবার্ষিকী উদযাপনৰ দিন হিচাপে ঘোষণা কৰে।
এই উপলক্ষে গুৱাহাটীৰ ৰবীন্দ্র ভৱনত অহা ৩১ ডিচেম্বৰ ২০২১, শুক্ৰবাৰে পুৱা ১১ বজাৰপৰা দিনৰ ১:৩০ বজালৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
অনুষ্ঠানত বহুমুখী প্রতিভাধৰ শিল্পীগৰাকীৰ আত্মজীৱনী “মাই লাইফ এণ্ড আর্ট ডিভাইন (My Life and Art Divine)ৰ প্ৰথম সংস্কৰণো উন্মোচন কৰা হ’ব।
অসমৰ সাংস্কৃতিক জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিত্ব ক্রমে- যতীন গোস্বামী (পদ্মশ্রী সন্মানেৰে বিভূষিত সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক), ড° অমিয় মোহন দাস, শ্ৰী ৰামকৃষ্ণ তালুকদাৰ (সংগীত নাটক একাডেমী বঁটা প্রাপক, বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী আৰু এগৰাকী ছাত্র), বিপুল দাস (বিশিষ্ট কথক শিল্পী), বিশিষ্ট গায়ক লোকনাথ গোস্বামীৰ লগতে, চাৰু বৰদলৈদেৱৰ বহুকেইগৰাকী প্রতিষ্ঠিত ছাত্র-ছাত্রী ক্রমে- মৰমী মেধি (বিশিষ্ট কথক শিল্পী), মিনু গগৈ (বিশিষ্ট বাঁহী বাদক), সবিতা শইকীয়া (বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী), কৰবী ভট্টাচার্য (অধ্যাপিকা, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়), অঞ্জন দাস (অধ্যাপক, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়)ৰ লগতে ৰাজ্যৰ সমাজ জীৱনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি বহুমুখী প্রতিভাধৰ শিল্পীগৰাকীৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব।
চাৰু বৰদলৈ জন্ম শতবার্ষিকী উদযাপন অনুষ্ঠানক স্মৰণীয় কৰি তুলিবলৈ ফাউঞ্চেনৰ উদ্যোগত অনলাইনযোগে কথক, সত্ৰীয়া আৰু ভাৰতনাট্যম নৃত্য প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল।
অহ্য ৩১ ডিচেম্বৰৰ অনুষ্ঠানত অন্যান্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ লগতে এই প্রতিযোগিতাসমূহৰ পুৰস্কাৰো বিতৰণ কৰা হ’ব।
অসমৰ সাংস্কৃতিক জগতৰ সমৃদ্ধিৰ বাবে নৃত্য নিপুন চাৰু বৰদলৈয়ে আগবঢ়াই যোৱা অনবদ্য অৱদান আৰু তেখেতৰ বিস্তৃত কৰ্মৰাজিৰ প্ৰচাৰ-প্ৰসাৰ তথা সংৰক্ষণৰ বাবে বিশিষ্ট শিল্পীগৰাকীৰ নাতি চিৰঞ্জীৱ বৰদলৈ আৰু পৰিয়ালৰ সদস্যসকলে গ্ৰহণ কৰা পদক্ষেপৰ নামেই হৈছে চাৰু বৰদলৈ ফাউণ্ডেচনে।
১৯২১ চনৰ ৩১ ডিচেম্বৰত গুৱাহাটীত স্বৰ্গীয় আনন্দিৰাম বৰদলৈ আৰু স্বৰ্গীয় দেববালা বৰদলৈৰ গৃহত জন্মগ্রহণ কৰা নৃত্য নিপুন চাৰু বৰদলৈয়ে অতি কম বয়সতে শাস্ত্রীয় সংগীতৰ প্ৰতি আগ্রহ দেখুৱাইছিল আৰু ঢাকাৰ ওস্তাদ হাইদৰ আলীৰ ওচৰত শাস্ত্রীয় সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিল।
মাত্র ১৪ বছৰ বয়সতে গ্রামোফোন শিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰি তেখেতে কলকাতাৰ চেনালা গ্রামোফোন কোম্পানীৰ বাবে বহুতো গীত ৰেকৰ্ড কৰিছিল। সেই গানবোৰৰ ভিতৰত কেইটিমান উল্লেখযোগ্য গান হৈছে- “গোলাপী সখীৰ আজি মন হল উচাতন”, নুবুলো তোক সোণৰ অসম (স্বর্গীয় তৰুণ হাজৰিকাৰ সৈতে একেলগে গোৱা), লুইতৰ বুকুৰ ৰূপহী মাজুলী”, ‘তোৰ নাই যে বন্ধোৱা বাট’ আদি।
এগৰাকী প্রতিষ্ঠিত গ্রামোফোন শিল্পী হিচাপে তিনি বছৰ অতিক্ৰম কৰাৰ পিছত, চাৰু বৰদলৈয়ে মঞ্চ আৰু নাটকৰ প্রথম অভিজ্ঞতা লাভ কৰে।
কলেজৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি থাকোঁতে তেখেতক প্রসিদ্ধ নাট্যকাৰ, অভিনেতা তথা পৰিচালক লক্ষ্যধৰ চৌধুৰীয়ে মার্জিয়ানাৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ দিছিল। আলিবাবাৰ সফলতাৰ পিছত স্বর্গীয় বৰদলৈদেৱে ৰাজ্যজুৰি বহুকেইখন সফল নাটকত অভিনয় কৰিছিল। অতি শীঘ্ৰেই তেখেতে চলচ্চিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ লাভ কৰে।
পৰৱৰ্তী সময়ত ১৯৪১ চনত তেওঁ প্ৰসিদ্ধ কৰি আৰু গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ দ্বাৰা পৰিচালিত আৰু প্ৰয়োজিত অসমীয়া চলচ্চিত্র ৰূপহীত অভিনয় কৰে আৰু পিছলৈ ১৯৪৭ চনত কমল নাৰায়ণ চৌধুৰী পৰিচালিত বদন বৰফুকনত আহোম স্বৰ্গদেও চন্দ্রকান্ত সিংহৰ চৰিত্ৰত অভিনয় কৰে। পিছলৈ ১৯৬১ চনত তেখেতে লাচিত বৰফুকন চিনেমাত নৃত্য পৰিচালক হিচাপেও কাম কৰে।
১৯৪৪ চনত শাস্ত্রীয় সংগীতৰ বিষয়ে অধিক শিক্ষা গ্ৰহণ কৰিবলৈ তেখেত লক্ষ্ণৌলৈ যায় আৰু বর্তমান ভাটখণ্ডে সংগীত বিদ্যাপীঠ নামেৰে জনাজাত মাৰিছ সংগীত মহাবিদ্যালয়ত নামভৰ্তি কৰে।
কিন্তু লক্ষ্ণৌৰ সেইসময়ৰ বিখ্যাত নৃত্যশিল্পীসকল যেনে- উদয়শংকৰ, ৰামগোপাল, মৃণালিনী চাৰাড়াই আৰু বিশেষকৈ দক্ষিণৰ গুৰু গোপীনাথ আৰু লক্ষণৌ কথক ঘৰানাৰ শম্ভু মহাৰাজ, জয়পুৰ ঘৰানাৰ সুন্দৰ প্ৰসাদ, নৃত্যাচার্য মোহন ৰাওৰ দৰে অন্যান্য যশস্বী শিল্পীসকলৰ ঘনিষ্ঠ সম্পৰ্কত অহাৰ পিছত তেখেতে সিদ্ধান্ত সলনি কৰি থক (KATHAK)নৃত্য চৰ্চা কৰিবলৈ মনস্থিৰ কৰে। এগৰাকী মহান নৃত্যশিল্পী হিচাপে এয়াই আছিল তেখেতৰ যাত্ৰাৰ আৰম্ভণি।
১৯৪৯ চনত তেওঁ ভাৰতনাট্যম শিকিবলৈ মাদ্ৰাজলৈ যায়। সেই সময়ত ল’ৰাই ভাৰতনাট্যম শিকাৰ কোনো প্রথা নাছিল। কিন্তু, তেখেতৰ আগ্ৰহ দেখি গুৰু গোপীনাথে তেওঁক নৃত্যৰ সূক্ষ্ম তাৎপর্য শিকাবলৈ সন্মত হৈছিল। মাদ্ৰাজত থাকোতে তেওঁক ৱেষ্টার্ণ বেলে শিকিবৰ বাবে লণ্ডনৰ ট্ৰিনিটী কলেজ অৱ মিউজিকলৈ যোৱাৰ সুযোগ দিয়া হৈছিল।
অৱশ্যে চাৰু বৰদলৈয়ে ভাৰতীয় শাস্ত্রীয় নৃত্য শিকাৰ ওপৰতে গুৰুত্ব দিয়াত মন বান্ধি প্রস্তাৱটো সবিনয়ে অস্বীকাৰ কৰিছিল।
শাস্ত্রীয় নৃত্যৰ তৃষ্ণা নিবাৰণ কৰিবলৈ স্বর্গীয় চাৰু বৰদলৈয়ে এটি বিৰতি লৈ ১৯৫২ চনত মাদ্ৰাজৰপৰা অসমলৈ বুলি ৰাওনা হৈ মাজুলীত ৩ মাহৰ বাবে সত্ৰীয়া নৃতাৰ শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৫ চনত তেখেতে ডিব্ৰুগড়ৰ চিকুমি বৰদলৈৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৫৭ চনত তেখেতে গুৱাহাটীৰ তাৰিণী চৌধুৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৃত্য আৰু সংগীত শিক্ষক হিচাপে যোগদান কৰিছিল।
পৰৱৰ্তী সময়ত ১৯৬৯ চনত, তেখেতে পত্নীৰ সৈতে ভাটখাণ্ডে সংগীত বিদ্যাপীঠত স্নাতকোত্তৰ অধ্যয়নৰ বাবে লক্ষ্ণৌলৈ যাত্ৰা কৰে য’ত তেখেতক কথকত নৃত্য নিপুন উপাধি প্ৰদান কৰা হয়। তাৰ পিছত অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় স্থাপনত আগশাৰীৰ ভূমিকা পালনেৰে তেখেতে অধ্যক্ষ পদ গ্ৰহণ কৰে আৰু ১৯৮৩ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে।
ইয়াৰোপৰি, নৃত্য নিপুন চাৰু বৰদলৈয়ে অসম শাস্ত্রীয় সংগীত সংস্থা প্রতিষ্ঠা কৰিছিল আৰু শাস্ত্রীয় সংগীত তথা নৃত্যৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে জন্ম হোৱা সদৌ অসম সংগীত সন্মিলনৰ অন্যতম প্রতিষ্ঠাপক আছিল। পৰৱৰ্তী প্ৰজন্মৰ শিল্পীসকলক প্রশিক্ষণ দিবলৈ তেখেতে অসমৰ অন্যতম প্ৰাৰম্ভিক নৃত্য বিদ্যালয় নর্তন নিকেতন স্থাপন কৰিছিল। নৰ্তন কলা মঞ্জুৰী নামৰ নৃত্য বিষয়ক তেখেতৰ কিতাপখনে আজিও নৃত্যৰ শিক্ষার্থীসকলক পথ প্ৰদৰ্শন কৰি আহিছে। ইয়াক এতিয়াও ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পাঠ্যপুথি হিচাপে ব্যৱহাৰ কৰা হয়।
এইগৰাকী কিংবদন্তী শিল্পীয়ে ১৯৯০ চনৰ ২ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে।