• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“উত্তৰ প্ৰদেশৰ নিৰ্বাচনত শাসকৰ মুখ্য চালিকাশক্তি দ্বি-জাতি তত্ব”

মাধুৰ্য বৰুৱা by মাধুৰ্য বৰুৱা
February 6, 2022 2:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইটামান দিনৰ পাছতেই উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। উক্ত নিৰ্বাচনক লৈ পূৰ্বৰ পৰা প্ৰচলিত হৈ থকা এষাৰ বাক্য পুনঃ পুনঃ উচ্চাৰিত হৈছে যে দিল্লীত শাসনৰ আসনত উপবিস্ত হোৱাৰ পথটো বিহাৰ, উত্তৰ প্ৰদেশৰ মাজেদিহে যায়। কেনেবাকৈ যদি বিজেপি উত্তৰ প্ৰদেশত পৰাজিত হ’বলৈ হয় তেন্তে অনাগত ২০২৪ চনৰ দেশজুৰি হ’বলগীয়া লোকসভা নিৰ্বাচনত তেন্তে প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। মৃতপ্ৰায়, বহুধা-বিভক্ত বিৰোধী শিবিৰৰ বাবে এয়া হৈ পৰিব মৃতসঞ্জীৱনী। ইয়াৰ বাবে বিহংগম দৃষ্টিৰে হিন্দীবলয়ৰ ৰাজনৈতিক প্ৰেক্ষাপটত দৃষ্টিপাতৰ প্ৰয়োজন।

“ভাৰতীয় গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাটোৱে জনজাতীয় আৰু বৰ্ণবাদী চেতনাক জীয়াই ৰাখিছে।” নৰ্থ-ইষ্ট হিলচ্ ইউনিভাৰ্চিটিত আচাৰ্যৰ পদত অধিস্থিত হোৱা আৰু দিল্লী ইউনিভাৰ্চিটিৰ এমেৰিটাৰ পদত কাৰ্যনিৰ্বাহ কৰা নৃতত্ব বিভাগৰ গৱেষক তথা পণ্ডিতপ্ৰৱৰ ব্যক্তি আন্দ্ৰে বেটয়ে এই কথাষাৰ স্পষ্ট ভাৱে প্ৰকাশ কৰি গৈছে। নিৰ্বাচনৰ ব্যতিক্ৰৰে যদি তাৰ সমাজব্যৱস্থাটোত চকু দিওঁ তেন্তে দেখা পাওঁ যে উচ্চবৰ্ণৰ বাবে ব্যৱহৃত পানী খোৱা কুঁৱা, মন্দিৰ আদিত নিম্নবৰ্ণৰ লোকৰ স্পৰ্শই নিষিদ্ধ হৈ আছে বহু ক্ষেত্ৰত। কোনো নিম্নবৰ্ণৰ লোকৰ লগত উচ্চবৰ্ণৰ যুৱক অথবা যুৱতী বিৱাহপাশত আৱদ্ধ হ’লে সেই উচ্চবৰ্ণৰ পৰিয়ালটোৱে তথাকথিত সন্মান ৰক্ষাৰ বাবে নিজ পুত্ৰ বা কন্যাক হত্যা কৰাবলৈও কুণ্ঠাবোধ নকৰে। যাক “অনাৰ কিলিং” বোলা হয়। আনকি এনে গাঁৱো বৰ্তমান আছে, য’ত উচ্চবৰ্ণ আৰু নিম্নবৰ্ণ অহাযোৱা কৰা পথৰ মাজত বেৰা দি বিভক্ত কৰি ৰখা হয়।

অৰ্থাৎ এফালে উচ্চবৰ্ণৰ লোক যাব আনফালে নিম্নবৰ্ণৰ। উচ্চবৰ্ণৰ বাবে সুৰক্ষিত কুঁৱাৰ পৰা পানী খোৱাৰ অপৰাধত নিম্নবৰ্ণৰ লোকৰ হাত পৰ্যন্ত কাটি পেলোৱাৰ অলেখ ঘটনাই সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। বহু গাঁৱৰ সমষ্টিৰ ভিত্তিত থকা “খাপ পঞ্চায়তে” ছোৱালীয়ে জিনচ্ আৰু ম’বাইল ব্যৱহাৰত নিষিদ্ধতা আৰোপ কৰা বাতৰিও সকলোৱে নিশ্চয় পাইছেই। গতিকে অতি স্বাভাৱিকতেই ৰাজনৈতিক দলবোৰে ভোট লাভৰ বাবে সমাজ ব্যৱস্থাটোৰ সংশোধন কৰাৰ প্ৰয়াস নকৰে। অন্ধবিশ্বাস আৰু বৰ্ণবাদী চৰিত্ৰক সংৰক্ষণ কৰিহে অতীজতে ৰাজনীতি কৰিছিল আৰু বৰ্তমানো কৰি আছে। তদুপৰি উত্তৰ প্ৰদেশত একো একোটা অঞ্চলত আছে স্থানীয় গুণ্ডা-মাফিয়াৰ সমান্তৰাল প্ৰশাসন। ২০২০ চনত উত্তৰ প্ৰদেশৰ এটা মাফিয়া বিকাশ ডুবেৰ দ্বাৰা আঠজনকৈ পুলিচ হত্যা আৰু পৰৱৰ্তী সময়ত কৰায়ত্ব হোৱাৰ পাছত পলাবলৈ চেষ্টা কৰি উত্তৰ প্ৰদেশ পুলিচৰ হাতত নিহত হোৱাটো তেনে ঘটনাপ্ৰৱাহৰ এটা মাত্ৰ উদাহৰণহে। মুখত উন্নয়নৰ ফুলজাৰি আৰু স্থানীয় ক্ষুদ্ৰ-ক্ষুদ্ৰ পৰ্যায়ত জাত-পাতৰ বৰ্ণবাদী চৰিত্ৰ, গুণ্ডা-মাফিয়াৰ ৰাজনীতিয়েই নিৰ্বাচনসমূহত প্ৰাধান্য লাভ কৰি আহিছে। নক’লেও হ’ব যে, এইবোৰৰ লগত থাকে বৃহৎ পুঁজিৰ বিনিয়োগ।

যোগী আদিত্যনাথ এক অতি আগ্ৰাসী হিন্দুত্ববাদী ৰাজনীতিৰ প্ৰতীক। তেওঁৰ বেশভূষা, কাৰ্যপন্থা, বক্তব্যই স্পষ্টভাৱে সেয়া প্ৰতিফলিত কৰে। তেওঁৰ কাৰ্যকালত উত্তৰ প্ৰদেশৰ ৰাজনীতিত “ৰাজনৈতিক হিন্দুত্ব”ক শক্তিশালী ৰূপত স্থাপন কৰাত সফলো হ’ল। তাৎপৰ্যপূৰ্ণ যে বৰ্ণবাদী পুৰুষপ্ৰধান সমাজব্যৱস্থা সংশোধন কৰাত কিন্তু তেওঁ ৰাজনৈতিকভাৱে অনুপস্থিত। কাৰণ তেনে কৰিলে বিষম পৰিণাম ভূগিব যে লাগিব সেয়া যোগী আদিত্যনাথে জানে। উচ্চবৰ্ণ, নিম্নবৰ্ণ সকলোৰে আৰাধ্য দেৱতা হ’ল “ৰাম”। সকলো বৰ্ণৰ, সকলো চেতনাৰ হিন্দীবলয়ৰো হিন্দু সমাজত ইয়াৰ গভীৰ প্ৰভাৱ আৰু অনুগত্য আছে। গতিকে সংখ্যাগৰিষ্ঠ হিন্দু বসতিপ্ৰধান ৰাজ্যখনত সকলো শ্ৰেণীৰ হিন্দুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ স্বাভাৱিকতেই ধৰ্মক ব্যৱহাৰ কৰি আহিছে। এইবাৰো বিজেপিৰ এই ৰণকৌশলক প্ৰতিহত কৰিব পৰা অস্ত্ৰ বিৰোধীৰ হাতত আমি দেখিবলৈ পোৱা নাই। আফগানিস্তানত তালিবানৰ পুনৰ ক্ষমতা দখল, অতি শক্তিশালী আমেৰিকাৰ সেনাবাহিনী উক্ত দেশৰ পৰা প্ৰত্যাৱৰ্তন, দেশখনৰ অ-মুছলমান বাসিন্দাই হিন্দু মন্দিৰৰ বিগ্ৰহ হাত অথবা মুৰত লৈ ভাৰতলৈ প্ৰত্যাৱৰ্তন আদিৰ ছবিয়েও এই নিৰ্বাচনত ব্যাপক প্ৰভাৱ পেলাব সেয়া নিশ্চিত। “হিন্দু খতৰে মে হ্যে”, হিন্দু বিপদত এই বক্তব্য নিৰ্বাচনত ব্যাপক প্ৰচাৰ হৈছেই।

দেশ বিভাজনৰ ৰাজনীতিয়েই আজি ৭৫ বছৰৰ পাছতো উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ মুখ্য চালিকাশক্তি ৰূপে পুনঃ প্ৰতিষ্ঠা হৈছে। যোগী আদিত্যনাথক ভৱিষ্যত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰা হৈছে। ৰূঢ় বাস্তৱক কিবা আঁৰ-বেৰ দি লাভ হ’ব বুলি আমি নাভাবো।

এই বলয়টোত বৰ্ণবাদী চেতনাৰ উৰ্দ্ধত এতিয়া হিন্দুত্বৰ ৰাজনীতিয়ে ভোটাৰক সংগঠিত কৰাত সফল হৈছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত অখিলেখ যাদৱৰ সমাজবাদী পাৰ্টি আৰু মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টি একত্ৰিত হৈয়ো হিন্দুত্বৰ ৰাজনীতিক আগ্ৰাসনক ৰোধ কৰাত সক্ষম নহ’ল, যিটো সময়ত ৰাজ্যখনত নিবনুৱা সমস্যা বিগত ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক আছিল। বৰ্তমানো নিবনুৱা সমস্যা, গো-ৰক্ষাৰ নামত বুঢ়া খেতি-খোলাত অপ্ৰয়োজনীয় গৰুবোৰ বিক্ৰী কৰিব নোৱাৰাত গৃহস্থই প্ৰতিপাল কৰিবলৈ এৰি দিলে, যিবোৰ খেতিপথাৰত সোমাই বিৰাট অনিষ্ট কৰিছে খেতিয়কসকলক। ক’ভিড সৃষ্ট পৰিবেশত সু-চিকিৎসাৰ পৰা বঞ্চিত হৈ বহুতৰে প্ৰাণ গ’ল। বহুতে হেৰুৱালে কৰ্ম-সংস্থাপন, নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দামে সাধাৰণ জনতাক ত্ৰাহি-মধুসুদন দেখুৱাইছে। এনে এশ-এবুৰি সমস্যা স্বত্বেও হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা, হিন্দুত্বৰ আগ্ৰাসী চৰিত্ৰই এইবাৰ ৰাজ্যখনৰ নিৰ্বাচনৰ এৰাব নোৱাৰা প্ৰকৃত ছবি। ধন আৰু ক্ষমতাৰ লালসাত সৰু-বৰ ৰাজনৈতিক দলৰ একাংশ প্ৰভাৱশালী নেতাই গোপনে বিজেপিক সহায় কৰাৰ উপৰিও এক জটিল ৰাজনৈতিক সমীকৰণৰ আধাৰত মায়াৱতীৰ বি.এচ.পি.ৰ লগতে কংগ্ৰেছেও বিজেপিক এই নিৰ্বাচনত গোপনে সহায়তা কৰাৰ এক বিস্ফোৰক অভিযোগ উঠিছে। অৱশ্যে এই কথাৰ সত্যাসত্য জনা নাযায়।

বিগত বৰ্ষত অনুষ্ঠিত উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে মুখথেকেচা খাইছিল। অযোধ্যা য’ত ৰাম মন্দিৰ পুনঃপ্ৰতিষ্ঠাৰ কাৰ্য দ্ৰুতগতিত আগবাঢ়িছে তাতেই চল্লিশখন আসনৰ ভিতৰত মাত্ৰ আঠখনহে বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হৈছিল। নিৰ্বাচিত পঞ্চায়তৰ অধিকাংশই সদস্যই আছিল নিৰ্দলীয়। গতিকে পৰৱৰ্তী সময়ত পঞ্চায়তসমূহ গঠন কৰাৰ সময়ত সেই নিৰ্দলীয় বিজয়ী প্ৰাৰ্থীসকল দলে-দলে বিজেপিত যোগদান কৰিলেহি। ফলত পঞ্চায়তসমূহৰ অধিকাংশই হ’লগৈ শাসক দলৰ। এই প্ৰতিচ্ছবিখনেও শাসকক অনাগত নিৰ্বাচনত লাভাম্বিত কৰিব। কাৰণ সাধাৰণ ভোটাৰক এই কথাই মগজুত স্বাভাৱিকতেই আমনি কৰিব যে “আনক ভোট দি কি লাভ? জয়ী হোৱাৰ পাছতচোন বিজেপিতে ই যোগ দিবগৈ।” এয়া “যোগীৰ মন্ত্ৰ” বুলিব পৰা যায়।

নিৰ্বাচনৰ ধন-বলৰ ক্ষেত্ৰত স্বাভাৱিকতেই ধনীক শ্ৰেণীৰ অধিকাংশই বিজেপিৰ পক্ষত ৰাজ্যখনৰ। তদুপৰি কৰ্পৰেট খণ্ডও উক্ত পক্ষতেই। আমি পূৰ্বে উল্লেখ কৰা ক্ষুদ্ৰ-ক্ষুদ্ৰ পৰিসৰৰ গুণ্ডা-মাফিয়াৰ সমান্তৰাল প্ৰশাসন নিঃশেষ কৰিবলৈ যোগী আদিত্যনাথে ২০১৭ চনত শাসনত অধিস্থিত হৈয়েই আৰম্ভ কৰি দিছিল “অপাৰেচন লেংৰা”। অৰ্থাৎ পুলিছে কৰায়ত্ব কৰা অপৰাধীক ভৰিত গুলী মাৰি লেঙেৰা কৰা, যাতে ভৱিষ্যতে মৃত্যু ভয়ে আচ্ছন্ন কৰি ৰাখে আৰু লেঙেৰা ভৰিয়ে অপৰাধ কৰাত অসুবিধা আছে। তদুপৰি সৰ্বসাধাৰণে পুলিচৰ গুলীত লেঙেৰা বুলি বিদ্ৰুপ, ঠাট্টা-মস্কৰা কৰে। উল্লেখযোগ্য যে, বৰ্তমানলৈকে এই পুলিচ একশ্বনৰ আধাৰত প্ৰায় চাৰি হাজাৰ অপৰাধীক লেঙেৰা কৰা হৈছে আৰু প্ৰায় দুশমান অতি কুখ্যাত অপৰাধীক গুলীয়াই হত্যা কৰা হৈছে। এনেকৈ ভৱিষ্যত নিৰ্বাচনবোৰত এনে অপৰাধীৰ সমৰ্থন আৰু নিৰ্ভৰতা নিঃচ্ছিন্ন কৰি পেলোৱা হৈছে। সেই অঞ্চলবোৰত সৱল ৰূপত নিজা সংগঠন শক্তিশালী কৰি গঢ়ি তুলিছে যোগী আদিত্যনাথে।

সমগ্ৰ প্ৰেক্ষাপট নিৰপেক্ষ ভাৱে বিচাৰ কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে, নিৰ্বাচনটোত বিৰোধীৰ দ্বাৰা যোগী আদিত্যনাথৰ অতি আগ্ৰাসী ৰাজনৈতিক হিন্দুত্বৰ ধাৰাটো প্ৰতিহত কৰাটো বোধকৰো সহজসাধ্য নহ’ব।

মাধুৰ্য বৰুৱা

মাধুৰ্য বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd