• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 5:34 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৮ এপ্ৰিলত কাৰ্যকৰী হোৱা যুদ্ধবিৰতি ভংগ কৰি সোমবাৰে পুনৰ ইজৰাইল আৰু ইৰাণৰ মাজত মিছাইল আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই সাম্প্ৰতিক সংঘাতৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণত থকা ভাৰতীয় দূতাবাসে সোমবাৰে ভাৰতীয় নাগৰিকসকলক উপলব্ধ যিকোনো ব্যৱস্থাৰে দেশখন ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে আৰু তালৈ ভ্ৰমণ নকৰিবলৈ পূৰ্বৰ নিৰ্দেশনা পুনৰাবৃত্তি কৰিছে। সমান্তৰালভাৱে, ইজৰাইলত থকা ভাৰতীয় দূতাবাসৰ ফালৰ পৰাও নাগৰিকসকলক অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ, স্থানীয় বাতৰিৰ ওপৰত চকু ৰাখিবলৈ আৰু ইজৰাইল কৰ্তৃপক্ষৰ সুৰক্ষা নিৰ্দেশনাৱলী কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনোৱা হৈছে।

সোমবাৰে ইৰাণত ইজৰাইলৰ দ্বিতীয় লানি আক্ৰমণৰ মাজতেই ভাৰতীয় কূটনৈতিক নিয়ন্ত্ৰণ কক্ষৰ পৰা এই সতৰ্কবাণী জাৰি কৰা হয়। বাতৰি সংস্থা এ এফ পিৰ সূত্ৰ অনুসৰি, ইৰাণৰ ৰাজধানী তেহৰাণৰ মধ্যভাগত এক বৃহৎ বিস্ফোৰণৰ শব্দ শুনা গৈছিল আৰু ইয়াৰ পাছতেই ধাৰাবাহিকভাৱে কেইবাটাও বিস্ফোৰণ ঘটে যিবোৰ ইৰাণৰ আকাশমাৰ্গ প্ৰতিৰক্ষা ব্যৱস্থাৰ পৰা হোৱা বুলি ধাৰণা কৰা হৈছে। ইৰাণৰ চৰকাৰী বাতৰি সংস্থা মেহৰে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ সামৰিক বাহিনীয়ে তেহৰাণৰ আকাশত এখন শত্ৰুৰ ড্ৰোন ধ্বংস কৰিবলৈ সক্ষম হয়। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেহৰাণৰ মেহৰাবাদ আৰু কেৰমানশ্বাহ বিমান বন্দৰৰ সকলো বিমানৰ উৰণ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাতিল কৰা বুলি আল জাজিৰাই প্ৰকাশ কৰিছে।

Apply Now

এই দ্বিতীয় লানি আক্ৰমণৰ কেইঘণ্টামানৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইজৰাইল আৰু ইৰাণক তাৎক্ষণিকভাৱে গুলীচালনা বন্ধ কৰিবলৈ আহ্বান জনায়। পৰৱৰ্তী সময়ত তেওঁ স্পষ্ট কৰে যে দুয়োপক্ষই এক তাৎক্ষণিক যুদ্ধবিৰতিৰ দিশে অগ্ৰসৰ হৈছে আৰু চূড়ান্ত আলোচনা অব্যাহত আছে। তেওঁ লগতে উল্লেখ কৰে যে ইৰাণৰ বন্দৰসমূহত আমেৰিকাৰ সামৰিক বাহিনীয়ে আৰোপ কৰা অৱৰোধ এক চূড়ান্ত চুক্তি নোহোৱা পৰ্যন্ত বাহাল থাকিব। ইয়াৰ পূৰ্বে ট্ৰাম্পে প্ৰকাশ কৰিছিল যে এই নতুন আক্ৰমণে তেহৰাণৰ সৈতে চলি থকা শান্তি আলোচনাত কোনো প্ৰভাৱ নেপেলায় আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এই ক্ষেত্ৰত একতৰ্ফা সিদ্ধান্ত ল’ব নোৱাৰে।

ইজৰাইলে প্ৰকাশ কৰা অনুসৰি, ইৰাণে দেশখনৰ ওপৰত চলোৱা মিছাইল আক্ৰমণৰ প্ৰত্যুত্তৰত সোমবাৰে পুৱাৰ ভাগত তেওঁলোকে ইৰাণৰ পশ্চিম আৰু মধ্য অংশৰ সামৰিক লক্ষ্যস্থানসমূহত আক্ৰমণ চলায়। আমেৰিকাৰ আহ্বান স্বত্বেও দেওবাৰে ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ প্ৰান্ততো আক্ৰমণ সংঘটিত কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত ইৰাণে প্ৰত্যুত্তৰ দিয়াৰ সকিয়নি দিছিল। ইজৰাইলৰ দাবী অনুসৰি দেওবাৰে ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী গোট হিজবুল্লাই উত্তৰ ইজৰাইলত আক্ৰমণ চলোৱাৰ সমান্তৰালকৈ য়েমেনৰ ফালৰ পৰা অহা আন এক মিছাইল ইজৰাইলে আকাশতে ধ্বংস কৰে। উল্লেখযোগ্য যে ৩ জুনত ইজৰাইল আৰু লেবাননে যুদ্ধবিৰতি নবীকৰণৰ বাবে এক চুক্তিত সন্মত হৈছিল যদিও লেবানন চৰকাৰৰ অংশ নোহোৱা হিজবুল্লাই এই চুক্তি প্ৰত্যাখ্যান কৰিছিল।

স্মৰ্তব্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ পৰা ইজৰাইললৈ অস্তিত্বৰ সংকট নামি অহা বুলি দাবী কৰি আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত যুটীয়াভাৱে আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰত্যুত্তৰত ইৰাণেও উপসাগৰীয় দেশসমূহৰ প্ৰধান চহৰ আৰু জাহাজৰ লগতে ইজৰাইল আৰু আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ কৰিছিল আৰু হৰমুজ প্ৰণালী অৱৰোধ কৰি গোলকীয় শক্তি সংকটৰ সৃষ্টি কৰিছিল। যোৱা ১২ এপ্ৰিলত পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত ইৰাণ আৰু আমেৰিকাৰ মাজৰ শান্তি আলোচনা ব্যৰ্থ হোৱাৰ পাছতো অঞ্চলটোত যুদ্ধবিৰতি অটুট আছিল যদিও সোমবাৰৰ এই শেহতীয়া আক্ৰমণ-প্ৰত্যাক্ৰমণে পৰিস্থিতি পুনৰ অস্থিৰ কৰি তুলিছে আৰু ইয়াৰ পৰৱৰ্তী প্ৰভাৱৰ প্ৰতি সমগ্ৰ বিশ্বই দৃষ্টি নিৱদ্ধ ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন বন্ধ

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026 9:02 am
যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

July 23, 2026 8:50 am
সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন বন্ধ

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026 9:02 am
যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

July 23, 2026 8:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd