• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সঁচাকৈয়ে মোদীয়ে কোৱাৰ দৰেই আমি পামনে এখন নতুন ভাৰত, নিউ ইণ্ডিয়া!

প্ৰদ্যুন্ম গগৈ by প্ৰদ্যুন্ম গগৈ
February 6, 2022 7:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন ভাৰত। নয়া ভাৰত। নিউ ইণ্ডিয়া। যোৱা কেইবাবছৰধৰি সঘনাই এই শব্দকেইটা উচ্চাৰিত হৈ আহিছে। যেন নতুন কাপোৰ, নতুন গাড়ী অথবা নতুন টুথপেষ্টৰ দৰেই সহজ এই নতুন ভাৰত! যেন আলাসতে দেশখন নতুন ভাৰত হৈ পৰিব! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে কৈ আহিছে যে অচিৰেই আমাৰ দেশখন নতুন ভাৰত, নিউ ইণ্ডিয়া হৈ পৰিব।

২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে কৈছিল- আচ্চে দিন আনেৱালা হেঁ! ভাল দি আহি আছে। পাছত এই ভাল দিন আহিল নে নাহিল, তাৰ প্ৰশ্ন কৰিলে চৰকাৰে ভাল চকুৰে নাচায়। আচ্চে দিনৰ পাছত এইবাৰ নিউ ইণ্ডিয়া। নিউ ইণ্ডিয়া আহি আছে। কিন্তু কেতিয়া? ইয়াৰো উত্তৰ মোদীয়ে দিছিল। যোৱা বছৰকেইটাত তেওঁ কৈ আহিছিল যে ২০২২ চনতেই দেশখন নতুন ভাৰত, নিউ ইণ্ডিয়া হৈ পৰিব। কেইবাবাৰো এই কথা কৈছিল।

Apply Now

এতিয়া ২০২২ চন। কিন্তু দেশখন নতুন ভাৰত নিউ ইণ্ডিয়া নহ’ল। সেয়ে এতিয়া এই নিউ ইণ্ডিয়াৰ বাবে দেশবাসীয়ে আৰু ২৫ বছৰ ৰ’ব লাগিব। এইবাৰৰ বাজেটত বিত্ত মন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে। বিজেপি চৰকাৰ তেতিয়ালৈ শাসনত থাকে নে নাথাকে, জনা নাযায়। কিন্তুমোদী চৰকাৰেএইবাৰ দাঠি দি কৈছে যে স্বাধীনতাৰ এশ বছৰ পূৰ্তি হ’লেই দেশখন নিউ ইণ্ডিয়া হৈ পৰিব! অৰ্থাৎ ২০৪৭ চনতহে আমি নিউ ইণ্ডিয়াখন দেখিবলৈ পাম। ২০২২ বৰ্ষত দেশখনে স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিছে। বিত্তমন্ত্ৰীৰ মতে, আমি আজাদী কা অমৃত কালত প্ৰৱেশ কৰিছো। অৰ্থাৎ নিউ ইণ্ডিয়া এতিয়াও বহু দূৰ!

কিন্তু ২০২২ চনত কিয় এইবোৰ নহ’ল? কিয় দেশক নিউ ইণ্ডিয়া কৰি তুলিব নোৱাৰিলে চৰকাৰে? এইখিনিতে প্ৰধানমন্ত্ৰী মোদীৰ এটা পুৰণি টুইট চাও আহক। এই টুইটটো তেওঁ লিখিছিল ২০১৭ চনত। অৰ্থাৎ আজিৰ পৰা পাঁচ বছৰ পূৰ্বে। তাত তেওঁ তেওঁ ২০২২ চনৰ ভিতৰত নিউ ইণ্ডিয়া বনোৱাৰ স্বপ্ন দেখিছিল। দেশখনক দৰিদ্ৰতা, আবৰ্জনা, দুৰ্নীতি, সন্ত্ৰাসবাদ, জাতিবাদ, সাম্প্ৰদায়িকতাবাদৰ গ্ৰাসৰ পৰা মুক্ত কৰাৰ সংকল্প লোৱাৰ কথা কৈছিল। কিন্তু সংকল্প সিদ্ধি নহ’ল প্ৰধানমন্ত্ৰী মোদীৰ। তাৰ বিপৰীতে ব্যস্ত থাকিল ৰাজনৈতিক কূট-কৌশলত, দেশখনক গেৰুৱা কৰাত। এতিয়া ক’বলৈ আৰম্ভ কৰিছে ২০৪৭ চনৰ কথা!

২০১৮ চনতো নীতি আয়োগে নিউ ইণ্ডিয়াৰ কথা ঘোষণা কৰে। নিউ ইণ্ডিয়া বনাবলৈ কৌশলো গ্ৰহণ কৰা হয়। নীতি আয়োগেও ২০২২ চনতেই নিউ ইণ্ডিয়া বনাবলৈ সংকল্পন লয়। সংকল্প লয় যে ২০২২ চনৰ ভিতৰত দেশৰ কৃষকসকলৰ আয়ৰ পৰিমাণ দুগুণ হ’ব, দেশজুৰি ডেৰ লাখ স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হ’ব ইত্যাদি ইত্যাদি ইত্যাদি। তাৰপাছৰে পৰা বিভিন্ন চৰকাৰী বিজ্ঞাপন, হেডলাইন, প্ৰপাগাণ্ডা নিউ ইণ্ডিয়াময় হৈ পৰে।

নিউ ইণ্ডিয়াৰ বাবে প্ৰতীকো নিৰ্বাচন কৰা হ’ল! সাধাৰণ মানুহৰ মন-মগজুত সুমুৱাই দিয়া হয় যে ২০২২ চনতেই হ’ব পৰম আকাংক্ষিত নিউ ইণ্ডিয়া, নতুন ভাৰত! ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ ঘোষণাপত্ৰতো তদানিন্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইয়াক দোহাৰে। তাৎপৰ্যপূৰ্ণ উক্ত ঘোষণাপত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে ২০২২ৰ কথা নকৈ ২০৪৭ চনৰ কথাহে কয়। তাত তেওঁ লিখে যে স্বাধীনতাৰ এশ বছৰ পূৰ্তিৰ সময়ত দেশখন কেনেধৰণৰ হ’ব, সেই কথা এতিয়াই দেশবাসীয়ে ভবা উচিত!

কিন্তু এইবোৰ সকলো ফুটুকাৰ ফেন হৈ উৰি গ’ল। বৰঞ্চ প্ৰধানমন্ত্ৰীয়ে দেশখনক যিসমূহৰ পৰা মুক্ত কৰাৰ সংকল্প লৈছিল, তেওঁৰ দলে সেইসমূহ কৰিবলৈহে দেশবাসীক উদ্গনি যোগাই আহিছে। আজি দেশ দৰিদ্ৰতা, আবৰ্জনা, দুৰ্নীতি, সন্ত্ৰাসবাদ, জাতিবাদ, সাম্প্ৰদায়িকতাবাদেৰে লুতুৰী পুতুৰী।

এইসমূহ ঢাকিবলৈ দেশবাসীৰ কোটি কোটি টকা চৰকাৰে নানা ৰঙীন বিজ্ঞাপনসমূহত খৰচ কৰিব ধৰিছে। যাতে দেশবাসীয়ে চৰকাৰক সুধিবলৈ সুযোগ নাপায় যে ২০২২ চনত দেশ নতুন ভাৰত কিয় নহ’ল? নতুন ভাৰতৰ বাবে লোৱা বহুল খৰচী বহুল প্ৰচাৰিত পদক্ষেপসমূহৰ কি হ’ল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আপুনি মিছলীয়া নেকি? দেশখনত নতুনকৈ সজোৱাৰ নামত কিমান মিছা মাতিব পাৰে আপুনি? সঁচাকৈয়ে ২০৪৭ চনত আমি পামনে এখন নতুন ভাৰত, নিউ ইণ্ডিয়া!

প্ৰদ্যুন্ম গগৈ

প্ৰদ্যুন্ম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd