কাইলৈ ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনাখন বিশ্বজুৰি সূৰ্য নমস্কাৰ প্ৰদৰ্শন কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়ুষ মন্ত্ৰ্যালয়ে।
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিছে যে কাইলৈ শুকুৰবাৰৰ দিনা ১কোটি লোকে সূৰ্য নমস্কাৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব পাৰে।
স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে এই প্ৰদৰ্শনীত মানুহৰ অংশগ্ৰহণ চৰকাৰীভাৱে ৭৫লাখ নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও অংশগ্ৰহণকাৰীৰ সংখ্যা নিৰ্দ্ধাৰিত লক্ষ্যক অতিক্ৰম কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে আশা কৰিছে।
লগতে পঢ়ক: Covid-19 Update: দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে দৈনিক সংক্ৰমণৰ হাৰ; পজিটিভিটিৰ হাৰ ১৩শতাংশ অতিক্ৰম
প্ৰদৰ্শনীৰ প্ৰস্তুতি সম্পৰ্কে এখন ভাৰ্চুৱেল সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে সূৰ্য নমস্কাৰে জীৱনীশক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো এক প্ৰমানিত সত্য। ই কৰ’নাক প্ৰতিৰোধত সহায় কৰিব পাৰে।
তেওঁ কয়,’’আমাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ৭৫লাখ লোকৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। কিন্তু পঞ্জীয়ন তথা আমাৰ প্ৰস্তুতিৰ ফালৰ পৰা আমি এই কাৰ্যসূচীত ১কোটিতকৈয়ো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছো।‘’
লগতে পঢ়ক: বেজৰ নাকত খৰ! খোদ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট হ’ল হেক্
শুকুৰবাৰৰ এই কাৰ্যসূচীত দেশ-বিদেশৰ পৰা সকলো আগশাৰীৰ যোগ প্ৰতিষ্ঠান, ভাৰতীয় যোগ সংস্থা, নেশ্যনেল যোগ ফেডাৰেশ্যন, যোগ চাৰ্টিফিকেশ্যন বোৰ্ড, এফআইটি ইণ্ডিয়াকে ধৰি চৰকাৰী তথা বেচৰকাৰী সংস্থাই অংশগ্ৰহণ কৰিব।