• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিজন পুৰুষক ধৰ্ষণকাৰী বুলি গৰিহণা দিয়াটো উচিত নহয়, ৰাজ্যসভাত স্মৃতি ইৰাণী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 3, 2022 7:13 am
363
VIEWS
Share on FacebookShare on Twitter

দেশত ক্ৰমান্বয়ে ধৰ্ষণৰ ঘটনা বৃদ্ধি পাই থকাৰ সময়তে আজি ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ধৰ্ষণৰ প্ৰসংগত কেগবোৰ বিশেষ মন্তব্য কৰে।

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে আজি ৰাজ্যসভাত কয় যে প্ৰতিখন বিবাহক ধ্বংসাত্মক আৰু প্ৰতিজন পুৰুষক ধৰ্ষণকাৰী বুলি গৰিহণা দিয়াটো উচিত নহয়।

তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাংসদ বিনয় ভিস্বমৰ এক পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে।

কেন্দ্ৰই ঘৰুৱা হিংসা আইনৰ ধাৰা ৩ (যি ঘৰুৱা হিংসাৰ সংজ্ঞা নিৰ্ধাৰণ কৰে) আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৫ (যি ধৰ্ষণৰ অপৰাধৰ সংজ্ঞা নিৰূপণ কৰিছে) সন্দৰ্ভত মন্তব্য কৰি ইৰাণীয়ে কয় দেশৰ প্ৰতিজন পুৰুষক ধৰ্ষণকাৰী বুলি গৰিহণা দিয়াটো কেতিয়াও উচিত নহয়। কেন্দ্ৰীয় চৰকাৰে বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত কোনো স্থিতি গ্ৰহণ কৰিছে নেকি বুলি সাংসদ ভিস্বমে সোধা প্ৰশ্নৰ উত্তৰত ইৰাণীয়ে কয় যে এই বিষয়টো এতিয়া আদালতত বিচাৰাধীন হৈ আছে। বৈবাহিক ধৰ্ষণৰ সন্দৰ্ভত সেয়ে আদালতেই ৰায় দিব

ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ সুশীল মোডীয়ে ৰাজ্যসভাত কয় যে বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে গণ্য কৰিলে বিবাহৰ সমগ্ৰ প্ৰক্ৰিয়াটোত জটিলতাৰ সৃষ্টি হ’ব।

তেওঁ যুক্তি দি কয় যে পত্নীয়ে কেতিয়া যৌন সম্ভোগৰ বাবে সন্মতি দিছিল, আৰু কেতিয়া তেওঁ সন্মতি প্ৰত্যাহাৰ কৰিছিল সেয়া নিশ্চিত কৰা সম্ভৱ নহয়। উল্লেখ্য বৈবাহিক ধৰ্ষণ সন্দৰ্ভত মোডীয়ে ইৰাণীক উচ্চ ন্যায়ালয়ত চৰকাৰৰ স্থিতি কি হ’ব সেয়া জনাবলৈ নিৰ্দেশ দিছে।

ৰাজ্যসভাত ভাষণ দি ইৰাণীয়ে কয় যে ভিস্বামে জানে যে সদনৰ প্ৰক্ৰিয়াৰ নিয়ম ৪৭ -ক মতে বৈবাহিক ধৰ্ষণ নিষিদ্ধ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাৰ অধীনত ধৰ্ষণ আইনৰ আওতাত এই বিষয়টো পৰ্যালোচনা কৰি আছে।
উল্লেখ্য ১২ জানুৱাৰীত আদালতক এক লিখিত নথিৰ জৰিয়তে কেন্দ্ৰই কৈছিল যে বৈবাহিক ধৰ্ষণৰ অপৰাধকৰণে “অসৎ উদ্দেশ্যৰে কৰা মিছা গোচৰৰ পয়োভৰ বৃদ্ধি কৰিব পাৰে”। বৈবাহিক ধৰ্ষণৰ ক্ষেত্ৰত বেছিভাগ পৰিস্থিতিজনিত আৰু সমৰ্থনমূলক প্ৰমাণ নাথাকে বুলিও চৰকাৰে উল্লেখ কৰিছিল।

Recent News

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd