• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এপৰ দ্বাৰা নিলাম মুছলমান মহিলা! বুল্লি বাইক লৈ উত্তাল দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2022 5:27 pm
Bulli Bai
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱবৰ্ষৰ আদৰণি আৰু উদযাপনৰ সময়তে সামাজিক মাধ্যমত এক বিশেষ এপ্লিকেশ্যনে চাঞ্চল্যৰ সৃষ্টি কৰে। যিটো এপৰ যোগেদি কেৱল মুছলমান মহিলাক টাৰ্গেট কৰি সামাজিক মাধ্যমত অপমান কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি এই এপ্লিকেশ্যনটোৰ জৰিয়তে মুছলমান মহিলাসকলৰ সন্মতি অবিহনে অৰ্থাৎ গোপনে ফ’টো আপলোড কৰি নিলাম কৰা হৈছে।

Apply Now

নিজৰ পৰিচয় গোপনে ৰাখি এই এপ ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ একাউণ্টৰ পৰা শ শ মুছলমান মহিলাৰ ফ’টো আপলোড কৰি নিলাম কৰে। এইদৰে নিলাম কৰাৰ পিছতে শ্বেয়াৰ কৰা পোষ্টটোৰ তলত অতি অশ্লীল আৰু ঘৃণনীয় মন্তব্য কৰাও পৰিলক্ষিত হৈছে।

শনিবাৰে অৰ্থাৎ নৱবৰ্ষৰ প্ৰথমটো দিনতে এগৰাকী ভুক্তভোগী মুছলমান মহিলা সাংবাদিকে এই ঘটনাটো সামাজিক মাধ্যমৰ টুইটাৰ যোগে প্ৰকাশ কৰাৰ পিছতেই সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ আহিছে।

মহিলা সাংবাদিকগৰাকীৰ বাহিৰেও আৰু বহু সামাজিক পৰিচয় থকা মুছলমান মহিলাৰ ফ’টো আপলোড কৰি নিলাম কৰা হয় আৰু অতি অশ্লীল মন্তব্যও প্ৰদান কৰা হয়।

মুছলমান মহিলা সাংবাদিকগৰাকীয়ে বুল্লি বাইৰ এপৰ জৰিয়তে নিজৰ নিলাম হোৱা এখন ফ’টো শ্বেয়াৰ কৰি টুইটাৰ হেণ্ডলত আন আন মুছলমান মহিলাসকলক উদ্দেশ্যি কয়, এগৰাকী মুছলমান মহিলা হিচাপে আপুনি ভয় শংকা আৰু ঘৃণাৰে নতুন বছৰটো আৰম্ভ কৰিব লাগিব।

উল্লেখ্য যে কিছু মাহৰ পূৰ্বে Sulli Deals নামৰ এটা তদ্ৰূপ অনলাইন এপ্লিকেশ্যনৰ যোগেদিও মুছলমানক মহিলাসকলক টাৰ্গেট কৰা হৈছিল। বিশেষকৈ মহিলাসকলক লক্ষ্য কৰি সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱাৰ দৰে জঘন্য কাম কৰা হৈছিল।

অৱশ্যে Sulli Dealsএ ব্যাপকৰূপে প্ৰসাৰ লাভ কৰাৰ পূৰ্বে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ইয়াক অৱৰোধ কৰিবলৈ সক্ষম হয়।

ইফালে ১ জানুৱাৰিত খুব কমৰ সময়ৰ ভিতৰতে বুল্লি বাইৰ এপৰ জৰিয়তে এনধৰণৰ দ্বিতীয়টো ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ঘটনাটো সামাজিক মাধ্যমত চৰ্চা লাভ কৰে।

বিৰোধী দল কংগ্ৰেছে অতি শীঘ্ৰেই বুল্লি বাইৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা ল’বলৈ দাবী জনায়।কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে চৰকাৰক ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

“কাৰোবাক অনলাইনত বিক্ৰী কৰাৰ দৰে জঘন্য কামত সক্ৰিয় হোৱা চাইবাৰ চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা লওক।” প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা শশী থাৰুৱে এইদৰে কয়।

শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱক sullideals দৰে এপৰ জৰিয়তে বাৰে বাৰে মহিলাসকলক টাৰ্গেট কৰি ব্যাপক বিদ্বেষ আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী কৰিছে।

প্ৰিয়ংকা চতুৰ্বেদীয়ে লগতে ইয়াক অতি লজ্জাজনক বুলি মন্তব্য কৰিছে। যোৱা দুটা দিন টুইটাৰত এই বুল্লি বাই এপৰ ঘটনাটোৱে ট্ৰেণ্ড থকাও পৰিলক্ষিত হয়।

টুইটাৰ ইউজাৰসকলে বুল্লি বাইৰ এপ আৰু ইয়াৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে শীঘ্ৰেই দৃষ্টান্তমূলক আইনী ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰে।

আনহাতে এই ঘটনাটোৱ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে। বিবিচি অৱ জাজিৰা আদিতো স্থান লাভ কৰা দেখা গৈছে।

ইফালে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুল্লি বাইৰ বিৰুদ্ধে ব্যৱস্থা লোৱা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি শনিবাৰেই এই বিতৰ্কিত এপটো অৱৰোধ অৰ্থাৎ ব্লক কৰা হৈছে।

GitHubএ শনিবাৰে পুৱা ভাগতে এই এপটো ব্লক কৰে আৰু CERT আৰু আৰক্ষীয়ে যৌথভাৱে সমগ্ৰ বিষয়টো তদন্ত প্ৰক্ৰিয়া আগুৱাই নিছে। মন্ত্ৰী বৈষ্ণৱীয়ে এই এপৰ সৈতে জড়িত সকলোকে অতি কঠোৰ শাস্তি দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰিছে।

আনহাতে, ভুক্তভোগী মহিলা সাংবাদিকগৰাকীয়ে ঘটনাৰ সন্দৰ্ভত অতি ক্ষীপ্ৰতাৰে দিল্লী আৰক্ষী চাইবাৰ চেলত অভিযোগ দাখিল কৰে। দিল্লীৰ লগতে মুম্বাইতো আৰক্ষীয়ে বল্লি বাই এপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

এতিয়া প্ৰশ্ন হয় কিয় বাৰে বাৰে কেৱল মুছলমান মহিলাসকলক লক্ষ্য কৰি জঘন্য কাণ্ডবোৰ সংঘটিত কৰা হৈছে? বিজেপি চৰকাৰৰ ছত্ৰছায়াত বৃদ্ধি পোৱা সাম্প্ৰদায়িক তথা ইছলাম বিৰোধী শক্তিয়ে এই কাম কৰা বুলি ধাৰণা কৰা হৈছে।

ইন্টাৰনেটৰ জৰিয়তে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দেশত অশান্তি সৃষ্টি কৰিবলৈ অহৰহ প্ৰচেষ্টা চলোৱা এই অশুভ শক্তিটোক কেন্দ্ৰীয় চৰকাৰে নাকি লগাব পাৰিব নে? এই প্ৰশ্নটোৱে সমগ্ৰ দেশজুৰি এতিয়া চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd