• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উভতি চাওঁ,২০২১ : কি পালো, কি হেৰুৱালো?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 31, 2021 2:52 pm
228
VIEWS
Share on FacebookShare on Twitter

বিদায় বেলাত ২০২১ চন। মাজত মাত্ৰ কেইটামান মূহুৰ্ত বাকী। শেষ হ’ব বছৰটো। নতুন বতৰা লৈ আহিব এটা নতুন বছৰ।
বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হ’ল বিদায় ল’বলগীয়া ২০২১ বৰ্ষটো। বহু পাহৰিব নোৱাৰা কথাৰে সমৃদ্ধ হ’ল বছৰটো। আহকচোন যোৱা এটা বছৰত কি কি উল্লেখনীয় ঘটনা ঘটিল এবাৰ উভতি চাওঁ।
জানুৱাৰী
২ জানুৱাৰী: ভাৰতে ক’ৰ’ণা ভাইৰাছৰ প্ৰতিষেধক হিচাপে দুবিধ ভেকচিনক অনুমোদন কৰে। ভেকচিন দুবিধ ক্ৰমে- ভাৰত বায়’টেকৰ “Covaxin” আৰু Oxford/AstraZeneca- ই উৎপাদন কৰা Covaxin।
১২ জানুৱাৰী : বিজেপি চৰকাৰে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত প্ৰণয়ন কৰা তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত চলি থকা আন্দোলনৰ মাজতেই আইন তিনিখন বলৱতৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ।
১৬ জানুৱাৰী: ভাৰত চৰকাৰে COVID19 প্ৰতিৰোধৰ বাবে দেশজুৰি টিকাকৰণ অভিযান আৰম্ভ কৰে। প্ৰাৰম্ভিক অৱস্থাত চৰকাৰে ভাৰত বায়’টেকে প্ৰস্তুত কৰা “Covishield” ভেকচিন প্ৰদান কৰে।
১৬ জানুৱাৰী: সংবাদ মাধ্যমত প্ৰকাশ পোৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু Broadcast Audience Research Council ৰ প্ৰাক্তন CEO পাৰ্থ দাশগুপ্তৰ মাজত হোৱা ৫০০ পৃষ্ঠাৰ হোৱাটচ এপ চাটৰ প্ৰতিলিপিয়ে দেশজুৰি খলকনি তুলিছিল। এই হোৱাটচ এচ চাটত ২০১৯ৰ বালাকোট ষ্ট্ৰাইক আৰু পুলৱামা আক্ৰমণৰ বহু অতি গোপনীয় কথা অৰ্ণৱ গোস্বামীয়ে জনাটো প্ৰকাশ পাইছিল। লগতে নৱিকা কুমাৰ, কংগনা ৰাণাৱট আদি প্ৰমুখ্যে কেইবাজনো ৰাজনৈতিক কৰ্মী, বিৰোধী নেতা, সংবাদকৰ্মী আৰু চেলিব্ৰেটিক উদ্দেশ্যি অৰ্ণৱ গোস্বামীয়ে কৰা অপমানসূচক মন্তব্য পোহৰলৈ আহিছিল।
২০ জানুৱাৰী: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জ’ বাইডেনে কাৰ্যভাৰ গ্ৰহণ কৰে।
২৬ জানুৱাৰী: বিজেপি চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইনৰ বিৰোধিতাৰে ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই দিল্লীৰ সীমান্তত প্ৰতিবাদৰত হাজাৰ হাজাৰ কৃষকৰ লালকিল্লা অভিমুখে ট্ৰেক্টৰ ৰেলী। গণৰাজ্য দিৱসৰ দিনাই কৃষকৰ প্ৰতিবাদে ৰাজধানী দিল্লীত এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদী কৃষকে লালকিল্লাৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ মাজতেই দীপ সিধু নামৰ এজন অভিনেতাই লালকিল্লাত শিখ সকলৰ ধৰ্মীায় পতাকা উত্তোলন কৰিছিল। উল্লেখ্য যে, দ্বীপ সিধুৱে বিগত দিনত বিজেপিৰ হৈ কাম কৰি আহিছিল, আনকি ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত গুৰদাসপুৰ সমষ্টিৰ বিজেপি সাংসদ চানী ডেউলৰ হৈ কেম্পেইন চলাইছিল।

ফেব্ৰুৱাৰী
৭ ফেব্ৰুৱাৰী: উত্তৰাখণ্ডৰ চামলী জিলাত ভয়াৱহ বানপানী। আকস্মিকভাৱে হোৱা এই বানপানীত ৮৩ গৰাকী লোকৰ মত্যু আৰু ১২০ জনৰো অধিক লোক সন্ধানহীন হয়। হিমালয়ত হোৱা বৃহত হিমস্খলনৰ ফলত এই বানপানী হৈছিল।
৯ ফেব্ৰুৱাৰী: কোভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ উৎস সম্পৰ্কে বিশ্ব স্বাস্থ্য সংস্থা আৰু চীনে চলোৱা যুটীয়া অনুসন্ধান সমাপ্ত হয়। অনুসন্ধানকাৰীসকলে উহান পৰীক্ষাগাৰৰ পৰা ভাইৰাছ লিক হোৱাটো “অত্যন্ত অসম্ভৱ” বুলি গণ্য কৰে।

১৩ ফেব্ৰুৱাৰী: যুৱ জলবায়ু পৰিৱৰ্তন কৰ্মী দিশা ৰৱিক দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ৰবিয়ে ২০২০-২০২১ বৰ্ষৰ কৃষক বিদ্ৰোহ সম্পৰ্কে চুইডিছ পৰিবেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ এটা টুলকিটৰ সম্পাদনা আৰু প্ৰচাৰ কৰা বুলি অভিযোগ কৰিছিল।

২৪ ফেব্ৰুৱাৰী: গুজৰাটৰ আহমেদাবাদত থকা ১,৩২,০০০ খন আসনযুক্ত বিশ্বৰ সৰ্ববৃহত মটেৰা ক্ৰীকেট ষ্টেডিয়ামক নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হিচাপে নতুনকৈ নামকৰণ।

২৬ ফেব্ৰুৱাৰী: ভাৰতৰ নিৰ্বাচন আয়োগে অসম, পশ্চিমবংগ, তামিলনাডু, কেৰেলা আৰু পুডুচেৰিত বিধানসভা নিৰ্বাচন ঘোষণা কৰে।

মাৰ্চ
২৬ মাৰ্চ: মুম্বাইৰ ভন্দুপৰ এখন ক’ভিড হস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ১০ গৰাকী লোকৰ মৃত্যু হয়।
২৭ মাৰ্চ: অসম বিধান সভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হয়। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মুঠ ৪৭ টা সমষ্টিৰ ভোটগ্ৰহণ হয়।

এপ্ৰিল
১ এপ্ৰিল: অসম বিধান সভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হয়। দ্বিতীয় পৰ্যায়ত মুঠ ৩৯ টা সমষ্টিৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।
৩ এপ্ৰিল: ছট্টিচগড়ৰ চুকমা জিলাত নিৰাপত্তাৰক্ষীৰ ওপৰত নক্সালবাদীৰ ভয়ংকৰ এম্বুছৰ ঘটনা সংঘটিত হয়। এই ঘটনা ২২ গৰাকী নিৰাপত্তাৰক্ষী জোৱান নিহত আৰু ৩২ গৰাকী আহত হয়।
৬ এপ্ৰিল: : অসম বিধান সভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হয়। তৃতীয় পৰ্যায়ত মুঠ ৪০ টা সমষ্টিৰ ভোটাৰে ভোটদান কৰে।
১৩ এপ্ৰিল: মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে আফগানিস্তানৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰে।
১৮ এপ্ৰিল: অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী বৰ্ষীয়ান কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মণৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ।
২৪ এপ্ৰিল: দিল্লীৰ জয়পুৰ গোল্ডেন হস্পিতালত অক্সিজেনৰ অভাৱত ২৫ গৰাকী কভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হয়।
২৮ এপ্ৰিল: ৬.০৪ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ এটা ভূমিকম্পই অসমৰ লগতে চুবুৰীয়া ৰাজ্য তথা দেশসমূহক জোকাৰি যায়। পুৱা ৭ বাজি ৫১ মিনিটত অনুভূত হোৱা এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলাৰ ঢেকিয়াজুলীৰ পৰা ১১ কিমি. নিলগত।

মে’
১ মে’: আফগানিস্তানত তালিবানৰ আক্ৰমণ আৰম্ভ হয়। এই যুদ্ধ ক্ৰমন্বয়ে অতি ভয়াৱহ ৰূপ ল’বলৈ ধৰে।
২ মে’: অসমকে ধৰি পাঁচ ৰাজ্যত হোৱা বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনা হয়। সেই অনুসৰি অসমত বিজেপি-অগপ-ইউ পি পি এল মিত্ৰজোঁট, পশ্চিমবংগত তৃণমূল কংগ্ৰেছ, তামিলনাডুত ডি এম কে, কেৰালাত বাও গণতান্ত্ৰিক মৰ্চা আৰু পুডুচেৰিত AINRC-BJP মৰ্চাই জয়লাভ কৰে।
৪ মে’: পশ্চিমবংগৰ নিৰ্বাচন কেন্দ্ৰীক হিংসাক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবে টুইটাৰে অভিনেত্ৰী কংগনা ৰাণাৱটৰ একাউন্ট চিৰদিনৰ বাবে বন্ধ কৰি দিয়ে।
১০ মে’: ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পঞ্চদশ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল জগদীশ মুখীয়ে তেওঁক পদ আৰু গোপনীয়তাৰ শপত দিয়ে।
১৫ মে’: সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)-এ বিবৃতি প্ৰেৰণ কৰি তিনিমাহৰ বাবে একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰে। এই যুদ্ধ বিৰতিৰ সময় পাছলৈ পুনৰ বৃদ্ধি কৰে আৰু বৰ্তমানলৈ অব্যাহত আছে।
জুন

১৭ জুন- এই দিনটোত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক নেতৃত্ব প্ৰদান কৰি তিহাৰ জেলত আৱদ্ধ হৈ থকা ছাত্ৰী নতাশা নৰৱাল আৰু দেৱাংগনা কলিতাক দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। ২০২০ চনৰ মে মাহৰ পৰা তিহাৰ জেলত আবদ্ধ হৈ আছিল তেওঁলোক।

১৮ জুন: উৰন্ত শিখ হিচাপে পৰিচিত কিংবদন্তি খেলুৱৈ মিখা সিঙৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হয় ৯১ বছৰ।

জুলাই
৭ জুলাই: বলিউদৰ খ্যাতনামা অভিনেতা তথা চলচ্চিত্ৰ প্ৰযোজক দিলিপ কুমাৰৰ ৯৮ বছৰ বয়সত দেহাৱসান ঘটে।
১৬ জুলাই: আফগানিস্তানত কৰ্মৰত অৱস্থাত পুলিত্জাৰ বঁটা প্ৰাপক ভাৰতীয় ফটো সাংবাদিক দানিছ চিদ্দিকিৰ হত্যাকাণ্ড সংঘটিত হয়। Afghan Special Forces আৰু তালিবানৰ সংঘাতৰ মাজতেই এই ঘটনা সংঘটিত হৈছিল।
১৮ জুলাই- এই দিনটোতে পেগাছাছ কাণ্ডৰ কথা পোহৰলৈ আহিছিল। ইজৰাইলৰ NSO গ্ৰুপে ৩০০ গৰাকী ভাৰতীয়ৰ ব্যক্তিগত তথ্য ফাদিল কৰিছিল। ইয়াৰ ভিতৰত আছে ৪০ গৰাকী সাংবাদিক, বিৰোধী ৰাজনীতিক, উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ, মোডী মন্ত্ৰীসভাৰ দুগৰাকী মন্ত্ৰী আদি।

২৪ জুলাই- টকিঅ’ অলিম্পিকত মণিপুৰৰ চাইখোম মীৰাবাই চানুৱে ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰিছিল।

২৬ জুলাই- কাছাৰ জিলাত মিজোৰাম পুলিচ আৰু অসম পুলিচৰ মাজত হোৱা সংঘৰ্ষত ৫জন অসম পুলিচৰ জোৱান নিহত হৈছিল।

আগষ্ট

১ আগষ্ট- টকিঅ’ অলিম্পিকত বেডমিণ্টনত পি ভি সিন্ধুৰ ব্ৰঞ্জৰ পদক লাভ।

৪ আগষ্ট- অসম কন্যা লাভলীনা বৰগোঁহাইৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন।

৫ আগষ্ট
ভাৰতীয় পুৰুষ হকী দলৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ।
ভাৰতীয় মল্লযুঁজাৰু ৰবি কুমাৰ দহিয়াৰ ৰূপৰ পদক লাভ টকিঅ’ অলিম্পিকত।

৬ আগষ্ট
ৰাজীৱ গান্ধী খেলৰত্ন বঁটাক মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা হিচাপে নতুনকৈ নামকৰণ কৰে মোদী চৰকাৰে।

৭ আগষ্ট
টকিঅ’ অলিম্পিকত ভাৰতীয় এথলীট নিৰজ চোপ্ৰাৰ জেভলিন থ্ৰোত সোণৰ পদক আৰু মল্লযুঁজত বজৰং পুনিয়াৰ ব্ৰঞ্জৰ পদক লাভ।
১৫ আগষ্ট: কেইবামাহ ধৰি অতি সন্ত্ৰাসজৰ্জৰ পৰিবেশ অব্যাহত থকাৰ পাছত তালিবানৰ নিয়ন্ত্ৰণাধীন হয় আফগানিস্তানৰ ৰাজধানী কাবুল। তালিবানে কাবুলস্থিত আফগানিস্তানৰ প্ৰেচিডেন্ট পেলেচ দখল কৰে। তালিবানৰ ওচৰত আফগান চৰকাৰে আত্মসমৰ্পন কৰিবলৈ বাধ্য হয়।
২৬ আগষ্ট: আফগানিস্তানৰ হামিদ কাৰজাই আন্তৰ্জাতিক বিমান বন্দৰত আত্মঘাটি বোমা বিষ্ফোৰণ সংঘটিত হয়। নিহত হয় ১৮৩ গৰাকী লোকৰ, ইয়াৰে ১৭০ গৰাকী আফগান নাগৰিক আৰু ১৩ গৰাকী আছিল United States military ৰ বিষয়া-জোৱান।

ছেপ্টেম্বৰ
১১ ছেপ্টেম্বৰ: গুজৰাটৰ মুখ্য মন্ত্ৰী পদৰ পৰা বিজয় ৰূপাণীৰ পদত্যাগ। ৰূপানীৰ পদত্যাগক লৈ দেশজুৰি প্ৰতিক্ৰিয়া।
১৩ ছেপ্টেম্বৰ: গুজৰাটৰ নতুন মুখ্য মন্ত্ৰী হিচাপে পাতিদাৰ সম্প্ৰদায়ৰ বিজেপি নেতা ভূপেন্দ্ৰভাই পেটেলৰ শপত গ্ৰহণ।
১৮ ছেপ্টেম্বৰ: পঞ্জাৱ কংগ্ৰেছৰ আভ্যন্তৰীণ অসন্তুষ্টিৰ মাজতেই মুখ্যমন্ত্ৰী পদৰ পৰা কেপ্তেইন অমৰিন্দৰ সিঙৰ পদত্যাগ।
১৯ ছেপ্টেম্বৰ: গুজৰাটৰ মুন্দ্ৰা বন্দৰত ভাৰতৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে আফগানিস্তানৰ পৰা প্ৰায় ২,৯৮৮.২২ কিলোগ্ৰাম হেৰোইন কঢ়িয়াই অনা দুটা কন্টেইনাৰ জব্দ কৰে। এয়া আছিল এনফৰ্চমেন্ট এজেঞ্চিৰ দ্বাৰা বৰ্তমানলৈ বিশ্বৰ ভিতৰতে সৰ্বাধিক ড্ৰাগছ জব্দ কৰাৰ ঘটনা।
২০ ছেপ্টেম্বৰ: পঞ্জাৱৰ প্ৰথমজন দলিত মুখ্যমন্ত্ৰী হিচাপে চৰণজিৎ সিং চান্নীয়ে কাৰ্যভাৰ গ্ৰহণ কৰে।
২০ ছেপ্টেম্বৰ: দৰং জিলাৰ চিপাঝাৰৰ ঢলপুৰত গৰুখুটি প্ৰকল্পৰ অসম চৰকাৰৰে বেদখল উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰে।
২৩ ছেপ্টেম্বৰ: চিপাঝাৰত গৰুখুটি প্ৰকল্পৰ বাবে হোৱা উচ্ছেদে হিংসাত্মক ৰূপ লয়। আৰক্ষীৰ গুলিচালনাত ২ জন লোকৰ মৃত্যু হয়। অসম আৰক্ষীৰ কেইবাগৰাকী বিষয়া-জোৱানো আহত হয়।

অক্টোৱৰ
৪ অক্টোবৰ: উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰিত গণহত্যা। কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰৰ গাড়ীৰে মহতিয়াই ৮ জন লোকক হত্যা কৰে।
৩০ অক্টোবৰ: অসমৰ পাঁচটা বিধান সভা সমষ্টিত উপ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। সমষ্টি কেইটা ক্ৰমে- গোঁসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা।

নৱেম্বৰ
২ নৱেম্বৰ: অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনত আটাইকেইটাতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়লাভ।
৮ নৱেম্বৰ: প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈক ভাৰত চৰকাৰে মৰনোত্তৰভাৱে ‘পদ্ম ভূষণ’ সন্মান প্ৰদান কৰে। লগতে বিজয়া চক্ৰৱৰ্তী, লখিমী বৰুৱা, গোপীৰাম বৰগায়ন বুঢ়াভকত, দুলাল মানকি, বীৰুবালা ৰাভা, ৰোমান শৰ্মা, মংগল সিং হাজোৱাৰী আৰু ইমৰাণ শ্বাহক পদ্মশ্ৰীৰে বিভূষিত কৰে।
১৩ নৱেম্বৰ: টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইসহ দেশৰ ১২ গৰাকী খেলুৱৈক ৰাষ্ট্ৰপতিয়ে সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা’ প্ৰদান কৰে।
১৯ নৱেম্বৰ: তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিলৰ সিদ্ধান্তৰ কথা ঘোষণা। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক সম্বোধন কৰি এই ঘোষণা কৰে।

ডিচেম্বৰ
৪ ডিচেম্বৰ: নাগালেণ্ডৰ মন জিলাৰ অটিঙত ভাৰতীয় সেনাৰ ২১ পেৰা স্পেচিয়েল ফৰ্চে চলোৱা নিৰ্বিচাৰ গুলিচালনাত ১৪ জন লোকৰ থিতাতে মৃত্যু হয়।
৮ ডিচেম্বৰ: অসমৰ প্ৰখ্যাত কবি নীলমনি ফুকন আৰু কংকনী ঔপন্যাসিক দামোদৰ মৌজ’ সন্মানীয় জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত হয়।
৮ ডিচেম্বৰ: তামিলনাডুৰ কুন্নুৰত বায়ু সেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনাত দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱত, তেওঁৰ পত্নী মধুলিকা ৰাৱতসহ ১২ গৰাকী যাত্ৰীৰ মৃত্যু।
৯ ডিচেম্বৰ: তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে চলা আন্দোলনৰ সফল পৰিসমাপ্তি। কৃষকৰ সকলো দাবী মানি লয় মোদী চৰকাৰে।
১৩ ডিচেম্বৰ ভাৰতীয় মডেল হাৰনাজ সান্ধুৱে ২০২১ বৰ্ষৰ ‘মিছ ইউনিভাৰ্চ’ খিতাপ লাভ কৰে।
৩০ ডিচেম্বৰ: ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণা। ‘ইয়াত এখন অৰণ্য আছিল’ৰ বাবে অনুৰাধা শৰ্মা পুজাৰীলৈ সাহিত্য অকাডেমী বঁটা, ‘বকুল ফুলৰ দৰে’ উপন্যাসৰ বাবে মৃণাল কলিতালৈ সাহিত্য অকাডেমী শিশু বঁটা, ‘ডেউকা কোবাই যায়’ গ্ৰন্থৰ বাবে অভিজিৎ বৰালৈ সাহিত্য অকাডেমী যুৱ বঁটাৰ বাবে নাম ঘোষণা।

শুভ নৱবৰ্ষ

Recent News

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd