নতুন ভাৰত। নয়া ভাৰত। নিউ ইণ্ডিয়া। যোৱা কেইবাবছৰধৰি সঘনাই এই শব্দকেইটা উচ্চাৰিত হৈ আহিছে। যেন নতুন কাপোৰ, নতুন গাড়ী অথবা নতুন টুথপেষ্টৰ দৰেই সহজ এই নতুন ভাৰত! যেন আলাসতে দেশখন নতুন ভাৰত হৈ পৰিব! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে কৈ আহিছে যে অচিৰেই আমাৰ দেশখন নতুন ভাৰত, নিউ ইণ্ডিয়া হৈ পৰিব।
২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে কৈছিল- আচ্চে দিন আনেৱালা হেঁ! ভাল দি আহি আছে। পাছত এই ভাল দিন আহিল নে নাহিল, তাৰ প্ৰশ্ন কৰিলে চৰকাৰে ভাল চকুৰে নাচায়। আচ্চে দিনৰ পাছত এইবাৰ নিউ ইণ্ডিয়া। নিউ ইণ্ডিয়া আহি আছে। কিন্তু কেতিয়া? ইয়াৰো উত্তৰ মোদীয়ে দিছিল। যোৱা বছৰকেইটাত তেওঁ কৈ আহিছিল যে ২০২২ চনতেই দেশখন নতুন ভাৰত, নিউ ইণ্ডিয়া হৈ পৰিব। কেইবাবাৰো এই কথা কৈছিল।
এতিয়া ২০২২ চন। কিন্তু দেশখন নতুন ভাৰত নিউ ইণ্ডিয়া নহ’ল। সেয়ে এতিয়া এই নিউ ইণ্ডিয়াৰ বাবে দেশবাসীয়ে আৰু ২৫ বছৰ ৰ’ব লাগিব। এইবাৰৰ বাজেটত বিত্ত মন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে। বিজেপি চৰকাৰ তেতিয়ালৈ শাসনত থাকে নে নাথাকে, জনা নাযায়। কিন্তুমোদী চৰকাৰেএইবাৰ দাঠি দি কৈছে যে স্বাধীনতাৰ এশ বছৰ পূৰ্তি হ’লেই দেশখন নিউ ইণ্ডিয়া হৈ পৰিব! অৰ্থাৎ ২০৪৭ চনতহে আমি নিউ ইণ্ডিয়াখন দেখিবলৈ পাম। ২০২২ বৰ্ষত দেশখনে স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিছে। বিত্তমন্ত্ৰীৰ মতে, আমি আজাদী কা অমৃত কালত প্ৰৱেশ কৰিছো। অৰ্থাৎ নিউ ইণ্ডিয়া এতিয়াও বহু দূৰ!
কিন্তু ২০২২ চনত কিয় এইবোৰ নহ’ল? কিয় দেশক নিউ ইণ্ডিয়া কৰি তুলিব নোৱাৰিলে চৰকাৰে? এইখিনিতে প্ৰধানমন্ত্ৰী মোদীৰ এটা পুৰণি টুইট চাও আহক। এই টুইটটো তেওঁ লিখিছিল ২০১৭ চনত। অৰ্থাৎ আজিৰ পৰা পাঁচ বছৰ পূৰ্বে। তাত তেওঁ তেওঁ ২০২২ চনৰ ভিতৰত নিউ ইণ্ডিয়া বনোৱাৰ স্বপ্ন দেখিছিল। দেশখনক দৰিদ্ৰতা, আবৰ্জনা, দুৰ্নীতি, সন্ত্ৰাসবাদ, জাতিবাদ, সাম্প্ৰদায়িকতাবাদৰ গ্ৰাসৰ পৰা মুক্ত কৰাৰ সংকল্প লোৱাৰ কথা কৈছিল। কিন্তু সংকল্প সিদ্ধি নহ’ল প্ৰধানমন্ত্ৰী মোদীৰ। তাৰ বিপৰীতে ব্যস্ত থাকিল ৰাজনৈতিক কূট-কৌশলত, দেশখনক গেৰুৱা কৰাত। এতিয়া ক’বলৈ আৰম্ভ কৰিছে ২০৪৭ চনৰ কথা!
২০১৮ চনতো নীতি আয়োগে নিউ ইণ্ডিয়াৰ কথা ঘোষণা কৰে। নিউ ইণ্ডিয়া বনাবলৈ কৌশলো গ্ৰহণ কৰা হয়। নীতি আয়োগেও ২০২২ চনতেই নিউ ইণ্ডিয়া বনাবলৈ সংকল্পন লয়। সংকল্প লয় যে ২০২২ চনৰ ভিতৰত দেশৰ কৃষকসকলৰ আয়ৰ পৰিমাণ দুগুণ হ’ব, দেশজুৰি ডেৰ লাখ স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হ’ব ইত্যাদি ইত্যাদি ইত্যাদি। তাৰপাছৰে পৰা বিভিন্ন চৰকাৰী বিজ্ঞাপন, হেডলাইন, প্ৰপাগাণ্ডা নিউ ইণ্ডিয়াময় হৈ পৰে।
নিউ ইণ্ডিয়াৰ বাবে প্ৰতীকো নিৰ্বাচন কৰা হ’ল! সাধাৰণ মানুহৰ মন-মগজুত সুমুৱাই দিয়া হয় যে ২০২২ চনতেই হ’ব পৰম আকাংক্ষিত নিউ ইণ্ডিয়া, নতুন ভাৰত! ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ ঘোষণাপত্ৰতো তদানিন্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইয়াক দোহাৰে। তাৎপৰ্যপূৰ্ণ উক্ত ঘোষণাপত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে ২০২২ৰ কথা নকৈ ২০৪৭ চনৰ কথাহে কয়। তাত তেওঁ লিখে যে স্বাধীনতাৰ এশ বছৰ পূৰ্তিৰ সময়ত দেশখন কেনেধৰণৰ হ’ব, সেই কথা এতিয়াই দেশবাসীয়ে ভবা উচিত!
কিন্তু এইবোৰ সকলো ফুটুকাৰ ফেন হৈ উৰি গ’ল। বৰঞ্চ প্ৰধানমন্ত্ৰীয়ে দেশখনক যিসমূহৰ পৰা মুক্ত কৰাৰ সংকল্প লৈছিল, তেওঁৰ দলে সেইসমূহ কৰিবলৈহে দেশবাসীক উদ্গনি যোগাই আহিছে। আজি দেশ দৰিদ্ৰতা, আবৰ্জনা, দুৰ্নীতি, সন্ত্ৰাসবাদ, জাতিবাদ, সাম্প্ৰদায়িকতাবাদেৰে লুতুৰী পুতুৰী।
এইসমূহ ঢাকিবলৈ দেশবাসীৰ কোটি কোটি টকা চৰকাৰে নানা ৰঙীন বিজ্ঞাপনসমূহত খৰচ কৰিব ধৰিছে। যাতে দেশবাসীয়ে চৰকাৰক সুধিবলৈ সুযোগ নাপায় যে ২০২২ চনত দেশ নতুন ভাৰত কিয় নহ’ল? নতুন ভাৰতৰ বাবে লোৱা বহুল খৰচী বহুল প্ৰচাৰিত পদক্ষেপসমূহৰ কি হ’ল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আপুনি মিছলীয়া নেকি? দেশখনত নতুনকৈ সজোৱাৰ নামত কিমান মিছা মাতিব পাৰে আপুনি? সঁচাকৈয়ে ২০৪৭ চনত আমি পামনে এখন নতুন ভাৰত, নিউ ইণ্ডিয়া!