• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গো-ৰাজনীতিয়েই নিৰ্বাচনী ঢাল: এইবাৰ গো-ৰাজনীতিয়েই শলঠেকত পেলাইছে বিজেপিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2022 7:27 pm
stray cattle in UP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশত নিৰ্বাচনৰ গৰম বতাহ বলি আছে। চৰ্চাত আছে হিন্দু-মুছলিমৰ ৰাজনীতি। নিউজ চেনেল খুলিলেই ইটোৰ পাছত সিটো সাম্প্ৰদায়িক ভাষ্য শুনা গৈছে। এইসমূহ প্ৰদান কৰিছে মূলতঃ বিজেপি দলৰ প্ৰাৰ্থীসকলে।

সচৰাচৰ ভাৱেই নিৰ্বাচনটোত এটা বৃহৎ ইচ্ছ্যু হৈ পৰিছে- গৰু! বিজেপি আৰএছএছে গৰুক গোমাতা হিচাপে হিন্দুত্বৰ ৰাজনীতি কৰি আহিছে। দেশজুৰি এই গোমাতাৰ ৰাজনীতিয়ে যোগী চৰকাৰৰ দিনত উত্তৰ প্ৰদেশত চূড়ান্ত মাত্ৰা ধাৰণ কৰিছে।

কিন্তু এইবাৰৰ নিৰ্বাচনত গৰুৱে ধৰ্মীয় ৰাজনীতিৰ বিপৰীতে এক অন্যধৰণৰ ভূমিকাহে পালন কৰা দেখা গৈছে। গৰু এতিয়া গোমাতা হৈ থকা নাই!

দেওবাৰে উত্তৰপ্ৰদেশৰ উন্নাওত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে। নিজৰ স্বভাৱসুলভ দাম্ভিকতাৰে মোদীয়ে কয়- ১০ মাৰ্চত নিৰ্বাচন ফলাফল ঘোষণা কৰাৰ পাছত স্বাভাৱিকতে পুনৰ যোগী আদিত্যনাথ বিজয়ী হ’ব।

তাৰপাছতে এটা বিশেষ ব্যৱস্থা লোৱা হ’ব। সেয়া হৈছে- ৰাস্তাত ঘূৰি ফুৰা আৰু খেতি-বাতি তহিলং কৰা গৰাকীবিহীন উদঙীয়া গৰুবোৰক নিয়ন্ত্ৰণ কৰা হ’ব। উদঙীয়া গৰু! হয়। এইবাৰৰ উত্তৰপ্ৰদেশ নিৰ্বাচনত অন্যতম ইচ্ছ্যু হৈছে উদঙীয়া গৰু।

গৰাকীবিহীন গৰুবোৰ নিয়ন্ত্ৰণ কৰাৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে আৰু এটা প্ৰতিশ্ৰুতি দিছে। সেয়া হৈছে যিসমূহ গৰুৱে গাখীৰ দিয়া এৰি দিছে, সেই গৰুসমূহৰ গোবৰৰ পৰাও গোপালকসকলে টকা ঘটিব পাৰিব।

অৱশ্যে গৰুৰ গোবৰৰ পৰা কেনেধৰণৰ আয় হ’ব সেই বিষয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষ ব্যাখ্যা আগবঢ়োৱা নাই।

বিশ্বৰ অন্যতম চৰ্চিত নেতা বুলি সঘনে কৈ অহা এগৰাকী প্ৰধানমন্ত্ৰীয়ে এই উদঙীয়া গৰুবোৰক লৈ ব্যস্ত হৈছে যেতিয়া বিষয়টো উলা-মূলা নহয়! স্বাভাৱিকতেই ই এটা গহীন বিষয়।

কিন্তু কিয় উত্তৰপ্ৰদেশৰ কৃষকসকলে এই সমস্যাৰ সমুখিন হৈছে? ইয়াৰ কাৰণ হৈছে ৰাজ্যখনত গো-বধ নিষেধ কৰা হৈছে। হিন্দুসকলৰ পবিত্ৰ পূজনীয় পশুবিধক হত্যা কৰাটো যোগী চৰকাৰে মানি নলয়।

সাধাৰণতে কোনো কামত নহা গৰুবোৰক গোপালকসকলে কচাইৰ দোকানলৈ পঠাই দিয়াটোৱে পৰম্পৰাগত প্ৰণালী আছিল। ইয়াৰ ফলত আয়ো হৈছিল।

গোপালকসকলৰ লাভ হোৱাৰ উপৰিও দলিত মুছলিমসকলৰো এটা জীৱিকা আছিল। সেয়া হৈছে- কচাইৰ বৃত্তি। কিন্তু যোগী চৰকাৰৰ দিনত এইবোৰ সকলো বন্ধ কৰা হ’ল।

ইয়াৰ ফলত দৰিদ্ৰ গোপালকসকলে কোনো কামত নহা এই গৰুবোৰ এৰি দিব লগা হৈছে। শেষত এতিয়া উত্তৰপ্ৰদেশৰ খেতিপথাৰ-ৰাস্থাই ঘাটে জাকে জাকে উদঙীয়া গৰুৰ উপদ্ৰৱ! আনকি এই গৰুবোৰে মানুহকো আক্ৰমণ কৰিব ধৰিছে।

গৰুৰ আক্ৰমণত বহু কৃষকৰ মৃত্যুও ঘটিছে। বিশেষকৈ উত্তৰপ্ৰদেশৰ ৰামপুৰ, এটাৱাহ, মানিপুৰী, শ্বাহজাহানপুৰ, বেৰেইলী আৰু কানপুৰ জিলাৰ ভিতৰুৱা কৃষিপ্ৰধান গ্ৰাম্যাঞ্চলসমূহে ইয়াৰ ফল ভুগিব ধৰিছে।

২০১৯ চনৰ এক চৰকাৰী গণনাৰ মতে, উত্তৰপ্ৰদেশত ১১ লাখৰো অধিক এনেধৰণৰ উদঙীয়া গৰু পোৱা গৈছে। যোগী চৰকাৰৰ পূৰ্বে এইধৰণৰ সমস্যা ৰাজ্যখনৰ কৃষকসকলে কেতিয়াও ভোগ কৰা নাছিল।

আনহাতে, যোগীয়ে ইয়াৰ প্ৰতিকাৰস্বৰূপে অস্থায়ী গৌশালা ঠাইয়ে ঠাইয়ে স্থাপন কৰিছে। প্ৰতিটো গৰুৰ বাবে দৈনিত ত্ৰিশ টকাৰ খৰচ নিৰ্ধাৰণ কৰা হৈছে। কিন্তু এইসমূহে ভুক্তভোগীসকলক আশ্বস্ত কৰিব পৰা নাই।

উদঙীয়া গৰুবোৰে খেতিপথাৰৰ শস্য নষ্ট কৰাৰ উপৰিও কৃষকসকলক আৰু এটা সমস্যাৰ মুখামুকি কৰিছে। সেয়া হৈছে- গৰুবোৰৰ পৰা শস্য ৰক্ষা কৰাৰ খৰচ আৰু শ্ৰম। শস্যপথাৰত ফেন্সিঙেৰে ঘেৰি ৰাখিবলৈ তেওঁলোকে খৰচ কৰিব লগা হৈছে বুজন পৰিমাণৰ টকা। এই টকাৰ পৰিমাণ ১৬,০০০ৰো অধিক বুলি ইণ্ডিয়ান এক্সপ্ৰেছৰ আজিৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছে।

কেৱল সেয়াই নহয়, ৰাতি উজাগৰে থাকি তেওঁলোকে খেতিপথাৰৰ ৰখীয়া হ’ব লগা হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ উক্ত প্ৰতিবেদনটোত আৰু এটা তথ্য প্ৰকাশ পাইছে। সেয়া হৈছে যোগী চৰকাৰে নিৰ্মাণ কৰা গৌশালাবোৰত উদঙীয়া গৰুবোৰক ৰাখিবলৈ হ’লে এজন গোপালকে ২০০০ টকাকৈ ভৰিব লাগে!

এই বিষয়টোক লৈ সমাজবাদী পাৰ্টিয়ে বৰ্তমান গাঁৱে গাঁৱে নিৰ্বাচনী কেম্পেইন চলাইছে। গৰুৰ আক্ৰমণত নিহত হোৱা লোকসকলৰ ক্ষতিপূৰণৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ইয়াৰ উপৰিও ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ৰে পৰাই সমাজবাদী পাৰ্টি, কংগ্ৰেছ আৰু বহুজন সমাজবাদী পাৰ্টিয়ে এই বিষয়টো লৈ সৰৱ হৈ আহিছে। অখিলেশ যাদৱেও মাজে সময়ে বিষয়টো লৈ গুৰুত্বপূৰ্ণ কিছুমান টুইট কৰি আহিছে।

আনহাতে বিৰোধী দলসমূহে বিষয়টো গহীনভাৱে লোৱাৰ বিপৰীতে কেৱল মুখৰ কথাৰ বাদে বিজেপিয়ে বিশেষ একো ব্যৱস্থা লোৱা নাই। উদাহৰণস্বৰূপে বিজেপিয়ে নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা ঘোষণাপত্ৰত এই বিষয়ে কোনো উল্লেখ নাই। আনকি যোগী আদিত্যনাথ নিজেও বিষয়টোক লৈ তৰল ধৰ্মীয় সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি আহিছে।

এতিয়া নিৰ্বাচনৰ ভৰপক সময়ছোৱাত কেৱল বিৰোধীৰ দাবীসমূহক পাহৰাই ৰাখিবলৈকে প্ৰধানমন্ত্ৰীকে ধৰি বিজেপি চৰকাৰে বিষয়টোত হাত উজান দিছে। ইয়াৰ পৰাই বুজিব পাৰি- ধৰ্মৰ দোহাই দি গোৰক্ষাৰ নামত কোনসকল লোক ভুক্তভুগী হ’ব লগা হৈছে!

হিন্দু-মুছলিম নহয়, এইসকল দৰিদ্ৰ কৃষিজীৱী আৰু পশুপালকসকলৰ এইবাৰৰ নিৰ্বাচনী ইচ্যু হৈছে এই উদঙীয়া গৰু। যেন গোমাতাৰ পৰম ভক্ত যোগী আদিত্যনাথ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এতিয়া উদঙীয়া গৰুৱে লাঠ মাৰিবলৈ উদগ্ৰীৱ হৈছে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd