দেশৰ পৰৱৰ্তী চীউ অফ ডিফেন্স ষ্টাফ কোন হ’ব তাকেলৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ সময়তে কেন্দ্ৰই শীঘ্ৰে নতুন চিডিএছৰ নাম ঘোষণা নকৰে বুলি জানিব পৰা গৈছে।
কেন্দ্ৰীয় চৰকাৰৰ এক শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।
তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ মৃত্যু ঘটাৰ পিছত কেন্দ্ৰই এতিয়াও সেই পদত কাৰো নাম ঘোষণা কৰা নাই।
নাৰাভানেক বিগত বছৰৰ ডিচেম্বৰ মাহত চীফ অফ ডিফেন্স ষ্টাফ কমিটিৰ অধ্যক্ষ হিচাবে নিযুক্তি দিয়া হৈছিল।
জেনেৰেল ৰাৱাটৰ উত্তৰাধিকাৰীৰ নিৰ্বাচনত কিয় কিমান সময় লাগিছে বুলি সাংবাদিকে সোধাত সূত্ৰটোৱে কয়, “প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়েহে বিষয়টো সন্দৰ্ভত মন্তব্য কৰিব পাৰিব’।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি সেনা প্ৰধান জেনেৰেল এম এম নাৰভানেৰ নামেইে এই পদৰ বাবে বিশেষ ভাবে উচ্চাৰিত হৈছে।
কিয়নো তেওঁ এই মুহূৰ্তত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠতম বিষয়া। ৩১ ডিচেম্বৰ, ২০১৯ ত জেনেৰেল ৰাৱাটৰ পৰা সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰা জেনেৰেল নাৰাভানে ২০২২ চনৰ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব৷
৮ ডিচেম্বৰত কুনুৰত হেলিকপ্টাৰ দুৰ্ঘটনাত জেনেৰেল ৰাৱাট নিহত তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু আন ১২ জন লোকৰ মৃত্যু ঘটিছিল।
উল্লেখ্য যোৱা বছৰৰ ১৬ ডিচেম্বৰত দেশৰ তিনিওটা সেনা সেৱাৰ মুৰব্বীক লৈ গঠিত চীফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ হিচাপে সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে দায়িত্ব গ্ৰহণ কৰিছিল।
৮ ডিচেম্বৰত আইএএফ হেলিকপ্টাৰ দুৰ্ঘটনাত CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পিছত চীফ অৱ ষ্টাফ কমিটিৰ অধ্যক্ষ পদ খালী হৈ আছিল।
তিনিজন সেনা সেৱাৰ মুৰব্বীৰ ভিতৰত জ্যেষ্ঠতম হিচাপে জেনেৰেল নাৰাভানেক সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে।
আইএএফৰ মুখ্য এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী আৰু নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে ৩০ ছেপ্টেম্বৰ আৰু ৩০ নৱেম্বৰত তেওঁলোকৰ নিজ নিজ পদগ্ৰহণ কৰিছিল।





