• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদী চৰকাৰৰ অবিবেচকী কাণ্ড; গণৰাজ্য দিৱসৰ পেৰেডৰ পৰা বাদ পৰিল তিনি অ-বিজেপি শাসিত ৰাজ্যৰ প্ৰতীকপট; প্ৰতিক্ৰিয়া প্ৰকাশ তিনিও ৰাজ্যৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2022 7:58 pm
Republic Day tableau controversy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক প্ৰতিশোধ লৈছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? মোদীৰ ৰাজৈনতিক আক্ৰোশৰ বলি হৈছে নেকি অবিজেপি শাসিত ৰাজ্যসমূহে?ৰাজনৈতিক শত্ৰুতাক জাতীয় শত্ৰুতাৰ ৰূপ দিছে নেকি মোদী চৰকাৰে?

এক বিশেষ কাৰণত এইসমূহ প্ৰশ্নৰ উদয় হৈছে দেশৰ ৰাজনৈতিক মহলত।

Apply Now

উল্লেখ্য যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আগন্তুক গণতন্ত্ৰ দিৱসৰ পেৰেডত কোন কোন ৰাজ্যৰ প্ৰতীকপট থাকিব সেয়া ঘোষণা কৰিছিল।

উক্ত ঘোষণাত ২০২২ বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ পেৰেডৰ পৰা বাদ পৰিছে পশ্চিমবংগ, কেৰেলা আৰু তামিলনাডুৰ দৰে অবিজেপি শাসিত ৰাজ্যসমূহৰ প্ৰতীকপট।

ইয়াৰ পিছতে বাদ পৰা আটাইকেইখন ৰাজ্যই কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে। ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলে ইয়াক কেন্দ্ৰৰ অপমান বুলিও অভিহিত কৰিছে।

বাদ পৰা ৰাজ্যসমূহে ৰাজনৈতিক প্ৰতিশোধ পূৰণৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লোৱা বুলিও অভিযোগ তুলিছে।

ইফালে কেন্দ্ৰ চৰকাৰে এই অভিযোগ খণ্ডন কৰি কৈছে যে উক্ত ৰাজ্যসমূহৰ নিজা ইতিবাচক কোনো মৌলিক বিষয়বস্তু নাই আৰু কৌশলেৰে পুৰণিবোৰকে বছৰে বছৰে ব্যৱহাৰ কৰি আহিছে।

কিন্তু কেন্দ্ৰৰ এই স্পষ্টীকৰণ বিশ্বাসযোগ্য বুলি সুধী সমাজ পতিয়ন যোৱা নাই।

কিয়নো পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ চৰকাৰে এইবাৰ গণতন্ত্ৰ দিৱসৰ পেৰেডৰ বাবে মহান স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসু কৰ্মজীৱনক বাছনি কৰিছিল।

সুভাষ চন্দ্ৰ বসুৰ ১২৫ বছৰীয়া জন্ম জয়ন্তী উপলক্ষ্যে পশ্চিমবংগৰ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে।

জানিব পৰা মতে দেশৰ স্বাধীনতা সংগ্ৰামত সুভাষ চন্দ্ৰ বসুৱে লোৱা ভূমিকাক উক্ত প্ৰতীক তথা চিত্ৰপটত সাঙুৰি লোৱা হৈছে।

দেশৰ মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ স্বাধীনতা সংগ্ৰামক প্ৰতিফলিত কৰিবলগীয়া চিত্ৰপটক কেন্দ্ৰই চৰকাৰে বাদ দিয়াটোক সহজে ল’ব পৰা নাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

মমতা বেৰ্নাজীৰ প্ৰতি থকা ৰাজনৈতিক আক্ৰোশৰ বাবেই কেন্দ্ৰই পশ্চিমবংগৰ প্ৰতীকপট বাতিল কৰা বুলি এতিয়া চৰ্চা চলিছে।

প্ৰণিধানযোগ্য যে একমাত্ৰ মমতা বেনাৰ্জীৰ বাবেই পশ্চিমবংগৰ নিৰ্বাচনত ধনবল বাহুবল প্ৰয়োগ কৰিও বিজেপিয়ে শোচনীয়াভাৱে পৰাস্ত হৈছিল।

ইফালে যোৱা ৭ জানুৱাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকতাত নিৰ্মিত চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান ভাৰ্চুৱেলি উদ্ঘাটন কৰিছিল।

উক্ত ভাৰ্চুৱেল অনুষ্ঠানতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰে যে কোভিডকালীন সময়তে তেওঁলোকে উক্ত প্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে উদঘাটন কৰিছিল।

মমতা বেনাৰ্জীয়ে এই কাণ্ডৰ দ্বাৰা দেশবাসীৰ সন্মুখতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজহুৱাভাৱে অপমান কৰা বুলি কেন্দ্ৰৰ লগতে বিজেপিয়ে অভিযোগ কৰে।

নৰেন্দ্ৰ মোদী চৰকাৰে গণতন্ত্ৰ দিৱসৰ পেৰেডৰ পৰা পশ্চিমবংগৰ প্ৰতীকপট বাতিল কৰি ইয়াৰ পোতক তুলিছে বুলি এতিয়া চৰ্চা লাভ কৰিছে।

আনহাতে কেৰালাৰ কিছুসংখ্যক ৰাজনীতিবিদে কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যক ৰাজ্যখনৰ প্ৰতি অপমান বুলি অভিহিত কৰিছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টালিনে এখন পত্ৰৰ জৰিয়তে তামিলনাডুৰ বিশিষ্ট মুক্তি যুঁজাৰু নায়কসকলৰ প্ৰতীকপট শোভাযাত্ৰাত প্ৰদৰ্শিত নোহোৱাৰ বাবে হতাশা ব্যক্ত কৰে।

এতিয়া প্ৰশ্ন হয়, কেন্দ্ৰই কিয় বাৰে বাৰে পশ্চিমবংগসহ অন্যান্য অ-বিজেপি শাসিত ৰাজ্যসমূহক মাহী আই দৃষ্টিৰে চাই আহিছে? এয়া ৰাজনৈতিক আক্ৰোশ, প্ৰতিশোধ তথা সহনশীলহীনতা নহয় নে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd