নিজৰ সৰুকালৰ বান্ধৱী তথা প্ৰাক্তন কূটনীতিকৰ কন্যাক ডিঙি কাটি হত্যা কৰাৰ অভিযোগত পাকিস্তানী ধনকুবেৰৰ পুত্ৰক আদালতে দিলে মৃত্যুদণ্ডৰ ৰায়। পাকিস্তানৰ আদালতে এই ৰায় প্ৰদান কৰিছে।
ইছলামাবাদৰ এখন সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে ৩০বছৰীয়া জাহিৰ জাফৰ নামৰ যুৱকজনক মৃত্যুদণ্ডৰ ৰায় দিয়ে। যোৱা বছৰৰ ২০ জুলাইত জাহিৰৰ বিৰুদ্ধে ২৭ বছৰীয়া নুৰ মুকাদ্দমক হত্যা কৰাৰ অভিযোগ উঠিছিল।
তদন্তত এই কথা পোহৰলৈ আহে যে নুৰে জাহিৰক বিয়া কৰিবলৈ বিচৰা নাছিল আৰু তাৰ বাবেই নুৰক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছিল। আৰক্ষীয়ে জাহিৰৰ ঘৰত নুৰৰ ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰিছিল।
লগতে পঢ়ক: ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ লৈছে বৈদেশিক মন্ত্ৰ্যালয়ে? চাওক সৱিশেষ
মৃত নুৰৰ পিতৃ তথা প্ৰাক্তন ৰাষ্ট্ৰদূত চৌকত মুকাদ্দমৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জাহিৰৰ বিৰুদ্ধে ওজাহাৰ দাখিল কৰি তেওঁক গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্য যে যোৱা বছৰ পাকিস্তানত নুৰৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হৈছিল। বিভিন্ন পক্ষই অভিযুক্তৰ কঠোৰ শাস্তি দাবী কৰিছিল। কিন্তু আমেৰিকাৰ নাগৰিক তথা বিখ্যাত উদ্যোগপতিৰ পুত্ৰ জাহিৰক শাস্তি দিয়া হ’ব নে নাই তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছিল।
বাতৰি অনুসৰি, আদালত সূত্ৰই জানিব দিয়ে যে জাহিৰৰ পিতৃ-মাতৃ আৰু তেওঁলোকৰ ব্যক্তিগত ৰান্ধনিজনক এই গোচৰৰ অভিযোগৰ পৰা ৰেহাই দিয়া হৈছে যদিও গোচৰটোৰ অন্যতম অভিযুক্ত ইফতিকাৰ আৰু জামিল নামৰ দুই ভাতৃক ১০বছৰৰ কাৰাদণ্ড বিহা হৈছে।
লগতে পঢ়ক:টীম ইণ্ডিয়াৰ বেটিং তাণ্ডৱ! টী-২০ ছিৰিজৰ প্ৰথমখন মেচত শ্ৰীলংকাক হৰুৱাই অগ্ৰগতি ভাৰতৰ
ইপিনে, নুৰৰ পিতৃ চৌকত মুকাদ্দমে আদালতৰ এই ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে আৰু অৱশেষত ন্যায় পোৱা বুলি জানিবলৈ দিছে।