দেশত অব্যাহত থকা কোভিডৰ ভয়ংকৰ সংক্ৰমণৰ পৰা সাৰি যোৱা নাই অসমো। ৰাজ্যখনত দ্ৰুত গতিত কোভিডৰ সংক্ৰমণ ঘটিছে আৰু ক্ৰমে চিকিৎসালয়সমূহত চাপ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।
সেইদৰে ৰাজ্যত পজিটিভিটিৰ হাৰো হঠাতে প্ৰায় ৮ শতাংশ স্পৰ্শ কৰিছে।
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কোভিড-১৯ৰ দৈনিক সংক্ৰমণৰ মাজতে বৃহস্পতিবাৰে ৩২৩৮গৰাকী লোক আক্ৰান্ত হৈছে।
আনহাতে, ৰাজ্যত বুধবাৰে মুঠ ৩২৭৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছিল।
যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১০৭০ গৰাকী লোক।
ইপিনে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোভিডত ৩গৰাকী লোকৰ মৃত্যু ঘটিছে।
Summary of 13/01/2022
Today’s Total 3238
Overall Positivity Percentage (3238 cases out of 41,165 test done = 7.87%)
Kamrup(M) 1070
Death 3
Recovery Rate 96.66%
— Keshab Mahanta (@keshab_mahanta) January 13, 2022
বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৪১,১৬৫ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।
ৰাজ্যত বৰ্তমান কোভিড পজিটিভিটিৰ হাৰ হৈছে ৭.৮৭ শতাংশ। সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৬.৯৬ শতাংশ।