• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ বাবে নতুন ১২ কোটি টকীয়া বাহন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2021 7:19 pm
Modi`s new car
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন কাপোৰ, নতুন গাড়ী, নতুন ভ্ৰমণ- এইসমূহক লৈ চৌখিন আমাৰ প্ৰধানমন্ত্ৰী। নিজৰ জীৱনৰ প্ৰতি সুৰক্ষাবোধো প্ৰচুৰ পৰিমাণে আছে তেওঁৰ। সুৰক্ষিত হৈ থাকিলে স্বাচ্ছন্দ্য অনুভৱ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

শেহতীয়াকৈ দুখনকৈ নতুন গাড়ী কিনিছে তেওঁ। মাৰ্চিডিজ মে’ বাখ এছ৬৫০ গাৰ্ড চিৰিজৰ গাড়ী দুখনৰ দাম প্ৰায় ১২ কোটি টকা বুলি জানিব পৰা গৈছে। অৰ্থাৎ মুঠ ২৪ কোটি টকা খৰচ কৰা হৈছে গাড়ী দুখনৰ নামত।

Apply Now

এখন গাড়ী মোদীয়ে ব্যৱহাৰ কৰিব আৰু আনখন গেৰেজত সজাই থবলৈ অনা হৈছে। গাড়ীখন কিনি উৎসাহৰ অন্ত নাই প্ৰধানমন্ত্ৰীৰ। শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰতলৈ আহিছিল। পুটিনক অভ্যৰ্থনা জনাবলৈ দিল্লীৰ হায়দৰাবাদ হাউচলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। তেতিয়াই তেওঁৰ নতুন গাড়ীখন দেখা পোৱা গৈছিল।

অত্যাধুনিক প্ৰযুক্তিৰ গাড়ীখন ক’লা ৰঙৰ। গ্লাচসমূহো ক’লা ৰঙৰ। জানিব পৰা মতে, এই নতুন গাড়ীখনে প্ৰধানমন্ত্ৰী মোদীয়ে বিচৰাধৰণে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব। গাড়ীখনৰ আটাইতকৈ ডাঙৰ গুণটো হৈছ যিকোনোধৰণৰ গুলী এই গাড়ীখনে প্ৰতিহত কৰিব পাৰে।

আনকি একে ৪৭ ৰাইফলৰ গুলীও প্ৰতিহত কৰিব এই বাহনখনে। বোমা বিস্ফোৰণ হ’লেও নিৰ্বিঘ্নে বাচি যাব প্ৰধানমন্ত্ৰী মোদী। দুই মিটাৰ দূৰত্বত যদি ১৫ কেজিৰ বোমা বিস্ফোৰণ হয়, তথাপিতো কোনো ক্ষয় ক্ষতি নহয় এই গাড়ীখন। অত্যাধুনিক প্ৰযুক্তিৰ গাড়ীখন প্ৰস্তুত কৰা হৈছে তেনেদৰেই।

ৰাতিৰ আন্ধাৰত দূৰৰ বস্তুও সহজেই চিনাক্ত কৰি ল’ব পাৰে গাড়ীখনে। ডাঙৰ দুৰ্ঘটনাৰ পৰা বাচিবলৈও সুন্দৰ ব্যৱস্থা কৰা হৈছে। গাড়ীৰ পাছফাল আছে এয়াৰবেগ সুৰক্ষা। আনকি চিট বেল্টডালে যাতে বুকুৰ ওপৰত অতিৰিক্ত হেচা নিদিয়ে, তাৰ বাবেও বেল্টৰ ভিতৰত এয়াৰবেগৰ ব্যৱস্থা কৰা হৈছে।

গাড়ীখন অতি দ্ৰুতগতিত চলাব পাৰি যদিও নিৰাপত্তাৰ কথা ভাবি ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত চলোৱা হ’ব। তদুপৰি গাড়ীখনৰ টায়াৰো পাংচাৰ নহয়। কাৰণ চাৰিওটা চকাই হৈছে ফ্লেট টায়াৰৰ। সাধাৰণতে উন্নত দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলে এই গাড়ীখন ব্যৱহাৰ কৰি আহিছে। নিৰাপত্তাৰ ক্ষেত্ৰত এই গাড়ীখনইে আটাইতকৈ উৎকৃষ্ট বুলি বিবেচনা কৰা হয়।

মোদীৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ দিনত তেওঁৰ বাবে কোনো বিশেষ গাড়ী নতুনকৈ ক্ৰয় কৰা হোৱা নাছিল। ভাৰতৰ উদাৰবাদী অৰ্থনীতিৰ পিতৃপুৰুষস্বৰূপ ডঃ সিঙে ব্যৱহাৰ কৰিছিল তেওঁৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিএমডব্লি চেভেন চিৰিজৰ গাড়ীখন।

২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ পাছতেই বাজপেয়ী এই সুৰক্ষিত গাড়ীখনত ঘূৰা পকা কৰিছিল। সেইখন গাড়ীকে দুটাকৈ কাৰ্যকালত ব্যৱহাৰ কৰিছিল ডঃ সিঙে। বিএমডব্লিউৰ উচ্চ নিৰাপত্তাযুক্ত গাড়ীসমূহৰ ভিতৰত এই চেভেন চিৰিজটো আছিল অন্যতম।

কিন্তু ডঃ সিঙৰ দৰে নহয় প্ৰধানমন্ত্ৰী মোদী। মোদী এজন চৌখিন লোক। গুজৰাটৰ মুখ্যমন্ত্ৰীত্বৰ কালৰ পৰাই নিজৰ গাড়ীক লৈ সচেতন তেওঁ। মুখ্যমন্ত্ৰী হৈয়েই তওেঁ বুলেটপ্ৰুফ মহিন্দ্ৰা স্কৰ্পিঅি’ত ঘূৰা ফুৰা কৰিছিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত সেইখন বাদ দিয়ে। পূৰ্বৰ প্ৰধানমন্ত্ৰী দুজনে ব্যৱহাৰ কৰা বিএমডব্লিউৰ চেভেন চিৰিজত ঘূৰা পকা কৰে তেওঁ। কিন্তু সেইখনক লৈ সন্তুষ্ট নহ’ল তেওঁ। প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত বিএমডব্লিউখনৰ উপৰিও আৰু দুবাৰ গাড়ী কিনে প্ৰধানমন্ত্ৰী মোদীয়ে। কিনে ৰেঞ্জ ৰোভাৰ ভ’গ আৰু টয়’টা লেণ্ড ক্ৰুইজাৰ নামৰ দুখন বিলাসী গাড়ী।

উল্লেখযোগ্য যে বিগত কিছু বৰ্ষৰ পৰা ভাৰতৰ নিৰাপত্তা ব্যৱস্থা অতি ভয়ানক হৈ পৰিছে। ইছলামিক উগ্ৰপন্থী, নক্সালপন্থীৰ উপৰিও খালিস্তানীসকলেও পুনৰ মূৰ দাঙি উঠিছে বুলি দেশৰ সংবাদ মাধ্যমসমূহে কৈ আহিছে। এনেধৰণৰ নিৰাপত্তাহীন পৰিৱশ এটাত দেশত সুৰক্ষিত অনুভৱ কৰা নাই প্ৰধানমন্তী মোদীয়ে। সেয়ে অতি উচ্চ প্ৰযুক্তিৰ নিৰাপদ গাড়ীয়েই ক্ৰয় কৰা হৈছে প্ৰধানমন্ত্ৰীৰ বিশেষ সুৰক্ষা বাহিনী তথা এচপিজিৰ জৰিয়তে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd