• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত ‘ম’ক পাৰ্লিয়ামেণ্ট’, ‘অধ্যক্ষ’ মীৰা কুমাৰ, নাই চৰকাৰী পক্ষ! প্ৰতীকী সংসদত জ্ঞানেশ কুমাৰক তুলাধূনা বিৰোধীৰ

নিৰ্বাচন আয়ুক্তৰ প্ৰতি বিৰোধীৰ কোনো ব্যক্তিগত ক্ষোভ নাই বুলিও খাৰ্গেই কয়। কিন্তু সংবিধানৰ মৰ্যাদা ৰক্ষা আৰু নিৰ্বাচন আয়োগৰ দৰে নিৰপেক্ষ প্ৰতিষ্ঠানৰ ভাবমূৰ্তি বজাই ৰাখিবলৈ এই অভিযোগনামা প্ৰস্তাৱ অনা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 1, 2026 8:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদ, কিন্তু ঠিক সংসদ নহয়। চৰকাৰী পক্ষ নাছিল, অধ্যক্ষ আৰু বিৰোধীহে আছিল। শনিবাৰে দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ‘ৰাইজৰ অভিযোগনামা’ (People’s Impeachment) অনুষ্ঠিত হয়। যাৰ বাবে এই প্ৰতীকী ‘মক পাৰ্লিয়ামেণ্ট’। লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰ অধ্যক্ষৰ ভূমিকাত থাকিল। এনে কাৰ্যসূচী বিৰল।

শনিবাৰে ‘ম’ক পাৰ্লিয়ামেণ্ট’ত থিয় হৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত মুখ্য নিৰ্বাচনী আয়ুক্তই (চি ই চি) কাম কৰি আছে। তেওঁ কেৱল পদৰ পৰা অপসাৰণৰ যোগ্যই নহয়, তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰত বিচাৰ হ’ব লাগে।

দিল্লীৰ ১০ ৰাজাজী মাৰ্গত মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত আয়োজিত কাৰ্যসূচীৰ আৰম্ভণিতে খাৰ্গেই চি ই চিৰ বিৰুদ্ধে ছয় দফাযুক্ত অভিযোগনামা পাঠ কৰে। তাৰে অন্যতম হ’ল –

Apply Now
*ষড়যন্ত্ৰমূলকভাৱে ভোট চুৰি
*একে সময়তে ১৩.২ কোটি ভোটাৰৰ নাম বাদ দিয়া
*সংসদক অৱগত নকৰাকৈ ৬ নং প্ৰপত্ৰ সলনি কৰা
*‘ইচিআইনেট’ ব্যৱস্থাৰ জৰিয়তে ভোটাৰ তালিকা নিজৰ দখললৈ নিয়া
*বাকী দুজন নিৰ্বাচন আয়ুক্তক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা
*প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী আয়োগ চলোৱা।

নিৰ্বাচন আয়ুক্তৰ প্ৰতি বিৰোধীৰ কোনো ব্যক্তিগত ক্ষোভ নাই বুলিও খাৰ্গেই কয়। কিন্তু সংবিধানৰ মৰ্যাদা ৰক্ষা আৰু নিৰ্বাচন আয়োগৰ দৰে নিৰপেক্ষ প্ৰতিষ্ঠানৰ ভাবমূৰ্তি বজাই ৰাখিবলৈ এই অভিযোগনামা প্ৰস্তাৱ অনা হৈছে।

তেওঁ অভিযোগ কৰে যে ২০২৩ চনত চৰকাৰে ১৪৫ গৰাকী বিৰোধী সাংসদক নিলম্বন কৰি গৃহীত কৰা আইনখনে নিৰ্বাচন আয়ুক্তসকলক আইনী সুৰক্ষা প্ৰদান কৰিছে – যিটো দেশৰ ৰাষ্ট্ৰপতি বা মুখ্য ন্যায়াধীশৰ সুৰক্ষাতকৈও অধিক। তেওঁ লগতে দাবী কৰে যে এছ আই আৰ প্ৰক্ৰিয়াৰ আঁৰত বিজেপি বিৰোধী ভোটাৰৰ নাম কৰ্তন কৰাৰ ষড়যন্ত্ৰ চলি আছে।

এই কাৰ্যসূচীত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নেতৃত্ব দিয়ে। এই প্ৰতীকী কাৰ্যসূচীৰ জৰিয়তে নিৰ্বাচন আয়োগক চূড়ান্ত সতৰ্কবাণী দিয়া হৈছে বুলিও তেওঁ কয়। তেওঁৰ ভাষাত “এয়া কেৱল প্ৰতিবাদ নহয়, ই এক সতৰ্কবাণী।”

আন আন বিৰোধী নেতাসকলেও এই কাৰ্যসূচীত চিইচিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই এছ আই আৰ প্ৰক্ৰিয়াক “অপৰাধমূলক অভিযান” বুলি অভিহিত কৰে। এই ব্যৱস্থাৰ ফলত পশ্চিম বংগত “নিৰৱ আৰু অদৃশ্য ভোটচুৰি”ৰ সৃষ্টি হৈছে বুলিও তেওঁ অভিযোগ কৰে।

পিডিপি নেত্ৰী মেহবুবা মুফতিয়ে চিইচিক “চৰকাৰৰ দাস” বুলি অভিহিত কৰি প্ৰকৃত ষড়যন্ত্ৰকাৰীক অপসাৰণ কৰাৰ দাবী জনায়। আনহাতে, আইছাৰ নেত্ৰী নেহা বৰাই সকীয়াই দিয়ে যে কেৱল চিইচিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিলেই নহ’ব, তেওঁক জেললৈ পঠিয়াব লাগে।

অৱশ্যে বিৰোধীৰ এই কার্যসূচীক তীব্ৰ ভাষাৰে আক্রমণ কৰিছে বিজেপিয়ে৷ দলৰ সাংসদ সম্বিত পাত্ৰই কটাক্ষ কৰি কয়, “কংগ্ৰেছে সংসদীয় ব্যৱস্থাক উপহাস কৰিছে। আচলতে জৱাহৰলাল নেহৰুৱেই প্ৰথমে দেশত ভোট চুৰি আৰম্ভ কৰিছিল।”

আয়োগৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পোষকতা কৰি সম্বিতে কয় যে অনুপস্থিত আৰু স্থানান্তৰিত ভোটাৰক নিয়ম অনুসৰি তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে আৰু ইয়াক লৈ বিভ্ৰান্তি বিয়পোৱা বন্ধ হ’ব লাগে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ‘ম’ক পাৰ্লিয়ামেণ্ট’, ‘অধ্যক্ষ’ মীৰা কুমাৰ, নাই চৰকাৰী পক্ষ! প্ৰতীকী সংসদত জ্ঞানেশ কুমাৰক তুলাধূনা বিৰোধীৰ

দিল্লীত ‘ম’ক পাৰ্লিয়ামেণ্ট’, ‘অধ্যক্ষ’ মীৰা কুমাৰ, নাই চৰকাৰী পক্ষ! প্ৰতীকী সংসদত জ্ঞানেশ কুমাৰক তুলাধূনা বিৰোধীৰ

November 1, 2026 8:01 am
ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

October 31, 2026 9:20 pm
দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় উত্তৰ-পূৱ আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা!

দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় উত্তৰ-পূৱ আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা!

October 31, 2026 8:25 pm
ই-কমাৰ্চৰ যুগত কিয় ব্যৰ্থ অনলাইন শাক-পাচলিৰ বজাৰ? অনলাইন ক্ৰয় সন্দৰ্ভত এছবিআইৰ নতুন প্ৰতিবেদন প্ৰকাশ

ই-কমাৰ্চৰ যুগত কিয় ব্যৰ্থ অনলাইন শাক-পাচলিৰ বজাৰ? অনলাইন ক্ৰয় সন্দৰ্ভত এছবিআইৰ নতুন প্ৰতিবেদন প্ৰকাশ

October 31, 2026 6:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ‘ম’ক পাৰ্লিয়ামেণ্ট’, ‘অধ্যক্ষ’ মীৰা কুমাৰ, নাই চৰকাৰী পক্ষ! প্ৰতীকী সংসদত জ্ঞানেশ কুমাৰক তুলাধূনা বিৰোধীৰ

দিল্লীত ‘ম’ক পাৰ্লিয়ামেণ্ট’, ‘অধ্যক্ষ’ মীৰা কুমাৰ, নাই চৰকাৰী পক্ষ! প্ৰতীকী সংসদত জ্ঞানেশ কুমাৰক তুলাধূনা বিৰোধীৰ

November 1, 2026 8:01 am
ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

ডিজিটেল চেঞ্চৰশ্বিপৰ নগ্ন ৰূপ: এটা গোচৰৰ অচিলাৰে মচি পেলোৱা হ’ল জ্যেষ্ঠ সাংবাদিকৰ জীৱনজোৰা কৰ্মৰাজি

October 31, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd