• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৮ টা বেংকৰ পৰা জালিয়াতিৰে ২৩,০০০ কোটি সৰকোৱা কোন এই ঋষি কমলেশ আগৰৱালা?

লোচন কৌশিক by লোচন কৌশিক
February 16, 2022 8:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোন এই ঋষি কমলেশ আগৰৱালা? এই ব্যক্তিজনৰ বিৰুদ্ধে ২৮ টা বেংকৰ পৰা প্ৰায় ২৩,০০০ কোটি টকাৰ জালিয়াতি কৰাৰ অভিযোগ আছে। আজিলৈকে এই ব্যক্তিজনৰ বিষয়ে কোনো বিতং তথ্য নাই। কিন্তু ইন্টাৰনেটত উপলব্ধ কিছুমান বাতৰিৰ জড়িয়তে আপুনি ইমান খিনি জানিব পাৰিব যে ঋষি আগৰৱালা কোন আছিল।

ঋষি কমলেশ আগৰৱালা দেশৰ বৃহৎ জাহাজ খণ্ড ABG SHIPYARD ৰ স্বত্বাধিকাৰী। দেশৰ এই বৃহত্ জাহাজ খণ্ডটো প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাটত অবস্থিত। ঋষি কমলেশ আগৰৱালাৰ বিৰুদ্ধে অভিযোগ উঠিছে বেংকৰ পৰা প্ৰায় ২৩,০০০ কোটি টকাৰ জালিয়াতি কৰাৰ। চিবিআই য়ে ৭ ফেব্ৰুৱাৰীত ঋষি আগৰৱালাৰ বিৰুদ্ধে FIR ও দাখিল কৰিছে। আৰু এই বেংক জালিয়াতিৰে সাঙোৰ খাই যাব পাৰে দেশৰ প্ৰধানমন্ত্ৰীৰ নাম। কাৰণ ঋষি কমলেশ আগৰৱালাৰে নৰেন্দ্ৰ দামোদৰদাস মোদীৰ পুৰণি সম্বন্ধ!

Apply Now

ইমান ডাঙৰ কেলেংকাৰী ঘটি গল আৰু আমাৰ হাতত এতিয়ালে একো তথ্য নাই। ২৩,০০০ কোটি টকাৰ জালিয়াতি কৰা ঋষি আগৰৱালা ক’ত আছে? কাৰ চৰকাৰৰ সময়ত ঋষিয়ে এই জালিয়াতি কৰিলে তাৰ প্ৰতিবেদন ক’ত আছে? নাই! কাৰণ গোদী মিডিয়াই হয়তো ভাবে এয়া কোনো প্ৰচাৰ কৰিবলগীয়া বাতৰি নহয়!

৭ ফেব্ৰুৱাৰীত চিবিআইয়ে এখন এজাহাৰ দাখিল কৰে, তেতিয়া বিৰোধীয়েও মাত মাতিবলৈ আৰম্ভ কৰে। দেওবাৰে ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা এক প্ৰেছ বিজ্ঞপ্তিও জাৰি কৰা হয়। প্ৰেছ বিজ্ঞপ্তিয়ে সন্দেহ আঁতৰ কৰাৰ সলনি সলনি সন্দেহ বাঢ়ি যায়। ভাৰতীয় ষ্টেট বেঙ্কে কৈছে যে, ২০১৩ চনতেই এই কোম্পানীটোৰ ঋণ NPA হৈ পৰিছিল, কিন্তু সেই সময়ত কোম্পানীটোয়ে কিমান হাজাৰ কোটি ঋণ লৈছিল তাৰ তথ্য নাই।

চৰকাৰে ২০১৩ চনৰ পিছতো সেই কোম্পানীটোক জাহাজ নিৰ্মাণৰ নিৰ্দেশ দিছে নেকি? ষ্টেণ্ট বেংক অফ ইণ্ডিয়াই লিখিছে, ২০১৩ চনৰ নৱেম্বৰত কোম্পানীটোৰ ঋণ NPA হোৱাৰ পিছত, ABG SHIPYARD ক পুণোৰুদ্ধাৰৰ কেইবাটাও প্ৰচেষ্টা কৰা হৈছিল কিন্তু সফল হব নোৱাৰিলে। কোম্পানীটোৰ একাউণ্টটো প্ৰথম মাৰ্চ ২০১৪ ত পুনৰ্গঠন কৰা হৈছিল কিন্তু জাহাজ খণ্ডত এতিয়ালৈকে হোৱা আটাইতকৈ বেয়া ব্যৱসায়ৰ বাবে ABG SHIPYARD ক পুণোৰুদ্ধাৰ কৰিব নোৱাৰিলে। তাৰ পিছত জুলাই ২০১৬ত, একাউণ্টটো পুনৰ NPA হিচাপে ঘোষণা কৰা হয়।

দুবছৰ পিছত, এপ্ৰিল ২০১৮-ত, অনুসন্ধান আৰু প্ৰতিবেদন ৰখাৰ বাবে আৰ্নষ্ট এণ্ড ইয়ং নামৰ এটা সংস্থা নিযুক্ত কৰা হৈছিল। জানুৱাৰী ২০১৯-ত, কোম্পানীটোৱে ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদনটো ২০১৯ চনত সকলো ঋণদাতাৰ প্ৰৱঞ্চনা চিনাক্তকৰণ সমিতিৰ সন্মুখত ৰখা হৈছিল। আৰ্নষ্ট এণ্ড ইয়ং ৰ প্ৰতিবেদনৰ মতে কোম্পানীটোৱে ঋণ লোৱা ধন আন ঠাইত খৰচ কৰিছে, পুঁজি হস্তগত কৰিছিল আৰু বিশ্বাস ভংগ কৰিছিল। যিটো অপৰাধ। নৱেম্বৰ ২০১৯-ত, SBI-য়ে প্ৰথমবাৰৰ বাবে CBI-ৰ ওচৰত অভিযোগ কৰিছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, বেংকবোৰে ২০১৩ চনতে ধৰিব পাৰিছিল কোম্পানীটোৱে লোৱা ঋণ NPA হৈ পৰিছে।

২৩,০০০ কোটি টকাৰ ঋণ ডুব গৈ আছে আৰু এই বেংকবোৰে এপ্ৰিল ২০১৮ ত হে জালিয়াতি চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। প্ৰতিবেদনটো ২০১৯ চনৰ জানুৱাৰীত আহে আৰু প্ৰথম অভিযোগটো ২০১৯ চনৰ ডিচেম্বৰত চিবিআইত দাখিল কৰা হয়। প্ৰতিবেদন প্ৰকাশ পোৱাৰ সম্পূৰ্ণ ১১ মাহ পিছত। এছবিআইৰ প্ৰেছ বিজ্ঞপ্তিয়ে আৰু কিছু প্ৰশ্ন উত্থাপন কৰিছে, যদি ICICI য়ে সৰ্বাধিক সংখ্যক ঋণ দিছিল তেন্তে সিহঁতে চিবিআইৰ ওচৰত কিয় অভিযোগ কৰা নাছিল? SBI হে কিয় কৰিছিল? SBI -য়ে কৈছে যে সৰ্বাধিক সংখ্যক ঋণ ICICI, তাৰ পিছত IDBI ৰ পৰা লোৱা হৈছিল। আৰু তাৰ পিছতো এছ.বি.আই.-য়ে এই প্ৰেছ বিজ্ঞপ্তিত ঋণৰ পৰিমাণ কিয় উল্লেখ কৰা নাছিল? এইটোও স্পষ্ট নহয় যে ধনখিনি ভাৰতৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে নে দেশৰ ভিতৰতে আছে।

গতিকে ABG SHIPYARD কোম্পানী কি, ইয়াৰ গৰাকী ঋষি আগৰৱালা কাৰ সৈতে সম্পৰ্কিত, কোম্পানীটোৰ ব্যৱসায় কোনবোৰ প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্কিত সেয়া জনাটো গুৰুত্বপূৰ্ণ? কংগ্ৰেছ দলে ১৫ ফেব্ৰুৱাৰী, ২০১৮ত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। কংগ্ৰেছৰ প্ৰেছ বিজ্ঞপ্তিত লিখা আছিল যে ABG SHIPYARDৰ ঋষি আগৰৱালা ভাৰতৰ পৰা পলাই গৈছে। অভিযোগটো ২৬জুলাই, ২০১৬ত PMOৰ ওচৰত দাখিলো কৰা হৈছিল। কিন্তু মোদী চৰকাৰৰ অধীনত, প্ৰৱঞ্চনা ধৰাৰ ব্যৱস্থা বন্ধ কৰা হৈছে। কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে কয়, “এইটো দেশৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী, ২৩,০০০ কোটিৰ কেলেংকাৰী হৈ গল আৰু ৫ বছৰ ধৰি ABG SHIPYARDৰ এই কেলেংকাৰীকলৈ মুখ খোলা নাই মোদী চৰকাৰে। মোদী চৰকাৰে আঁচনিৰ নামত প্ৰৱঞ্চনা চলাই আছে।

এই ঘটনাটো ইমান সৰল নহয় যে, হিজাবৰ অজুহাতত গোদী মিডিয়াই ইয়াক আওকান কৰি দিব। এইটো এটা সৰল বিষয় নেকি যিটো কোম্পানীক নৌসেনাই জাহাজ নিৰ্মাণৰ নিৰ্দেশ দিয়ে সেইটোৱে আনফালে বেংকবোৰৰ পৰা হাজাৰ হাজাৰ কোটি টকা জালিয়াতি কৰে? বেঙ্কবোৰে এই এটা কোম্পানীক কিয় ২৩,০০০ কোটি টকাৰ ঋণ দিছিল? এছবিআইৰ প্ৰেছ বিজ্ঞপ্তিত এই প্ৰশ্নবোৰৰ সন্তোষজনক উত্তৰ নাই।

এতিয়া আহোঁ নৰেন্দ্ৰ দামোদৰদাস মোদীলৈ। এই জাহাজ খণ্ডটোক প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ খণ্ড বুলি কোৱা হয়। আৰু একেটা খণ্ডৰ এটা কোম্পানীয়ে ২৩,০০০ কোটি টকাৰ বেংক জালিয়াতি কৰে। কংগ্ৰেছে ২০১৮ চনৰ ফেব্ৰুৱাৰীত এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু এজাহাৰখন ২০২২ চনৰ ফেব্ৰুৱাৰীত দাখিল হয়। পি.এম.ও.-ৰ ওচৰত এটা অভিযোগ কৰা হৈছিল!

নৰেন্দ্ৰ দামোদৰদাস মোদী মুখ্যমন্ত্ৰী হৈ থকা দিনৰে কথা। ২০০৬ চনৰ মে আৰু জুলাই মাহৰ ভিতৰত, গুজৰাট চৰকাৰে ABG SHIPYARD লিমিটেড কোম্পানীক ২ লাখ ৬৮ হাজাৰ বৰ্গ মিটাৰতকৈও অধিক ভূমি ৩০ বছৰৰ বাবে লীজত প্ৰদান কৰিছিল। এই প্ৰতিবেদন কেগৰ।

ইয়াৰ বাবে, কোম্পানীটোৱে আগতীয়াকৈ ভাড়া পৰিশোধ কৰাৰ লগা চুক্তি আছিল। প্ৰতি তিনি বছৰৰ অন্তৰালত ভাড়া দহ শতাংশ বৃদ্ধি কৰাৰো চুক্তি হৈছিল। ২০১৩ চনৰ মে মাহত, কেগে জানিব পাৰিছিল যে গুজৰাট সামুদ্ৰিক পৰিষদে ২০১২-১৩ বৰ্ষৰ বাবে ১.১৩ কোটি টকাৰ লীজ ভাড়া সংগ্ৰহ কৰা নাই। আনকি ২০১৩-১৪ বৰ্ষৰ বাবেও, লীজৰ ভাড়া সংগ্ৰহ কৰা হোৱা নাই। কোম্পানীটোৱে ২ কোটি ১০ লাখ টকাৰ লীজ ভাড়া দিয়া নাই। গুজৰাট সামুদ্ৰিক পৰিষদে বাৰে বাৰে জাননী জাৰি কৰিছে, তথাপিও ABGয়ে ধন দিয়া নাই। গুজৰাট মেৰিটাইম বোৰ্ডে বাৰে বাৰে লীজ ভাড়া দিবলৈ জাননী দিয়ে, কিন্তু যিকোম্পানীক বেঙ্কবোৰে ২৩,০০০ কোটি টকালৈকে ঋণ দি আছে সেই কোম্পানীটোৱে ২ কোটি টকাৰ লীজৰ ভাড়াও পৰিশোধ কৰা নাই। আৰু এই কোম্পানীকে চৰকাৰে ২.৫ লাখ বৰ্গ মিটাৰতকৈ অধিক মূল্যৰ ভূমি দিছে।

ABG SHIPYARD কোম্পানীয়ে ভাইব্ৰেণ্ট গুজৰাটৰ সময়ত হাজাৰ হাজাৰ কোটি টকা আৰু নিযুক্তিত বিনিয়োগ কৰাৰ বুলি দাবী কৰি শিৰোনামা দখল কৰিছিল।

গুজৰাট ভাইব্ৰেণ্টৰ সম্পৰ্ক নৰেন্দ্ৰ দামোদৰদাস মোদীৰ সৈতে আছে। ইয়াৰ জড়িয়তে, সমগ্ৰ দেশতে তেওঁৰ ভাবমূৰ্তি উন্নত হৈছিল। কিন্তু ভাইব্ৰেণ্ট গুজৰাটত হাজাৰ হাজাৰ কোটি বিনিয়োগ কৰা বুলি দাবী কৰা কোম্পানীটো আৰু ইয়াৰ মালিক ঋষি আগৰৱালে ২৩,০০০ কোটি টকাৰ বেংক জালিয়াতি কৰিছে। একো প্ৰতিক্ৰিয়া নাই নৰেন্দ্ৰ দামোদৰদাস মোদীৰ।

গতিকে ইণ্টাৰনেটত মুদ্ৰিত সকলো তথ্যৰ আধাৰত ষ্পষ্ট যে, এবিজি গোট ভাইব্ৰেণ্ট গুজৰাটৰ সৈতে সম্পৰ্কিত, ই সেই সময়ছোৱাত কৰা ঘোষণাৰ সৈতে সম্পৰ্কিত, আৰু ভাইব্ৰেণ্ট গুজৰাট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সম্পৰ্কিত। আমি বেংকজালিয়াতি হৈছে নে নাই সেয়া কোৱা নাই, কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰিয় আঁচনিৰ প্ৰচাৰৰ মাজতে, এই কোম্পানীৰ নাম বাৰে বাৰে উল্লেখ হৈ আহিছে। সেয়েহে, কিছুমান প্ৰশ্নৰ দৃঢ় উত্তৰ দিয়াটো নৰেন্দ্ৰ দামোদৰদাস মোদীৰ দায়িত্ব। ২০১৭ চনৰ জুন মাহত ৰিজাৰ্ভ বেংকে ১২ টা কোম্পানীৰ তালিকাত ABG SHIPYARDক অন্তৰ্ভুক্ত কৰাৰ পিছতো ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ কিয় ছয় বছৰ সময় লাগিল?

সকলো তথ্য সঁচাকৈয়ে দেশৰ সন্মুখত উপস্থাপন কৰা হৈছেনে? এতিয়াও, চৰকাৰে ঋষি কমলেশ আগৰৱালাৰ বিষয়ে সকলো তথ্য ৰাইজৰ আগত প্ৰকাশ কৰিব পাৰে।

লোচন কৌশিক

লোচন কৌশিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd