• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাৰানসীৰ সাম্প্ৰদায়িক পোষ্টাৰ সন্দৰ্ভত হিন্দুত্ববাদী সংগঠনৰে জড়িত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2022 4:53 pm
Varanasi Communal Posters
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল হিন্দুৱেহে প্ৰৱেশ কৰিব পাৰিব। অনাহিন্দু লোকৰ প্ৰৱেশ নিষিদ্ধ। এয়া আবেদন নহয়, এয়া সকীয়নি। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমষ্টি বাৰানসীৰ বাটে ঘাটে এইদৰে অজস্ৰ পোষ্টাৰ দেখিবলৈ পোৱা গৈছে।

পোষ্টাৰসমূহত লিখা হৈছে যে বাৰানসী তথা কাশীৰ গংগা ঘাট আৰু মন্দিৰসমূহ সনাতন ধৰ্ম, ভাৰতীয় সংস্কৃতি-শ্ৰদ্ধা আৰু আস্থাৰ প্ৰতীক। কাশীৰ ঘাটসমূহ পিকনিক স্পট নহয়। সেয়ে যিসকলে সনাতন ধৰ্মৰ প্ৰতি আস্থা নাৰাখে, সেই অনাহিন্দুসকলৰ প্ৰৱেশ নিষেধ কৰা হৈছে।

Apply Now

সাম্প্ৰদায়িক এই পোষ্টাৰসমূহেৰে মূলতঃ বাৰানসীত থকা মুছলিম লোকসকলক ভাবুকি প্ৰদৰ্শন কৰা হৈছে।

সেই সন্দৰ্ভত দেওবাৰে বাৰানসী আৰক্ষীয়ে শান্তি-শৃংখলা ভংগৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। এজাহাৰখনত পাঁচজন লোকক অভিযুক্ত কৰা হৈছে। ইয়াৰে দুজন অভিযুক্তক আৰক্ষীয়ে আটকো কৰে।

ধৃত ব্যক্তি দুজনক বজৰং দলৰ কৰ্মী বুলি জনা গৈছে। অৱশ্যে পাছত ৫ লাখ টকাৰ বিনিময়ত দুয়োকে মুকলি কৰি দিয়া হয়।

উল্লেখযোগ্য যে উক্ত পোষ্টাৰসমূহৰ তলত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নাম উল্লেখ কৰা হৈছে। অৰ্থাৎ দুয়োটা হিন্দুত্ববাদী সংগঠনে অনাহিন্দুসকলক এই সকিয়নী প্ৰেৰণ কৰিছে।

৬ জানুৱাৰীত অঁৰা এই পোষ্টাৰসমূহৰ ভিডিঅ’ আৰু ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দেওবাৰে বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা জনোৱা হৈছে যে পোষ্টাৰ কাণ্ডটোত জড়িত কৰ্মী দুজনক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছে।

উল্লেখযোগ্য যে ঐতিহাসিকভাৱে বাৰানসীত হিন্দু আৰু মুছলমানে সমিলমিলেৰে বাস কৰি আহিছে। বাৰানসীৰ গংগা ঘাটসমূহ কোনো ধৰ্মৰ বাবে আছুতীয়াকৈ ৰখা হোৱা নাই।

হিন্দুসকলৰ পৱিত্ৰ তীৰ্থ বাৰানসীতে প্ৰসিদ্ধ চেহনাই বাদ তথা ভাৰতৰত্ন ওষ্টাড বিছমিল্লাহ খানে বাস কৰিছিল। চেহনাই বাদকজনে নিয়মীয়াকৈ গংগাত গা ধুই ঘাটত নামাজ পঢ়াৰ দৰে সাম্প্ৰদায়িক সম্প্ৰীতিৰ নজিৰ দেখুৱাই থৈ গৈছে।

আনহাতে, পোষ্টাৰখনত বিশ্ব হিন্দু পৰিষদৰ নাম উল্লেখ কৰা হৈছে। অৰ্থাৎ উক্ত সংগঠনটোৱেই পোষ্টাৰসমূহ আঁৰিছে। শেহতীয়াকৈ প্ৰায় কেইবাবছৰোধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই তোগাৰিয়া মাজত তীব্ৰ সংঘাত দেখা পোৱা গৈছে।

কেৱল মোদীয়েই নহয়, তোগাড়িয়াই আৰএছএছৰ স’তেও সংঘাতত লিপ্ত হৈ আছে। প্ৰায় চাৰি বছৰৰ পূৰ্বে তেওঁ কৈছিল যে মোদী চৰকাৰে তেওঁক আশাহত কৰিছে। মোদীয়ে বাল্যকালত কোনো ৰেল ষ্টেশ্যনত চাহ বিক্ৰী কৰা নাছিল বুলিও তেওঁ মন্তব্য কৰিছিল।

দুয়োজন হিন্দুত্ববাদী নেতাৰ এই সংঘাত মাজে মাজে আকৰ্ষণীয় হৈ আহিছে। কিন্তু কিয় তেওঁলোকৰ মাজত এই সংঘাত চলি আহিছে, সেয়া অজ্ঞাত।

তেনে পৰিস্থিতিত টোগাড়িয়াৰ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে মোদীৰ সমষ্টিত এনেধৰণৰ সাম্প্ৰদায়িক পোষ্টাৰ অঁৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd