• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাৰগাৰলৈ নৱাব মালিক: কেতিয়া কাৰাগাৰমুখী হ’ব বিজেপিৰ কেলেংকাৰীগ্ৰস্ত ৰথী-মহাৰথী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2022 7:44 pm
Nawab Malik
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি এনফ’ৰচমেণ্ট ডিৰেক্টৰেট, চমুকৈ ইডিয়ে গ্ৰেপ্তাৰ কৰে নৱাব মালিকক। শেহতীয়াকৈ কেইবামাহ ধৰি দেশজুৰি চৰ্চাত আছে এনচিপিৰ এই মন্ত্ৰীজন। মোদী চৰকাৰৰ বিৰুদ্ধে মালিকে কেইবাটাও বিস্ফোৰক ভাষ্য প্ৰদান কৰি আহিছে।

তদুপৰি তেওঁৰ নিজৰ ৰাজ্য মহাৰাষ্ট্ৰত কেন্দ্ৰৰ অনুসন্ধানকাৰী আয়োগসমূহে ক্ষমতাৰ অপব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলিছিল।

Apply Now

এইসমূহলৈ লক্ষ্য কৰিলে মালিকক গ্ৰেপ্তাৰ কৰাটো অৱশ্যসম্ভাৱী বুলি বহুতে আশংকা কৰিছিল। আশংকা কৰামতেই কালি গ্ৰেপ্তাৰ হয় তেওঁ।

উল্লেখযোগ্য যে নৱাব মালিক মহাৰাষ্ট্ৰৰ সংখ্যালঘু আৰু দক্ষতা বিকাশ মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত আছে। এনেদৰে এজন গুৰুত্বপূৰ্ণ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰি ইডিয়ে দেশৰ বিৰোধী নেতাসমূহত হকে-বিহকে লক্ষ্য কৰি লোৱা বুলি বহুতে মতপোষণ কৰিছে।

গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁক ৩ মাৰ্চলৈকে ইডিৰ জিম্মাত লোৱা হৈছে। তেওঁৰ ওপৰত ইডিয়ে অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধী আইন ২০০২ৰ অধীনত গোচৰ তৰিছে। লক্ষ্যণীয়ভাৱে আদালতত বিচাৰৰ হাজিৰ পূৰ্বেই তেওঁক অপৰাধী হিচাপে ইডিয়ে অভিযুক্ত কৰিছে।

মালিকৰ ওপৰত ভূমি কেলেংকাৰীৰ অভিযোগো তুলিছে ইডিয়ে। অভিযোগ অনুসৰি, মালিকে কুখ্যাত গেংষ্টাৰ ডাউড ইব্ৰাহিমৰ ভগ্নী হাছীনা পাৰ্কাৰৰ পৰা ভূমি ক্ৰয় কৰিছিল। এই ক্ৰয় অবৈধ আছিল বুলি ইডিয়ে অভিযোগ কৰিছে।

কোৱা হৈছে যে মুম্বাইৰ কুৰ্লা নামৰ ঠাইখনত থকা এই ভূমিখণ্ডৰ যথোচিত মূল্যতকৈ অতি কম মূল্যত ক্ৰয় কৰিছে মালিকে। তদুপৰি আটাইতকৈ ডাঙৰ অভিযোগ হৈছে ভূমিখিনি ডাউদ ভগ্নী হাছীনাৰ নহয়েই। বৰঞ্চ ভূমিখিনি মুনিৰা আৰু মাৰিয়াম নামৰ দুগৰাকী অন্য ব্যক্তিৰহে।

কিন্তু অবৈধ লেনদেনৰ দ্বাৰা নৱাব মালিকে ভূমিখিনি ক্ৰয় কৰে। ইডিয়ে অভিযোগ কৰা মতে, উক্ত ভূমিখিনিৰ প্ৰকৃত মূল্য হৈছে চাৰে তিনি কোটি। কিন্তু মালিকে ক্ৰয় কৰিছিল মাত্ৰ ৫৫ লাখ টকাতে।

আনহাতে, মালিকৰ অধিবক্তাই কৈছে যে মন্ত্ৰীজনৰ ওপৰত ৰাজনৈতিক প্ৰতিশোধ লোৱা হৈছে। তেওঁ কয় যে উক্ত ভূমিখিনি ১৯৯৯ চনতে মালিকে ক্ৰয় কৰিছিল।

কিন্তু যোৱা ২০ বছৰ ধৰি কোনো অনুসন্ধান চলোৱা নহ’ল। সমগ্ৰ কেচটোক ভুৱা আখ্যা দি তেওঁ কয় যে এতিয়া কিয় এইদৰে মালিকক এইসমূহত সাঙোৰা হৈছে?

উল্লেখযোগ্য যে ইতিমধ্যে মালিকে মহাৰাষ্ট্ৰৰ এজন জনপ্ৰিয় নেতা হিচাপে পৰিচিত হৈ পৰিছে। শ্বাৰদ পাৱাৰ নেতৃত্বাধীন এনচিপি দলৰ হৈ মুম্বাইৰ অনুশক্তি নগৰ বিধানসভা সমষ্টিৰ পৰা তেওঁ পাঁচবাৰকৈ নিৰ্বাচিত হৈ আহিছে।

যোৱা বৰ্ষত তেওঁ নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰো, চমুকৈ এনচিবিক সমালোচনা কৰাৰ পাছৰে পৰা দেশজুৰি চৰ্চিত হ’ব ধৰে। অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক ড্ৰাগছ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰাৰ পাছতে এনচিবিৰ পদাধিকাৰী সমীৰ ৱাংখেৰেক লক্ষ্য কৰি কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে মালিকে।

শ্বাহৰুখ খানক মোদী চৰকাৰে ৰাজনৈতিকভাৱে লক্ষ্য কৰি লোৱা বুলি কয় তেওঁ। তাৰপাছতে মহাৰাষ্ট্ৰৰ বিজেপি নেতৃবৰ্গ আৰু নৱাব মালিকৰ মাজত বাকযুদ্ধ আৰম্ভ হয়।

মহাৰাষ্ট্ৰৰ বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে মালিক এটা ভূমি কেলেংকাৰীতো জড়িত থকা বুলি অভিযোগ কৰে। এতিয়া ইডিয়ে সেই অভিযোগটোৰ মতেই মালিকক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে মালিকৰ পূৰ্বে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী হৈ থকা অৱস্থাতে অনিল দেশমুখকো কেন্দ্ৰীয় আয়োগে গ্ৰেপ্তাৰ কৰি ৰাখিছে। দেশমুখৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। নৱেম্বৰৰ পৰা তেওঁ কাৰাগাৰত আছে।

মালিকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁৰ দল এনচিপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দলটোৰ মুৰব্বী শ্বাৰদ পাৱাৰে কয় যে বিজেপিয়ে এয়া নিকৃষ্ট ৰাজনীতি কৰিছে। তদুপৰি নিজেও নবৈৰ দশকত এইধৰণৰ অভিযোগ আৰু ৰাজনীতিৰ বলি হোৱা বুলি জনায়।

দেশৰ এজন অন্যতম বয়োজ্যেষ্ঠ নেতা হিচাপে শ্বাৰদ পাৱাৰৰ নাম আছে। এনে এজন নেতাই যিহেতু এনেধৰণে কৈছে, নিশ্চয় ইয়াৰ গভীৰ তাৎপৰ্য আছে।

প্ৰথমতে চোৱা যাওক, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানকাৰী আয়োগসমূহৰ ভূমিকা কেনেধৰণৰ? ৰাজনৈতিক পক্ষপাতদুষ্ট ভূমিকাত অৱতীৰ্ণ হৈছে নেকি আয়োগসমূহ? বিজেপিয়ে এই আয়োগসমূহৰ দ্বাৰা বিৰোধীৰ কণ্ঠৰোধ কৰিব বিচাৰিছে নেকি?

যদি এই প্ৰশ্নসমূহ জুকিয়াই চোৱা হয়, তেন্তে দেখা যায় যে ই এটা সত্য কথা। মহাৰাষ্ট্ৰত এতিয়া এখন বিজেপি বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ আছে। মোদী চৰকাৰৰ নীতিসমূহৰ তীব্ৰ সমালোচনা আৰু বিৰোধ কৰি আহিছে মহাৰাষ্ট্ৰই। তাৰেই প্ৰতিশোধস্বৰূপে কেন্দ্ৰই অনিল দেশমুখ, নৱাব মালিকক চিকাৰ কৰা নাইতো?

কিন্তু বিৰোধী নেতাসকলক এইদৰে গ্ৰেপ্তাৰ কৰি অহা মোদী চৰকাৰে বিজেপি আৰু মিত্ৰ দলসমূহৰ দুৰ্নীতিগ্ৰস্ত নেতা-মন্ত্ৰীসকলৰ প্ৰতি কিধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? এইক্ষেত্ৰত পোনপ্ৰথমেই নাম ল’ব লাগিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ।

হাজাৰ কোটি টকীয়া লুই বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰীৰ উপৰিও ডঃ শৰ্মা শেহতীয়াকৈ এটা বিয়াগোম ভূমি কেলেংকাৰীত নিমজ্জিত হৈ আহিছে। উত্তৰ গুৱাহাটীৰ ২৯ বিঘা ৯ লেচা ভূমি আৰবিআই ৰিয়েলটেকৰ নামত ডঃ শৰ্মাৰ পত্নী আৰু পুত্ৰই অবৈধভাৱে ক্ৰয় কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দেশৰ আগশাৰীৰ সংবাদ সংস্থা দ্যা ৱাইয়াৰত এই বিষয়ে বিতং প্ৰতিবেদন প্ৰকাশ পাইছে। কিন্তু ডঃ শৰ্মাৰ প্ৰভাৱাধীন বিয়াগোম মিডিয়া হাউচসমূহে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰিবলৈ সাহ কৰা নাই।

বিষয়টো পাৰ্যমানে গাপ দি ৰাখিলেও কেলেংকাৰীটো জনাজাত হৈ আহিব ধৰিছে। কিন্তু বিজেপিত থকাৰ বাবেই আইনৰ দৃষ্টিৰ পৰা বাচি আছে ডঃ শৰ্মা। কেৱল সেয়াই নহয়, মোদী-যোগীৰ পাছতে বৰ্তমান দেশজুৰি চৰ্চাত থকা বিজেপি নেতাজন হৈছে হিমন্ত বিশ্ব শৰ্মা।

আনহাতে, শেহতীয়াকৈ লখিমপুৰ খেৰী কাণ্ডত অভিযুক্ত বিজেপি মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই জামিন লাভ কৰিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এই জামিনক ৰাজনৈতিক বল প্ৰয়োগৰ দ্বাৰাই লাভ কৰা হৈছে বুলি বিৰোধী পক্ষই কটাক্ষ কৰিছে।

এতিয়া প্ৰশ্ন হয়, বিজেপি-RSS তথা NDAৰে মিত্ৰতা কৰিলেই চৰম দুৰ্নীতিত নিমজ্জিত নেতাসকলে আইনৰ উৰ্ধত যাব পাৰে নেকি? এয়াই নেকি মোদীৰ নিউ ইণ্ডিয়া? এয়াই নেকি দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীলতা? এয়াই নেকি সবকা সাথ সবকা বিকাশ?

হিন্দীত কথিত আছে যে হৰ কুত্তে কা দিন আটা হে। এতিয়া, কেন্দ্ৰত বিজেপি চৰকাৰ নাথাকিলে ডঃ শৰ্মাৰ দৰে দুৰ্নীতিগ্ৰস্ত নেতাৰ কি হ’ব? তেতিয়া তেওঁৱো অনিল দেশমুখ অথবা নৱাব মালিকৰ দৰেই জেললৈ যাব লাগিব নেকি?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd