• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“নিৰ্বাচনত বিনামূলীয়া আঁচনিৰ প্ৰলোভন এক গুৰুতৰ বিষয়”; কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2022 3:26 pm
SC on freebies promise
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে ভোটাৰসকলক বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰাৰ বিষয়ত ভাৰতীয় নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

নিৰ্বাচনৰ পূৰ্বে ভোটাৰক বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰাটো এটা গুৰুতৰ বিষয় হিচাপে অভিহিত কৰে উচ্চতম ন্যায়ালয়ে।

Apply Now

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই কয়, “মই এই কাৰ্যক আইনীভাৱে কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে জানিব বিচাৰো। নিৰ্বাচনৰ সময়ত এনে কৰিব পাৰিনে? ই এটা গুৰুতৰ বিষয়। বিনামূলীয়া বাজেট নিয়মীয়া বাজেটৰ অন্তৰ্ভূক্ত নহয়।”

শীৰ্ষ ন্যায়ালয়ে কয় যে পূৰ্বেও ন্যায়ালয়ে এই প্ৰক্ৰিয়াক প্ৰতিৰোধ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ কৈছিল। কিন্তু আয়োগে ৰাজনৈতিক দলবোৰৰ সৈতে এই সন্দৰ্ভত মতামত বিচাৰি কেৱল মাত্ৰ এখন বৈঠক আহ্বান কৰিছিল।

নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা পুঁজিৰ পৰা অযৌক্তিক বিনামূলীয়া প্ৰতিশ্ৰুতি দিয়া বা বিনামূলীয়া বিতৰণ কৰা ৰাজনৈতিক দল এটাৰ নিৰ্বাচনী প্ৰতীক জব্দ বা পঞ্জীয়ন নাকচ কৰিবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ বিচাৰি অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে এখন আবেদন দাখিল কৰে।

এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে। চাৰি সপ্তাহৰ পিছত এই সন্দৰ্ভত পুনৰ শুনানি হ’ব বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে।

আৱেদনখনত কোৱা হৈছে যে ভোটাৰসকলৰ পৰা ৰাজনৈতিক অনুগ্ৰহ লাভৰ উদ্দেশ্যে ৰাজনৈতিক দলবোৰে গ্ৰহণ কৰা এনে জনপ্ৰিয় পদক্ষেপৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা থাকিব লাগে।

দলবোৰে এনে প্ৰতিশ্ৰুতি-প্ৰলোভনৰ জৰিয়তে সংবিধান উলংঘা কৰে আৰু নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি আবেদনখনত উল্লেখ কৰা হৈছে।

অধিবক্তা উপাধ্যায়ে আবেদন খনত কয় যে নিৰ্বাচনৰ ওপৰত চকু ৰাখি বিনামূলীয়া সামগ্ৰী আগবঢ়াই ভোটাৰসকলক প্ৰভাৱিত কৰাৰ ৰাজনৈতিক দলসমূহৰ শেহতীয়া প্ৰৱণতা কেৱল গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি নহয়, সংবিধানৰ আত্মাকো আঘাত কৰে।

“এই অনৈতিক প্ৰথাটো ৰাজকোষৰ ধন ব্যয় কৰি ক্ষমতাত অধিষ্ঠিত হ’বলৈ ভোটাৰসকলক উৎকোচ দিয়াৰ দৰে। গণতান্ত্ৰিক নীতি আৰু প্ৰথাবোৰ সংৰক্ষিত ৰখাৰ বাবে এই প্ৰথা এৰাই চলিব লাগিব।” আবেধনখনত লগতে কোৱা হৈছে।

আৱেদনখনে নিৰ্বাচনী চিহ্ন (সংৰক্ষণ আৰু আৱণ্টন) আদেশ 1968-ৰ প্ৰাসঙ্গিক অনুচ্ছেদত এটা অতিৰিক্ত চৰ্ত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান জনাইছে।

ৰাজ্যিক দল হিচাপে স্বীকৃতিৰ চৰ্তাৱলী সম্পৰ্কে সম্পৰ্কিত এই নিৰ্দেশনা অনুসৰি এটা ৰাজনৈতিক দলে নিৰ্বাচনৰ আগতে ৰাজহুৱা পুঁজিৰ পৰা অযৌক্তিক বিনামূলীয়া সামগ্ৰী বিতৰণৰ প্ৰতিশ্ৰুতি নকৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd