গ্ৰেপ্তাৰ হ’ল হিন্দুস্তানী ভাউ। গাড়ীৰ ভিতৰৰ পৰা আৰু এতিয়া হকে বিহকে গালি গালাজ আৰু নৌটংকী কৰাৰ মুদা মৰিল জনপ্ৰিয় ইউটিউবাৰজন।
মুম্বাইৰ ধাৰাভী অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হিন্দুস্তানী ভাউক।
অভিযোগ অনুসৰি অফলাইন পৰীক্ষা সন্দৰ্ভত অসন্তুষ্ট উচ্চতৰ মাধ্যমিকৰ ছাত্ৰসকলক হিন্দুস্তানী ভাউৱে শিক্ষামন্ত্ৰীৰ বাসগৃহৰ সমুখত বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ প্ৰৰোচনা কৰিছে।
সোমবাৰে অফলাইন পৰীক্ষা বাতিল কৰাৰ দাবী লৈ মহাৰাষ্ট্ৰৰ শিক্ষামন্ত্ৰী বৰ্ষা গাইকোৱাড়ৰ বাসগৃহৰ সমুখত প্ৰায় ১ হেজাৰজনতকৈও অধিক নাবালকে প্ৰতিবাদ সাব্যষ্ট কৰে।
তেওঁলোকে পৰীক্ষাসমূহ অনলাইনযোগে অনুষ্ঠিত কৰিবলৈ দাবী কৰে। এই প্ৰতিবাদে ক্ৰমাৎ হিংসাত্মক ৰূপো লয়।
আৰক্ষীৰ অভিযোগ অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলক এই প্ৰতিবাদৰ বাবে হিন্দুস্তানী ভাওৱে প্ৰৰোচিত কৰে। ইয়াৰ বাবে তেওঁ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ও প’ষ্ট কৰিছিল।
ভাইৰেল হৈ পৰা এই ভিডিঅ’টোৱে ছাত্ৰ-ছাত্ৰসকলক উচটনি যোগাইছিল বুলি অভিযোগ উঠিছে। তদুপৰি এই প্ৰতিবাদক বাধা নিদিবলৈও আৰক্ষী থানাত আহি অনুৰোধ কৰিছিল তেওঁ।
হিন্দুস্তানী ভাওৰ প্ৰকৃত নাম হৈছে বিকাশ ফাটক। ৪১ বৰ্ষীয় ইউটিউবাৰজনে জনপ্ৰিয় টিভি শ্ব’ বিগ বছতো অংশগ্ৰহণ কৰিছিল।
তাৰপাছতে ইউটিউব ভিডিঅ’যোগে পাকিস্তানবিৰোধী শ্লোগান দি হিন্দুত্ববাদীসকলৰ নয়নৰ মণি হৈ পৰে তেওঁ।