সুৰাপানৰ ইতিহাস মানৱ সভ্যতাৰ পাতনিৰ ইতিহাসৰ সৈতে একপ্ৰকাৰ ওতঃপ্ৰোতভাৱে সংযুক্ত। কাৰণ পৃথিৱীৰ প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীৰেই নিজস্ব নিচাযুক্ত পানীয়ৰ প্ৰস্তুতি আৰু সেৱনৰ প্ৰচলন অতীজৰে পৰাই আছে। পিছে সুৰাপান যে বহুদিশৰে পৰাই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক-এই বিষয়ে প্ৰায় সকলো মানুহৰে সুস্পষ্টকৈ নহ’লেও এক সম্যক ধাৰণা আছে।
যদিওবা সুৰাপানে এজন ব্যক্তিক সাময়িকভাৱে কিছু অৱসাদমুক্ত কৰি তোলে, পিছে এই সুৰাপানেই শাৰীৰিক আৰু মানসিক বিভিন্ন ধৰণৰ ক্ষতিৰ কাৰণ হ’ব পাৰে, সুৰাই শাৰিৰীকভাৱে প্ৰথমেই আৰু মূলতঃ ক্ষতি কৰে যকৃত বা লিভাৰৰ। কাৰণ, এজন ব্যক্তিয়ে যি সুৰাপান কৰে, সেই সুৰাৰ ৮০% ই পৰিশোধন প্ৰক্ৰিয়াৰ বাবে যকৃতৰ মাজেৰে পাৰ হৈ যায়।
গতিকে, এজন ব্যক্তিয়ে দীৰ্ঘসময়ৰ বাবে যদিহে সুৰাপান কৰি থাকে, তাৰ ফলত এজন ব্যক্তিৰ যকৃতত ক্ৰমশঃ ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে আৰু যকৃতৰ বাবে ক্ষতিকাৰক বিভিন্ন ৰসায়নিক দ্ৰব্যৰ নিঃসৰণ হ’বলৈ ধৰে। যিয়ে পৰৱৰ্তী পৰ্যায়ত যকৃত আকাৰ বৃদ্ধিকে আদি কৰি বিভিন্ন ৰোগৰ প্ৰাৰম্ভণি ঘটাই।
মানৱদেহৰ দ্বিতীয় বৃহৎ অংগ যকৃতে খুব সহজেই নিজৰ নতুন কোষ গঠন কৰিব পাৰে যদিও,অত্যধিক মাত্ৰাত দীৰ্ঘকালৰ বাবে সুৰাপান কৰি থাকিলে যকৃতে লাহে লাহে নিজৰ এই কাৰ্যক্ষমতা হেৰুৱাই পেলাবলৈ ধৰে। ফলত সুৰাপানৰ বাবে নষ্ট হোৱা কোষসমূহৰ ঠাইত নতুন কোষ সৃষ্টি নহয়।
সুৰাপানৰ ফলত এনেদৰে এজন মানুহৰ যকৃতত সৃষ্টি হোৱা এনে বিভিন্ন ধৰণৰ ৰোগসমূহক চিকিৎসা-বিজ্ঞানৰ ভাষাত “এলক’হ’লিক লিভাৰ ডিজিজ(ALD)”বুলি কোৱা হয়। আজি এই এলক’হ’লিক লিভাৰ ডিজিজ আৰু ইয়াৰ আনুষংগিক কিছু কথা সম্পৰ্কেই এটি চমু আভাস দিবৰ চেষ্টা কৰা হৈছে।
দীঘলীয়া সময়জুৰি কৰা সুৰাপানৰ ফলত এজন ব্যক্তিৰ লিভাৰৰ হ’ব পৰা প্ৰধান ৰোগকেইবিধমান হৈছে-
১)এলক’হ’লিক ফেটী লিভাৰ ডিজিজঃ- এই ৰোগত দীঘলীয়া সময়ৰ বাবে অত্যধিক মাত্ৰাত কৰা সুৰাপানৰ ফলস্বৰূপে এজন ব্যক্তিৰ যকৃতত অপ্ৰয়োজনীয়ভাৱে চৰ্বী জমা হৈ যকৃত ফুলিবলৈ ধৰে। আনকি কম সময়ৰ বাবে বেছি মাত্ৰাত কৰাৰ সুৰাপানৰ ফলতো যকৃতত এনেদৰে চৰ্বী জমা হ’ব পাৰে। ই এলক’হ’লিক লিভাৰ ডিজিজ(ALD)ৰ প্ৰথম পৰ্যায়।যদিওবা এই ৰোগৰ তেনে কোনো লক্ষণ নেথাকে,কিন্তু ই এজন ব্যক্তিৰ সুৰাপানৰ বিপদজনক মাত্ৰাক সূচাই। আনকি কেইসপ্তাহমানৰ বাবে সুৰাপান সম্পূৰ্ণৰূপে বন্ধ কৰিলেও এই ৰোগ নিৰ্মূল কৰিব পৰা যায়।
২)এলক’হ’লিক হেপাটাইটিছঃ-সাধাৰণ ভাষাত ক’বলৈ গ’লে সুৰাপানৰ ফলত হোৱা জণ্ডিচ ৰোগ,যি আন সংক্ৰামক জণ্ডিচ বা হেপাটাইটিছ ৰোগৰ দৰে নহয়। এই ৰোগ সাধাৰণতে দীৰ্ঘসময়ৰ বাবে কৰা সুৰাপানৰ ফলত হোৱা দেখা যায়। বা কিছুক্ষেত্ৰত কম সময়ৰ ভিতৰত কৰা অত্যধিক সুৰাপানো ইয়াৰ কাৰণ হ’ব পাৰে। এই ৰোগ ৰোগীজনৰ বাবে এক গম্ভীৰ বিপদসংকেত।
এই ৰোগে সূচাই যে, মাত্ৰাধিক সুৰাপানৰ ফলত তেওঁৰ লিভাৰ বাৰুকৈয়েই ক্ষতিগ্ৰস্ত হৈছে। গম্ভীৰ যদিও, প্ৰাথমিক অৱস্থাতে ধৰা পৰিলে আৰু স্থায়ীভাৱে সুৰাপান বন্ধ কৰিলে, এজন ৰোগীয়ে এই ৰোগৰ পৰাও পৰিত্ৰাণ পোৱা সম্ভৱ। পিছে এই ৰোগে অতি জটিল পৰ্যায় পালেগৈ, ইয়াৰ ফলত ৰোগীৰ মৃত্যু পৰ্যন্তও হ’ব পাৰে। কিবাকৈ মৃত্যুৰ পৰা হাত সাৰিলেও ৰোগীজনৰ যকৃতৰ যথেষ্ট পৰিমাণে ক্ষতি হোৱা দেখা যায়।
৩)চিৰ’চিছঃ-যকৃতৰ চিৰ’চিছৰ অৰ্থ হৈছে যকৃতত দীৰ্ঘস্থায়ীৰূপত লগা ঘাঁ বা একপ্ৰকাৰৰ আঘাত। যকৃতৰ এই ৰোগাৱস্থাৰ পৰা সাধাৰণতেই সম্পূৰ্ণ সুস্থতা সম্ভৱপৰ নহয় যদিও, তাৎক্ষণিকভাৱে সুৰাপান বন্ধ কৰাৰ ফলত এই ৰোগৰ ফলত হ’ব পৰা যকৃতৰ পৰৱৰ্তী ক্ষতিক বাধা দিব পৰা যায়।
এতিয়া আহো যকৃতৰ ওপৰত উল্লিখিত ৰোগসমূহৰ ফলত তথা ইয়াৰ উপৰঞ্চি সৃষ্টি হোৱা জটিলতাসমূহৰ বিষয়লৈ। কাৰণ এলক’হ’লিক লিভাৰ ডিজিজ(ALD)ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিসংখ্যা যোৱা দুটা দশকত যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাৰ তথ্য আছে।
ইয়াৰ ফলত হ’ব পৰা আন কিছুমান প্ৰাণণাশী কিছুমান জটিল ৰোগ যেনে- ৰোগীৰ দেহৰ অভ্যন্তৰত হোৱা ৰক্তক্ষৰণ, মগজুত দূষিত পদাৰ্থৰ সৃষ্টি হোৱা (এনকেফেল’পেথী, পেটৰ ভিতৰত পানীৰ দৰে দ্ৰব্য জমা হোৱাৰ ফলত বৃক্ক(কিডনী)অকামিলা হৈ পৰা, যকৃতৰ কৰ্কটৰোগ, অন্যান্য ধৰণৰ ৰোগৰ সংক্ৰমণ হ’ব পৰাকৈ দেহতো অধিক দুৰ্বল হৈ পৰা, পৰ্টেল সীৰাত পৰা অধিক ৰক্তচাপ, হেপাটিক এনকেফেল’পেথী(যকৃতে তেজৰ পৰিশোধন কৰিব নোৱাৰাৰ ফলত হোৱা মগজুৰ অচলাৱস্থা,আৰু শ্বাসতন্ত্ৰ আৰু মুত্ৰাশয়ত হোৱা সংক্ৰমণ ইত্যাদি।
এতিয়া কথা হ’ল-সুৰাপানৰ ফলত হোৱা ভিন্ন ৰোগৰ এই জটিলতাসমূহৰ পৰা এজন ব্যক্তিয়ে নিজকে কিদৰে ৰক্ষা কৰিব পাৰিব? প্ৰথম, প্ৰধান আৰু একমাত্ৰ উপায় হৈছে-সুৰাপান কৰা একেবাৰেই বন্ধ কৰা অথবা পুৰুষ-নাৰী উভয়ৰে বাবে স্বাস্থ্যজনিত দিশলৈ চকু ৰাখি নিৰ্ধাৰণ কৰা মাত্ৰাতহে সুৰাপান কৰা।
পিছে এই মাত্ৰা অনুসৰিও সপ্তাহৰ প্ৰতিদিনে সুৰাপান কৰাতো স্বাস্থ্যসন্মত নহয়। দীঘলীয়া সময়জুৰি অধিক মাত্ৰাত সুৰাপান কৰি থকা ব্যক্তি এজনৰ যকৃতৰ লগতেই সামগ্ৰিকৰূপত স্বাস্থ্যৰো উন্নতি ঘটা সম্ভৱ, যদিহে ব্যক্তিজনে সুৰাপান বন্ধ কৰে বা ইয়াৰ পৰিমাণ সীমিত কৰে।
পিছে সুৰাপানৰ ফলত সৃষ্টি হোৱা এনে বহু ৰোগৰ পৰা একমাত্ৰ যে সেই ভূক্তভোগী সুৰাপায়ীগৰাকীয়েই ক্ষতিগ্ৰস্ত বা প্ৰভাৱান্বিত হয়, এনে নহয়। এনে এজন সুৰাপায়ীৰ সুৰাপানৰ অভ্যাস আৰু ৰোগগ্ৰস্ততাৰ প্ৰভাৱ তেওঁৰ সংগী, সন্তান তথা পৰিয়ালৰ পৰা আৰম্ভ কৰি চৌপাশৰ সমাজখনতো পৰিবলৈ আৰম্ভ কৰে। আৰু নিশ্চিতভাৱেই এই প্ৰভাৱৰ কোনো যোগাত্নক দিশ নাই।
বহু সময়ত সুৰাপায়ী লোকে নিচাগ্ৰস্ত অৱস্থাত নিজৰ জ্ঞাতে-অজ্ঞাতেই সংঘটিত কৰা ভিন্ন দুৰ্ঘটনা(অনিয়ন্ত্ৰিত বেগত বাহন চলাই সংঘটিত কৰা দুৰ্ঘটনাকে আদি কৰি)বা আন অপৰাধজনিত ঘটনাৰ সংখ্যাও কম নহয়। যাৰফলত সুৰাপায়ীজনৰ নিজৰ ক্ষতি হোৱাৰ লগতে আন কাৰোবাৰ প্ৰাণলৈ সংশয় পৰ্যন্ত আনিব পাৰে। মাত্ৰাধিক নিচা কৰি আত্মহত্যা কৰা লোকৰ উদাহৰণো কম নহয়।
এনেবোৰ ঘটনা বা দুৰ্ঘটনা, সুৰাৰ নিচাই মগজুত আনি দিয়া তীব্ৰ উদ্দীপনাৰ হেতুকেই সম্ভৱপৰ হৈ উঠে। নিচাগ্ৰস্ত অৱস্থাত কৰা অসুৰক্ষিত যৌন-সম্পৰ্কৰ ফলত HIV/AIDS কে আদি কৰি অন্যান্য সংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও প্ৰবল। নিচাগ্ৰস্ত হৈ সংঘটিত কৰা হিংসা বা আন অপৰাধৰ ফলত আইনী মেৰ-পেচৰ আওতাত সোমাই পৰাও এক স্বাভাৱিক কথা।
মুঠতে এজন সুৰাপায়ীৰ সুৰাপানৰ অভ্যাসৰ প্ৰভাৱ প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক তেওঁৰ চৌপাশৰ মানুহ আৰু পৰিবেশৰ ওপৰত পৰাতো নিশ্চিত। বিশেষকৈ পৰিয়ালত এনে কোনো সুৰাপান কৰি ঘৰুৱা হিংসা কৰা লোক থাকিলে তেওঁৰ নেতিবাচক প্ৰভাৱ ঘৰত থকা বাঢ়ন্ত শিশুৰ ওপৰত পৰাতো অৱধাৰিত।
১৮ শ শতিকা মানৰ পৰা নাৰীয়ে সুৰাপান কৰাও এক সহজ কথা হৈ পৰিলে। ইয়াৰ ফলতো নাৰীগৰাকীৰ স্বাস্থ্যকে ধৰি, সামাজিক, পাৰিবাৰিক বিভিন্ন দিশতো বিশৃংখলতাৰ সৃষ্টি হোৱাৰ অৱকাশ আহি পৰিলে। এনেয়ো চিকিৎসা-বিজ্ঞান অনুসৰি দৈহিক গঠনৰ দিশৰ পৰা চালে একে মাত্ৰাত সুৰাপান কৰা পুৰুষ এজনৰ তুলনাত নাৰীগৰাকীৰ শাৰীৰিক স্বাস্থ্য অধিক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বেছি হয়।
পূৰ্বে উল্লিখিত ৰোগ আৰু জটিলতাসমূহৰ উপৰিও দীঘলীয়া সময় সুৰাপানৰ অভ্যাসৰ ফলত এজন ব্যক্তিৰ শাৰীৰিকৰ লগতেই মানসিক স্বাস্থ্যও ক্ষতিগ্ৰস্ত হ’বলৈ ধৰে। যাৰ ফলস্বৰূপে সুৰাপায়ী এজনে নিজৰ সুৰাপানৰ অভ্যাস আৰু সুৰাৰ মাত্ৰাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাবলৈ আৰম্ভ কৰে।
লাগে সেই অভ্যাসে তেওঁৰ শাৰীৰিক-মানসিক, পাৰিবাৰিক, আৰ্থিককে আদি কৰি যিধৰণৰেই ক্ষতি নকৰক কেলৈ, তেওঁ সুৰাপানৰ অভ্যাস বাদ দিব নোৱাৰে। সুৰাপায়ী এজনৰ এই ৰোগগ্ৰস্ত অৱস্থাক “এলক’হ’ল ইউজ ডিছঅৰ্ডাৰ”(AUD)(সুৰাৰ অপ-ব্যৱহাৰৰ বিসংগতি)বুলি কোৱা হয়। এই ৰোগগ্ৰস্ততাৰ পৰা মুক্ত হ’বলৈয়ো ৰোগী এজনক শাৰীৰিকৰ সমান্তৰালকৈ মানসিক ৰোগৰ চিকিৎসাৰো প্ৰয়োজন হয়।
লেখকৰ Email- [email protected]