• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ দেশতে বিৰোধৰ সন্মুখীন পুটিন: ৰাছিয়াৰ সচেতন জনতাই বিচৰা নাই যুদ্ধ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 25, 2022 2:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বিশ্বজুৰি যিদৰে সমালোচনাৰ সন্মুখীন হৈছে ঠিক তেনেদৰে নিজৰ দেশতো সমালোচনাৰ পৰা মুক্ত হ’ব পৰা নাই।

আপাতদৃষ্টিত ৰাছিয়াৰ সেনাই ইউক্ৰেইনক মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে বশ কৰিব পাৰে। কিন্তু ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ সেনাই নতশিৰ হৈ আত্মসমৰ্পণ নকৰালৈকে যুদ্ধ অব্যাহত থাকিব বুলি কৰা ঘোষণাই যুদ্ধ খন যে কিছু দীঘলীয়া হ’ব তাৰেই ইংগিত বহন কৰিছে।

Apply Now

ইউক্ৰেইন আক্ৰমণ কৰি পুটিনে ৰাছিয়াৰ সাধাৰণ জনতাৰ পৰা বাঃ বাঃ পাব লাগিছিল যদিও পৰিস্থিতি বিপৰীতমুখী হোৱাহে পৰিলক্ষিত হৈছে।

ইয়াৰ বিপৰীতে ৰাছিয়াৰ গৰিষ্ঠসংখ্যক সাধাৰণ জনতাই ইউক্ৰেইন আক্ৰমণক সহজভাবে গ্ৰহণ কৰিব পৰা নাই। ৰাছিয়াৰ এনে আক্ৰমণে সেয়ে পুটিনৰ শাসনক গুৰুতৰভাৱে অস্থিৰ কৰি তুলিব পাৰে বুলি বহুতে আশংকা প্ৰকাশ কৰিছে।

কোভিডৰ মহা সংহাৰে বিশ্বৰ বহু উন্নত তথা উন্নয়নশীল দেশৰ লগতে ৰাছিয়াকো অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। কোভিডত আক্ৰান্ত হৈ ৰাছিয়াত লাখ লাখ লোকৰ মৃত্যু ঘটিছে, ভাঙি পৰিছে দেশ খনৰ অৰ্থনীতি।

শিক্ষা, যাতায়াত,বাণিজ্য আদি সকলো ক্ষেত্ৰতে কেৱল কোভিডৰ বাবেই দেশ খনে মুখামুখী হ’বলগীয়া হৈছে স্থৱিৰতাৰ। এনে পৰিস্থিতিত দেশৰ স্থৱিৰ হৈ পৰা খণ্ডসমূহক পুনৰুজ্জীৱিত কৰাৰ সলনি যুদ্ধৰ দৰে এক ব্যয়বহুল তথা ধ্বংসাত্মক কাৰ্যত মনোনিৱেশ কৰাৰ ফলত ৰাষ্ট্ৰপতি পুটিন সমালোচনাৰ পাত্ৰ হৈ পৰিছে।

লক্ষ্যণীয় কথাটো হ’ল পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ আঁৰত থকা ৰাজনৈতিক পৰিকল্পনা এতিয়াও অস্পষ্ট হৈয়েই আছে ।এয়া আক্ৰোশ, জিঘাংসা নে আগ্ৰাসনবাদী মনোভাৱৰ বহিঃপ্ৰকাশ সেয়াও বহুতৰে বাবে অনুমেয় হৈ উঠা নাই।

এনে পৰিস্থিতিত ইউক্ৰেইন আক্ৰমণকলৈ ৰাছিয়াৰ বিৰোধী নেতাসকলে পুটিনক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে।পুটিনৰ চিৰবৈৰী বিৰোধী দলৰ নেতা আলেক্সি নাভালনিক ২০২১ চনৰ জানুৱাৰী মাহৰ পৰাই কাৰাৰুদ্ধ কৰি ৰখা পিছত পুটিনে ভাবিছিল যে দেশ খনত তেওঁৰ বিৰোধিতা কৰা লোক হয়তো নাইকিয়া হৈ পৰিছে।

কিন্তু ইউক্ৰেইন আক্ৰমণৰ পিছতে পুটিনৰ সেই ধাৰণা ভুল প্ৰমাণিত হৈছে। কাৰাৰুদ্ধ বিৰোধী নেতা আলেক্সি নাভালনিয়ে কালি আদালতত বিশেষ শুনানিত উপস্থিত থকাৰ সময়তে পুনৰ পুটিনৰ বিৰুদ্ধে সমালোচনাৰ তীক্ষ্ণ শেল নিক্ষেপ কৰে। নাভালনিয়ে আদালতৰ মজিয়াৰ পৰাই কয়—'”ৰাছিয়াৰ নাগৰিকৰ ওপৰত চলি থকা শোষণ আৰু ডকাইতিৰ ঘটনাবোৰক ঢাকি ৰাখিবলৈয়েই পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে। দেশখনৰ আভ্যন্তৰীণ সমস্যাৰ পৰা, ইয়াৰ অৰ্থনীতিৰ অৱনতিৰ পৰা জনতাৰ মনোযোগ আঁতৰাই নিবলৈ পুটিনে যুদ্ধৰ পৰিবেশ ৰচনা কৰিছে।’

তাৎপৰ্যপূণ কথাটো এয়াই যে পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰাৰ বহুদিন আগৰে পৰাই ৰাছিয়াৰ ষ্টক এক্সচেঞ্জবোৰ বিধ্বস্ত হৈ পৰিছিল ।কোভিডে পেলোৱা বিৰূপ প্ৰভাৱকে ধৰি বিভিন্ন কাৰকৰ বাবে ৰুবুলৰ পতনে সৰ্বকালৰ অভিলেখ ভংগ কৰিছিল। আমেৰিকাকে ধৰি বিভিন্ন দেশে আৰোপ কৰা প্ৰতিবন্ধকতাৰ বাবে ৰাছিয়াৰ ষ্টক এক্সচেঞ্জে প্ৰায় ২০০ বিলিয়ন মাৰ্কিন ডলাৰৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে।

২০২১ চনৰ জানুৱাৰীত আলেক্সি নাভালনি গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰক্ষীয়ে ৰাছিয়াৰ সংগঠিত বিৰোধীক চূৰ্ণ-বিচূৰ্ণ কৰি পেলাইছে। নাভালনিৰ সংগঠনটোক “উগ্ৰপন্থী সংগঠন” বুলি অভিহিত কৰা হৈছে।।

আলেক্সি নাভালনিৰ প্ৰায় ১৫,০০০ সমৰ্থকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। পুটিনৰ বিৰোধিতা কৰা বহু স্বতন্ত্ৰ সংবাদমাধ্যমক হয় বন্ধ কৰি দিয়া হৈছে বা “বিদেশী এজেণ্ট” বুলি চিহ্নিত কৰি তেওঁলোকৰ মুখ বন্ধ কৰাৰ চেষ্টা চলোৱা হৈছে।

ফলত বহু সময়ত পুটিনৰ বিৰুদ্ধে প্ৰতিৰোধ স্তিমিত হৈ পৰিছিল যদিও এতিয়া পুনৰ ইউক্ৰেইনৰ যুদ্ধকলৈ বিৰোধী শক্তিয়ে চল চাই কঠীয়া পৰাৰ বাবে উদ্যত হৈছে।

ৰাছিয়াৰ মানৱাধিকাৰ কৰ্মী আৰু বৌদ্ধিক মহল শেহতীয়া ঘটনাৱলীকলৈ হতবাক আৰু নিৰুৎসাহিত হৈছে। কিন্তু পুটিনৰ আগ্ৰাসী নীতিৰ বাবেই বিৰোধীয়ে যুদ্ধৰ বিৰুদ্ধে গণ প্ৰতিৰোধ এতিয়াও গঢ়ি তুলিব পৰা নাই।

যোৱা বছৰ শান্তিৰ নবেল বঁটা বিজয়ী ৰাছিয়াৰ বিশিষ্ট সাংবাদিক তথা জনপ্ৰিয় কাকত ‘নোভায়া গাজেটা’ৰ সম্পাদক দিমিত্রি মুৰাটভে ইউক্ৰইেনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ আৰম্ভ কৰাৰ প্ৰসংগত কয়: “ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। পৰিতাপৰ কথাটো হ’ল ৰাছিয়াত এই যুদ্ধ বন্ধ কৰিব পৰাকৈ কোনো নাই। সেই বাবেই মই দুখ আৰু লাজ অনুভৱ কৰিছো।”

ৰাছিয়াৰ এটা স্বতন্ত্ৰ সংস্থা লেভাদা চেণ্টাৰৰ মতে ৰাছিয়াৰ ৪০ শতাংশ সাধাৰণ জনতাই ইউক্ৰেইনৰ ডনেটস্ক আৰু লুহানস্ক অঞ্চলক পুটিন প্ৰশাসনে শক্তি প্ৰয়োগেৰে “গণ প্ৰজাতন্ত্ৰ”ৰ আনুষ্ঠানিক স্বীকৃতি দিব বিচৰা কাৰ্যক সমৰ্থন জনোৱা নাই।

ডনেটস্ক আৰু লুহানস্ক অঞ্চল ইউক্ৰেইনৰ অধীনস্থ অঞ্চল হিচাবে বিশ্বই বহু বছৰ আগতেই স্বীকৃতি দিয়াৰ পিছতো ৰাছিয়াই সেই অঞ্চলসমূহ দখল কৰিবলৈ যুদ্ধৰ দৰে ভয়ংকৰ পন্থা গ্ৰহণ কৰাত স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে দেশ খনৰ গৰিষ্ঠসংখ্যক সাধাৰণ জনতা।

এই যুদ্ধই ৰাছিয়াত অস্থিৰতা বৃদ্ধি কৰাৰ লগতে যন্ত্ৰণা তথা মৃত্যুক আহ্বান জনাব বুলি ৰাছিয়াৰ সচেতন জনতাই এতিয়া অনুভৱ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd