• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাৰাগাৰলৈ লালু: কেতিয়া কাৰাগাৰমুখী হ’ব বিজেপিৰ ‘আশীৰ্বাদপুষ্ট ৰাজনেতা’!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2022 5:29 pm
Lalu Prashad Yadav
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত এটা সংলাপে দেশজুৰি চৰ্চা লাভ কৰিছিল। সেয়া হৈছে- জব তক চামোচা মে’ ৰহেগা আলু, তব তক বিহাৰ মে ৰহেগা লালু! অৰ্থাৎ যেতিয়ালৈকে চামোচা তথা চিংৰাত আলুৰ ভাজি থাকিব, তেতিয়ালৈকে বিহাৰত লালু্প্ৰসাদ যাদৱৰ ৰাজত্ব থাকিব।

কিন্তু বহুতে ক’ব খুজে যে সেই সময় এতিয়া গ’ল। চামোচাত আলু ঠিকেই থাকিল, কিন্তু বিহাৰত লালুৰ ৰাজত্ব এতিয়া আৰু নাই। বিহাৰত এতিয়া নীতিশ কুমাৰৰ চৰকাৰ।

Apply Now

নীতিশ কুমাৰৰ চৰকাৰ মানেই নৰেন্দ্ৰ মোদীৰ চৰকাৰ। বিজেপিৰ স’তে নীতিশ কুমাৰৰ মধুৰ সম্পৰ্কৰ বাবেই এতিয়া লালু প্ৰসাদ যাদৱক পশুখাদ্য কেলেংকাৰীৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

কিন্তু সেয়া হয় জানো? সঁচাকৈয়ে বিহাৰত লালু প্ৰসাদ যাদৱৰ ৰাজত্ব আৰু জনপ্ৰিয়তা শেষ হৈছে নেকি? তেনেহ’লে চাওঁ আহক কিছু ভিতৰুৱা কথা।

প্ৰথমে চোৱা যাওক বিহাৰৰ বৃহৎ কেলেংকাৰীসমূহ কেনেধৰণৰ। ৰাজ্যখনত দুটাকৈ বৃহৎ কেলেংকাৰী মাজে মাজে চৰ্চালৈ আহে। সেয়া হৈছে- লালু প্ৰসাদ যাদৱৰ চৰকাৰৰ সময়ৰ ৯৫০ কোটী টকীয়া পশুখাদ্য কেলেংকাৰী আৰু নীতিশ কুমাৰৰ চৰকাৰৰ সময়ৰ ২২,০০০ কোটী টকাৰ শ্ৰীজন কেলেংকাৰী।

২০১৩ চনৰ পৰা পশুখাদ্য কেলেংকাৰীৰ সম্পৰ্কত আদালতে ৰায় প্ৰদান কৰি আহিছে। ইয়াত লালু যাদৱকে ধৰি বিহাৰৰ কেইবাজনো শীৰ্ষ ৰাজনৈতিক নেতা-চৰকাৰী বিষয়াক অভিযুক্ত কৰা হৈছে।

লক্ষ্যণীয়ভাৱে পশুখাদ্য কেলেংকাৰীত বিহাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো জড়িত আছিল! চিবিআইৰ প্ৰাথমিক পৰ্যায়ৰ অনুসন্ধানত এই তথ্য পোৱা গৈছিল। কেলেংকাৰীৰ সময়ছোৱাত নীতিশ কুমাৰ আৰু লালু প্ৰসাদ বন্ধু আছিল।

কিন্তু নিজৰ প্ৰতিচ্ছৱি চাফা কৰি ৰাখিবলৈ নীতিশ কুমাৰে ১৯৯০ চনৰ পৰা বিজেপি নেতৃত্বাধীন এনডিএৰে লগ হয়। তাৰপাছৰে পৰা তেওঁ এনডিএৰ অংশীদাৰ হৈ আহিছে। ইয়াৰ ফলত নীতিশ কুমাৰ হৈ পৰিল এজন দুৰ্নীতিমুক্ত জনগণৰ নেতা, আনহাতে লালু প্ৰসাদ হৈ পৰিল দুৰ্নীতিৰ প্ৰতিভূস্বৰূপ।

আনহাতে, পশুখাদ্য কেলেংকাৰীত জড়িত থকাৰ উপৰিও নীতিশ কুমাৰৰ কাৰ্যকালত শ্ৰীজন কেলেংকাৰী সংঘটিত হয়। ২০০৯ চনত হোৱা এই কেলেংকাৰীটো আছিল শ্ৰীজন মহিলা সহযোগ সমিতি (The Srijan Mahila Sahyog) নামৰ এটা এনজিঅ’ক কেন্দ্ৰ কৰি।

অভিযোগ অনুসৰি, মহিলা সৱলীকৰণৰ নামত বিহাৰৰ ভগলুপৰৰ এই এনজিঅ’টোক নীতিশ কুমাৰ চৰকাৰে ব্যাপক পৰিমাণৰ চৰকাৰী ধন হস্তান্তৰ কৰিছিল। কিন্তু এই হস্তান্তৰ অবৈধ আছিল।

কেলেংকাৰী ফাদিল হোৱাৰ পাছত বিহাৰত ইয়াক লৈ তুমুল চৰ্চা চলিছিল। কিন্তু বিজেপিৰে মিত্ৰতা থকাৰ বাবেই নীতিশ কুমাৰ বাচি গ’ল। এতিয়া ফচিছে লালু যাদৱ।

কিন্তু কিয় লালু প্ৰসাদ যাদৱক বিজেপিয়ে কাৰাগাৰলৈ পঠাইছে? সকলোৱে জনা কথা যে নব্বৈৰ দশকত উত্তৰ ভাৰতত দুটা ৰাজনৈতিক শিবিৰ আছিল। সেয়া হৈছে- বিজেপি আৰএছএছৰ ধৰ্মীয় সাম্প্ৰদায়িকতা আৰু লালু যাদৱ- মোলায়েম সিং যাদৱৰ সমাজবাদী ৰাজনীতি।

পিচপৰা জাতিসমূহৰ পক্ষত থাকি লালু যাদৱে বিজেপিৰ সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰিছিল। আনকি বিজেপিৰ সেই সময়ৰ আটাইতকৈ চৰ্চিত নেতা লালকৃষ্ণ আদৱানীকো কাৰাগাৰত সুমুৱাবলৈ সক্ষম হৈছিল।

কালক্ৰমত বিহাৰত লালু যাদৱৰ অপাৰ জনপ্ৰিয়তা দেখা গ’ল। নিজৰ স্বভাৱসুলভ আচাৰ আচৰণ আৰু পিচপৰা জাতিসমূহৰ উন্নয়নেৰে লালু যাদৱ হৈ পৰিল প্ৰকৃতাৰ্থতে এজন জনগণৰ নেতা। এইসমূহ হৈছে বিজেপিৰ উচ্চ জাতিকেন্দ্ৰীক হিন্দুত্ব ৰাজনীতিৰ প্ৰতি ভাবুকিস্বৰূপ।

সেইবাবেই লালু যাদৱক বিজেপি-আৰএছএছে দুৰ্নীতিৰ প্ৰতিভূ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ কোনো কাৰ্প্যন্য নকৰিলে। আনহাতে, দুৰ্নীতিৰ অভিযোগ থাকিলেও বিহাৰত এতিয়াও লালুৰ অপাৰ গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তা বৰ্তি আছে।

২০১৫ চনত সেয়ে বিজেপিৰ সংগ এৰি লালুৰ স’তে চিৰবৈৰী নীতিশ কুমাৰে মিত্ৰতা স্থাপন কৰিছিল। সেইবাৰ লালু-নীতিশ গঠবন্ধনে বিজেপিক পৰাভূত কৰিছিল। লালুৰ জনপ্ৰিয়তাৰ বাবেই এয়া সম্ভৱ হৈছিল।

কিন্তু এয়া আছিল নীতিশ কুমাৰৰ এটা ৰাজনৈতিক পাশাৰ চাল। পাছত নীতিশ কুমাৰে পুনৰ বিজেপিৰে লগ হয়। তাৰপাছৰে পৰা লালু যাদৱৰ স্থায়ী ঠিকনা হৈ আহিছে কাৰাগাৰ। ২০২০ চনতো বিজেপিৰে লগ হৈ নীতিশ কুমাৰে নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু বিজয় লাভ কৰে।

নীতিশ কুমাৰে এই বিজয়লাভ লালুৰ কাৰাগাৰত থকাৰ বাবেই সম্ভৱ হৈছে বুলি বিৰোধী পক্ষই কৈ আহিছে। মূলতঃ বিহাৰত লালুৰ জনপ্ৰিয়তা এনেধৰণৰ। লালুৱে ৰাজহুৱাভাৱে কিবা ক’লে বিহাৰীসকলে মানি লয়।

কেৱল সেয়াই নহয়, বিজেপিৰে মিত্ৰতা থকাৰ বাবেই দেশজুৰি দুৰ্নীতি আৰু অপৰাধত নিমজ্জিত শীৰ্ষ নেতাসকলক আইনে চুব পৰা নাই। আমাৰ অসমৰে হেজাৰ কোটী টকীয়া লুই বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰীত নিমজ্জিত হৈও ডঃ হিমন্ত বিশ্ব শৰ্মা আইনৰ দৃষ্টিৰ পৰা বাচি আছে।

বিজেপিত যোগদান কৰি শুদ্ধি হৈ পৰিল ডঃ শৰ্মা। কেৱল সেয়াই নহয়, মোদী-যোগীৰ পাছতে বৰ্তমান দেশজুৰি চৰ্চাত থকা বিজেপি নেতাজন হৈছে ডঃ শৰ্মা।

আনহাতে, শেহতীয়াকৈ লখিমপুৰ খেৰী কাণ্ডত অভিযুক্ত বিজেপি মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই জামিন লাভ কৰিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এই জামিনক ৰাজনৈতিক বল প্ৰয়োগৰ দ্বাৰাই লাভ কৰা হৈছে বুলি বিৰোধী পক্ষই কটাক্ষ কৰিছে।

প্ৰশ্ন হৈছে যে, বিজেপি-আৰএছএছ তথা এনডিএৰে মিত্ৰতা কৰিলেই চৰম দুৰ্নীতিত নিমজ্জিত নেতাসকলে আইনৰ উৰ্ধত যাব পাৰে নেকি? এয়াই নেকি মোদীৰ নিউ ইণ্ডিয়া? এয়াই নেকি দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীলতা? এয়াই নেকি সবকা সাথ সবকা বিকাশ?

হিন্দীত কথিত আছে যে হৰ কুত্তে কা দিন আটা হে। এতিয়া, কেন্দ্ৰত বিজেপি চৰকাৰ নাথাকিলে এইসকল দুৰ্নীতিগ্ৰস্ত নেতাৰ কি হ’ব? তেতিয়া লালু প্ৰসাদৰ দৰে কাৰাগাৰলৈ যাব লগা হ’ব নেকি ডঃ শৰ্মা অথবা নীতিশ কুমাৰ?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd