উত্তৰ আটলাণ্টিক চুক্তি সংস্থা চমুকৈ নাটোৰ সদস্যপদ লাভৰ বাবে এতিয়া কোনোধৰণৰ হেঁচা দিয়া নাই ইউক্ৰেইনে। এই কথা ঘোষণা কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে।
জেলেনস্কিয়ে কয় যে তেওঁ ইউক্ৰেইনৰ নাটো সদস্যপদ লাভৰ বিষয় সন্দৰ্ভত এতিয়া অনিচ্ছুক হৈ পৰিছে।
“নাটো ইউক্ৰেইনক গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয় বুলি বুজি পোৱাৰ পিছত আমি নাটোৰ সদস্য পদৰ বিষয়ত অনিচ্ছুক হৈ পৰিছো।” এক টেলিভিছন সাক্ষাৎকাৰত জেলেনস্কিয়ে কয়।
ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে লগতে কয়, “মিত্ৰজোঁটে বিতৰ্কিত বিষয় আৰু ৰাছিয়াৰ সৈতে সংঘৰ্ষক ভয় কৰে।”
জেলেনস্কিয়ে কয় যে ইউক্ৰেইন আঁঠু কাঢ়ি ভিক্ষা খোজা দেশ হ’ব নিবিচাৰে আৰু তেওঁ সেই ধৰণৰ ৰাষ্ট্ৰপতি হ’ব নিবিচাৰে।
উল্লেখ্য ইউক্ৰেইনে নাটোৰ সদস্যপদ বিচৰা প্ৰস্তাৱত ৰাছিয়া অসন্তুষ্ট হৈছিল। ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ ই এক প্ৰধান কাৰণ হিচাপে চিহ্নিত কৰা হৈছে।
জেলেনস্কিয়ে লগতে যে তেওঁ দুটা বিচ্ছিন্ন ৰাছিয়াপন্থী অঞ্চল ডনেটস্ক আৰু লুগাংস্কৰ স্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ সাজু।
স্মৰ্তব্য যে ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে ৰাছিয়াই ডনেটস্ক আৰু লুগাংস্ক প্ৰদেশক স্বাধীন গণৰাজ্য হিচাপে স্বীকৃতি দিছিল।