• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজনলাল চৌধুৰীৰ বিয়োগ অসমৰ প্ৰগতিবাদী সাহিত্যৰ অপূৰণীয় ক্ষতি : নতুন সাহিত্য পৰিষদ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 24, 2022 2:24 pm
232
VIEWS
Share on FacebookShare on Twitter

অসমৰ যশস্বী কবি আৰু বামপন্থী বুদ্ধিজীৱী বিজনলাল চৌধুৰীৰ প্ৰয়াণত নতুন সাহিত্য পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

ৰায়চৌধুৰীৰ বিয়োগ অসমৰ প্ৰগতিবাদী সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি।নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে পৰিষদে প্ৰকাশ কৰিছে যে বিজনলাল চৌধুৰী আছিল অসমীয়া প্ৰগতিশীল আৰু গণমুখী সাহিত্য আন্দোলনৰ এগৰাকী বলিষ্ঠ প্ৰবক্তা । উগ্ৰজাতীয়তাবাদ,ধৰ্মান্ধতা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ভয়ে থিয় হৈ তেওঁ সামাজিকভাৱে অপদস্থও হ’ব লগা হৈছিল।

কিন্তু তেওঁ সাহসেৰে প্ৰতিপক্ষৰ মুখামুখি হৈ বিচক্ষণ ব্যাখ্যাৰে তাক প্ৰতিহত কৰি গণতান্ত্ৰিক আৰু মানৱীয় মূল্যবোধক সকলোৰে উৰ্ধত তুলি ধৰিছিল। ‘নতুন পৃথিৱী’ৰ পাতত ‘জোনাকী যুগ’ৰ বস্তুনিষ্ঠ মূল্যায়ন দাঙি ধৰি বিদ্বৎ সমাজত তেওঁ খ্যাতি লাভ কৰিছিল ।বৰপেটাৰ মাধৱ চৌধুৰী কলেজৰ পৰা অসমীয়া বিভাগৰ প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ বন্ধ হৈ থকা ‘নতুন পৃথিৱী’ৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি প্ৰগতিশীল সাহিত্য আন্দোলনৰ নেতৃত্ব দিছিল। নতুন সাহিত্য পৰিষদৰ দৰে প্ৰগতিশীল সাহিত্য সংগঠনৰো তেওঁ সম্পাদক আৰু সভাপতিৰ দায়িত্ব কান্ধপাতি লৈ সাহিত্য অনুষ্ঠানটিৰ গুৰি ধৰি অসমত সাহিত্যৰ বাতাবৰণ সৃষ্টিত অৰিহণা যোগাইছে।

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে সমগ্ৰ বৰপেটা জিলা শোকত ম্ৰিয়মান হৈ পৰে।২৩ ফেব্ৰুৱাৰীৰ পুৱা মন্দিয়া,কলগাছিয়া,জাহোৰ পাম , বৰপেটা , বৰপেটা ৰোড ,পালহাজী ,সত্ৰকনৰাআদি শাখাৰ সদস্যসকলে জিলা কমিটিৰ নেতৃত্বত প্ৰয়াত  সতীৰ্থ গৰাকীৰ নশ্বৰদেহ  সংগঠনৰ পতাকাৰে সজ্জিত কৰি অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰে।

অসমীয়া সাহিত্যৰ কৃতি শিক্ষক প্ৰয়াত চৌধুৰীয়ে অসমৰ কলেজ শিক্ষকৰ আন্দোলনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।তাৰবাবে চৰকাৰৰ ৰোষত পৰিবলগীয়াও হৈছিল। 

পাঁচ দশকৰো অধিক কালৰ সাহিত্য চৰ্চাৰ স্বাক্ষৰ ৰূপে তেওঁ অসমীয়া সাহিত্যলৈ আগবঢ়াই গৈছে ‘স্পন্দিত মুহূৰ্ত’ কাব্য গ্ৰন্থ, ‘জোনাকীৰ আলোড়ন, ‘সমাজ আৰু সাহিত্য’ৰদৰে দিকদৰ্শী সাহিত্য চিন্তাৰ প্ৰৱন্ধ সংকলন। তেওঁ অনিল ৰায়চৌধুৰীৰ সৈতে যুটীয়াভাবে লিখা ‘জ্যোতি-চেতনা’ পঢ়ূৱৈ সমাজত ব্যাপকভাবে সমাদৃত হৈছে।ইয়াৰ উপৰি তেওঁ লক্ষ্মীধ‌ৰ শৰ্মা ৰচনাৱলী,অচিন্ত্য ভট্টাচাৰ্য ৰচনাৱলীকে ধৰি নতুন সাহিত্য পৰিষদে প্ৰকাশ কৰা কেইবাখনো পুথিৰ সম্পাদনাৰ সৈতেও তেওঁ জড়িত আছিল। তেওঁ সম্পাদনা কৰা ‘সাহিত্য বীক্ষণ’ আন এখন মূল্যৱান গ্ৰন্থ।

বিবৃতিটোত নতুন সাহিত্য পৰিষদে প্ৰয়াত ৰায়চৌধুৰীৰ অন্তিম যাত্ৰাৰ সংগী হোৱা সমূহ সংগঠন আৰু গুণমুগ্ধলৈ কৃতজ্ঞতা জনাইছে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd