হোৰাহোৰে বাঢ়িব পেট্ৰ’ল-ডিজেলৰ দাম। হাহাকাৰ কৰিব লাগিব দেশবাসীয়ে। সম্প্ৰতি এই আশংকা কৰা হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে নহয়, আন এটা কাৰণতহে এই আশংকা কৰা হৈছে।
সবিশেষ ব্যাখ্যাৰ আৰম্ভণিতে চোৱা যাওক আজি পেট্ৰ’ল-ডিজেলৰ মূল্য কেনেধৰণৰ—
গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৪ টকা ৫৮ পইচা। আনহাতে দিল্লীত ইয়াৰ মূল্য হৈছে ৯৫ টকা ৪১ পইচা আৰু ৮৬ টকা ৬৭ পইচা। যোৱা কিছুদিনৰ পৰা এনেদৰে দেশৰ বৃহৎ চহৰসমূহত পেট্ৰ’ল-ডিজেলৰ মূল্য একে আছে।
সাধাৰণতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে সঘনে চৰ্চা লাভ কৰি আহিছে। আনকি যোৱা বৰ্ষত এই মূল্য শতকৰ সীমা পাৰ কৰিছিল। কিন্তু শেহতীয়াকৈ পেট্ৰ’ল-ডিজেলৰ কোনো মূল্যবৃদ্ধি হোৱা নাই। যোৱা ১১০ দিনধৰি দেশত এই মূল্য স্থিৰ হৈ আছে।
ইয়াৰ পূৰ্বে ২০২০ চনৰ ১৭ মাৰ্চৰ পৰা ৬ জুনলৈকে ৮২ দিনৰ বাবে এই মূল্য স্থিৰ হৈ আছিল। এতিয়া ইমান দিন পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি নোহোৱাটো এটা লক্ষ্যণীয় বিষয় হৈ পৰিছে।
দেশৰ চৰকাৰী তৈল সংস্থাকেইটা হৈছে ইণ্ডিয়ান অইল, ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্তান পেট্ৰ’লিয়াম। সংস্থাকেইটাই সাধাৰণে প্ৰতিদিনাই আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰি তেলৰ মূল্য নিৰ্ধাৰণ কৰে।
আনহাতে, ভাৰতে ৮৫ শতাংশ তেল বাহিৰৰ পৰা আমদানি কৰে। সেয়ে তেলৰ দাম বাঢ়িলে শাসকীয় পক্ষই আন্তঃৰাষ্ট্ৰীয় বজাৰকে দোহাৰি আহিছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত বৰ্তমান তেলৰ দাম কমা নাই। এক বেৰেল কেচা তেলৰ দাম এতিয়াও ভাৰতীয় মূল্যত ১০০ টকাৰ উৰ্ধত হৈ আছে।
যদিও ৰাছিয়াৰ তেলৰ ওপৰত ভাৰত বৰ এটা নিৰ্ভৰশীল নহয়, তৎসত্বেও পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত প্রভাৱ পৰিছে খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত। কিন্তু ইয়াৰ বিপৰীতে ভাৰতত বঢ়া নাই ইয়াৰ দাম। কিয় বঢ়া নাই তেলৰ দাম?
ইয়াৰ কাৰণ হৈছে নিৰ্বাচন। দেশত এতিয়া নিৰ্বাচনৰ বতৰ। উত্তৰপ্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা, মণিপুৰত বিধানসভা নিৰ্বাচন চলি আছে। এই লৈ মোদী চৰকাৰ ব্যস্ত হৈ পৰিছে।
২০২৪ চনৰ প্ৰাকক্ষণত এই নিৰ্বাচনসমূহে গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হৈছে। আনকি উত্তৰপ্ৰদেশৰ নিৰ্বাচনক ২০২৪ৰ চেমি ফাইনেল বুলিও অভিহিত কৰা হৈছে। নিৰ্বাচনটোত জয়ী হ’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।
সেইবাবেই মূলতঃ পেট্ৰ’ল-ডিজেলৰ কোনো দাম বৃদ্ধি কৰা নাই। যাতে ভোটৰ সময়ত ভোটাৰ সন্তুষ্ট হৈ থাকে। যাতে তেলৰ দামৰ দৰে মৌলিক বিষয়সমূহ পাহৰি থাকে। যাতে ভোটাৰসকল হিন্দু-মুছলিমৰ ৰাজনীতিৰ বলিৰ পঠা হৈ থাকে।
দেশবাসীৰ কোনো উন্নতিৰ বাবে নহয়, কেৱল ক্ষমতাত তিষ্ঠি থাকিবলৈকে মোদী চৰকাৰে তেলৰ দাম বৃদ্ধি কৰা নাই। নিৰ্বাচন নথকা হ’লে হয়তো এতিয়াও তেলৰ দাম হোৰাহোৰে বৃদ্ধি হৈ থাকিলহেঁতেন!
কিন্তু উক্ত ৰাজ্যকেইখনত নিৰ্বাচন সমাপ্ত হ’লে কি হ’ব? পেট্ৰ’ল-ডিজেলৰ মূল্য পুনৰ বৃদ্ধি হ’ব নেকি? পুনৰ ১০০ টকাৰ ওপৰত এক লিটাৰ পেট্ৰ’ল কিনিব লাগিব নেকি? যদি এই প্ৰশ্নকেইটা পৰ্যালোচনা কৰা হয়, তেন্তে নিশ্চিতভাৱে ক’ব পাৰি যে নিৰ্বাচন শেষ হ’লেই পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বাঢ়ি যাব!
এই আশংকা কৰা হৈছে ২০১৮ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি। ২০১৮ চনৰ মে’ মাহত আন্তঃৰাষ্ট্ৰীয় বজাৰতকৈও অধিক কম মূল্যতে পেট্ৰ’ল ডিজেল ক্ৰয় কৰিব পৰা গৈছিল। ১৯ দিন ধৰি এই মূল্য স্থিৰ হৈ আছিল।
কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পাছতে তেল কোম্পানীসমূহে তেলৰ দাম বৃদ্ধি কৰিব ধৰে। ১৬ দিন ধৰি এই মূল্য বৃদ্ধি চলি আছিল। পেট্ৰ’লৰ প্ৰতি লিটাৰত ৩.৮ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰ ৩.৩৮ টকাকৈ বৃদ্ধি হৈছিল।
তদুপৰি ২০১৭ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়তো ১৪ দিন ধৰি তেলৰ দাম স্থিৰ হৈ আছিল।
ইয়াৰ পৰাই প্ৰমাণ পোৱা যায় মোদী চৰকাৰৰ দেশবাসীৰ প্ৰতি কিমান দৰদ! দেশবাসীৰ কোনো উ্ন্নতিৰ বাবে নহয়, ক্ষমতাত বৰ্তি থাকিবলৈকে নানা তৰহৰ কাৰচাজি কৰি আহিব ধৰিছে মোদী চৰকাৰে। ইয়াৰ পৰা আনকি বাচি যোৱা নাই পেট্ৰ’ল-ডিজেলো!





