কৰ্ণাটকৰ এখন চহৰত হোৱা ঘটনা এটাই বহু বিতৰ্কৰ লগতে কিছু মৌলিক প্ৰশ্নৰ উত্থাপন কৰিছে। যোৱা ১ জানুৱাৰীত কৰ্ণাটকৰ উডুপিৰ এখন বিদ্যালয়ত ছয়গৰাকী ছাত্ৰীক হিজাব পৰিধান কৰাৰ বাবে বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। এই বিষয়ে বিভিন্ন ফালৰ পৰা প্ৰতিবাদ/ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে সামাজিক মাধ্যমত এটি ভিডিঅ’ ভাইৰেল হৈ পৰিল।
কলেজত বোৰ্খা পৰিধান কৰি যোৱা এগৰাকী ছোৱালীক ভালে কেইজন লৰাই ‘জয় শ্ৰী ৰাম’ ধ্বনি দি আগুৰি ধৰাত ছোৱালীগৰাকীয়ে প্ৰত্যুত্তৰত ‘আল্লাহু আকবৰ’ বুলি চিঞৰি দিলে। ইয়াৰ পিছতে যেন মানুহবোৰ দুই ভাগত বিভক্ত হৈ পৰিল। কিছু মানুহে ছোৱালী গৰাকীক শিক্ষানুষ্ঠানত ধৰ্মীয় পোছাক পৰিধান কৰি অহা বাবে সমালোচনা কৰিলে । আকৌ আন কিছুমানে তাইক নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে সমৰ্থন কৰিলে ।
পিছে এই ঘটনাই কিছু মৌলিক প্ৰশ্নৰ উত্থাপন নকৰা নহয়। চৰকাৰী শিক্ষানুষ্ঠান বিশেষকে উচ্চতৰ মাধ্যমিক আৰু কিছু ঠাইত মহাবিদ্যালয়তো ইউনিফৰ্মৰ ব্যৱস্থা কৰা হৈছে। সেই অনুষ্ঠানবোৰত মুছলমান ছাত্ৰীসকলে হিজাব পৰিধান কৰি যাব পাৰে নে নাই? হিজাব হল চুলিখিনি ঢাকি ওৰণি লোৱা। ইয়াতে মুখমণ্ডল ঢকা নাথাকে। এইটো যদি বেআইনী হয় তেন্তে শিখ সম্প্ৰদায়ৰ মানুহবোৰৰ পাগুৰী পিন্ধা কেনেকৈ বৈধ হব পাৰে?
কৰ্ণাটকত এই বিবাদবোৰ চলি থাকোতে মুছলমান ছাত্ৰী কিছুমানে উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে নিজৰ অধিকাৰৰ হকে।
ইছলামত হিজাবৰ গুৰুত্ব কি নাইবা হিজাবৰ বিষয়ে কোৰাণ শ্বৰিফত কি কোৱা হৈছে সেই বিষয়ে ইয়াত চৰ্চা কৰা নহব। এই লেখাত কেৱল এই বিতৰ্কই মুছলমান মহিলাৰ অধিকাৰ বিশেষকৈ শৈক্ষিক অধিকাৰ কেনেকৈ খৰ্ব কৰিব সেই বিষয়ে আলোচনা কৰা হব।
স্বাধীনতাৰ সাতটা দশকৰ পিছতো শিক্ষাৰ ক্ষেত্ৰত মুছলমান মহিলা বহুত পিছ পৰি আছে। ৰীতু মেনন আৰু জয়া হাচানৰ দ্বাৰা সম্পাদিত কিতাপ Unequal Citizens ত তুলনামূলক অধ্যয়নৰ জৰিয়তে মুছলমান মহিলাৰ এই দুৰাৱস্থাৰ চিত্ৰ দাঙি ধৰা হৈছে। বিশেষকৈ কাৰিকৰী বিষয়, গৱেষণামূলক বিষয় আৰু উচ্চ স্তৰত মুছলমান মহিলাৰ সংখ্যা অতি মুষ্টিমেয়।
ইয়াৰ এটা অন্যতম কাৰণ হল পৰ্দা প্ৰথা। এতিয়াও বহু ৰক্ষণশীল মুছলমান পৰিয়ালে নিজৰ ছোৱালীক বোৰ্খা বা হিজাব অবিহনে বাহিৰলৈ ওলাবলৈ নিদিয়ে। ইয়াৰ মাজতে অৱশ্যে কিছু শিক্ষিত মুছলমান মহিলা আছে যিসকলে স্ব ইচ্ছাই হিজাব পৰিধান কৰে। পিছে তেনে মহিলাৰ সংখ্যা একেবাৰে নগণ্য। সৰহ সংখ্যক ছোৱালীৰ বাবে কোনে কি পৰিধান কৰিব সেইটো পৰিয়ালে ঠিক কৰি দিয়ে। কিন্তু তাৰ পিছতো বহু মুছলমান ছোৱালীয়ে নিজৰ শিক্ষা অব্যাহত ৰখাৰ বাবে এই নিয়মবোৰ মানি চলে। এটি স্বাধীন সৱল ভৱিষ্যতৰ সপোন দেখা ছোৱালীবোৰৰ বাবে হিজাব পৰিধান কৰাটো এটা সৰু আপোচৰ বিষয়।
কিন্তু এই হিজাবৰ বাবে মুছলমান ছাত্ৰীবোৰক শিক্ষাৰ পৰা বঞ্চিত কৰাৰ অৰ্থ হল তেওঁলোকৰ সৱলীকৰণৰ পথ অৱৰোধ কৰা। সাম্প্রতিক সময়ত কর্ণাটকত হোৱা ঘটনাই এনে কিছু পৰিস্থিতিৰ উদ্ভৱ কৰিছে য’ত ছাত্র- ছাত্রীসকলৰ শিক্ষাতকৈ তেওঁলোকৰ ধর্মীয় পৰিচয় গুৰুত্বপূর্ণ হৈ পৰিছে। আৰু লগতে এই বিবাদৰ সহায় লৈ কিছু ৰাজনৈতিক দলে নিজৰ আধিপত্য বিস্তাৰৰ চেষ্টা কৰি আছে – সেয়া বিজেপিয়েই হওঁক বা ওৱাইছিৰ এআইএমআইএমেই হওঁক। মনত ৰখা উচিত যে ধর্মীয় শিক্ষা লৈ ৰাজনীতি কৰা নেতাসকলৰ সন্তান সন্ততিয়ে দেশৰ বাহিৰত বহু দামী বিদেশী বিদ্যালয়ত অধ্যয়ন কৰে, কিন্তু লেতেৰা ৰাজনীতিৰ বলি হয় সাধাৰণ শিক্ষার্থীসকল।
ভাৰতবর্ষত মুছলমান মহিলাক একাষৰীয়া কৰি মহিলাৰ সৱলীকৰণৰ বিষয়টোক বাস্তৱত ৰূপ দিয়াটো একপ্রকাৰ অসম্ভৱ। নাৰী সৱলীকৰণৰ বাবে প্রয়োজন সকলো ধর্ম-জাতিৰ নাৰীসকলক সকলো দিশত আত্ম-নির্ভৰশীল কৰি তোলা। লগতে ঐতিহাসিকভাৱে পিছ পৰা জাতি, জনজাতি, জনগোষ্ঠীৰ মহিলাসকলক বিশেষ সুবিধা প্রদান কৰা। তেনে ক্ষেত্রত হিজাবৰ অজুহাত দেখুৱাই মুছলমান ছাত্রীক শিক্ষাৰ পৰা বঞ্চিত কৰিলে তেওঁলোকে বাধ্য হৈ পৰম্পৰাগত শিক্ষাৰ পিনে ঢাপলি মেলিব।
ইয়াৰ উপৰি ইউনিফর্মৰ প্রয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়তো এটা বিতর্ক আৰম্ভ হোৱা দেখা যায়। ইয়াত বিদ্যালয়ৰ কথা সুকীয়া। কিন্তু মহাবিদ্যালয়ৰ ছাত্র- ছাত্রীৰ শৈক্ষিক উন্নয়নৰ লগত ইউনিফর্মৰ সম্পর্কৰ বিষয়ে সঠিক ভাৱে কবলগীয়া একো নাই।
ভাৰতবর্ষৰ আগশাৰীৰ বিশ্ববিদ্যালয় যেনে দিল্লী বিশ্ববিদ্যালয়, জে এন ইউ বা জামিয়াৰ অধীনত থকা মহাবিদ্যালয়বোৰত ইউনিফর্ম নাই। কিন্তু শৈক্ষিক দিশত এই কলেজৰ ছাত্র- ছাত্রীবোৰৰ কোনো ক্ষতি হোৱা নাই। লগতে ইউনিফর্ম থকা বিদ্যালয়বোৰতো শিখ সম্প্রদায়ৰ ল’ৰা আৰু বহু ক্ষেত্রত ছোৱালীয়েও পাগুৰি পৰিধান কৰে। ভাৰতবৰ্ষ এখন স্বাধীন ধর্মনিৰপেক্ষ দেশ,য’ত মৌলিক অধিকাৰৰ অধীনত মানুহক ধর্মীয় অধিকাৰ প্রদান কৰা হৈছে। এনে এখন দেশত এনেবোৰ বিষয় শিক্ষা আহৰণত হেঙাৰ হৈ পৰাটো অনুচিত।
স্বাধীনতাৰ সাতটা দশকৰ পিছতো এনে বিষয়কলৈ বিতর্ক হোৱাটো দুর্ভাগ্যজনক। সাম্প্রদায়িক ৰাজনীতিয়ে এনে ৰূপ ধাৰণ কৰিছে যে কোনো বিষয়ৰ বস্তুনিষ্ঠ আলোচনা একপ্রকাৰ অসম্ভৱ। হিজাব বিতর্কয়ো তেনে ৰূপ ধাৰণ কৰিলে। ইয়াতে মুছলমান মহিলাৰ প্রাথমিক অধিকাৰৰ প্রশ্নক পিছলৈ ঠেলি দিয়া হ’ল।
ভিতৰুৱা অঞ্চলত কণ কণ লৰা- ছোৱালীৰ মাজলৈ গৈ শিক্ষাৰ গুৰুত্বৰ বিষয়ে যেতিয়া আমি আলোচনা কৰোঁ, তেতিয়া হিজাবৰ সমালোচনাত লিপ্ত নহওঁ। ইয়াৰ কাৰণ হ’ল সমাজৰ এনে এক শ্রেণী,যাৰ বাবে হিজাব এগৰাকী ছোৱালীৰ শিক্ষা চলাই লৈ যোৱাৰ টিকটসম। আমি বিচাৰোঁ মুছলমান ছোৱালীয়েও আন সকলৰ দৰে শিক্ষিত হৈ, সৱল হৈ নিজৰ জীৱনৰ সিদ্ধান্ত নিজে লওঁক। তাৰ ভিতৰতে তেওঁলোকে কি পিন্ধিব, কি খাব সেইবোৰক লৈ ৰাজনৈতিক দলবোৰে লাভাৱান্বিত নহওঁক। দ্বৈত প্রান্তীয়কৰণৰ ভুক্তভোগী মুছলমান ছোৱালীবোৰৰ জীৱন আৰু ভৱিষ্যতকলৈ বিভাজনমূলক ৰাজনীতি বন্ধ হওঁক।
(লেখিকা পাৰবীন চুলতানা প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা)