• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিজাব আৰু মুছলমান মহিলাৰ অধিকাৰ: কিছু চিন্তা

 পাৰবীন চুলতানা by পাৰবীন চুলতানা
March 30, 2022 1:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ এখন চহৰত হোৱা ঘটনা এটাই বহু বিতৰ্কৰ লগতে কিছু মৌলিক প্ৰশ্নৰ উত্থাপন কৰিছে। যোৱা ১ জানুৱাৰীত কৰ্ণাটকৰ উডুপিৰ এখন বিদ্যালয়ত ছয়গৰাকী ছাত্ৰীক হিজাব পৰিধান কৰাৰ বাবে বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। এই বিষয়ে বিভিন্ন ফালৰ পৰা প্ৰতিবাদ/ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে সামাজিক মাধ্যমত এটি ভিডিঅ’ ভাইৰেল হৈ পৰিল।

কলেজত বোৰ্খা পৰিধান কৰি যোৱা এগৰাকী ছোৱালীক ভালে কেইজন লৰাই ‘জয় শ্ৰী ৰাম’ ধ্বনি দি আগুৰি ধৰাত ছোৱালীগৰাকীয়ে প্ৰত্যুত্তৰত ‘আল্লাহু আকবৰ’ বুলি চিঞৰি দিলে। ইয়াৰ পিছতে যেন মানুহবোৰ দুই ভাগত বিভক্ত হৈ পৰিল। কিছু মানুহে ছোৱালী গৰাকীক শিক্ষানুষ্ঠানত ধৰ্মীয় পোছাক পৰিধান কৰি অহা বাবে সমালোচনা কৰিলে । আকৌ আন কিছুমানে তাইক নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে সমৰ্থন কৰিলে ।

Apply Now

পিছে এই ঘটনাই কিছু মৌলিক প্ৰশ্নৰ উত্থাপন নকৰা নহয়। চৰকাৰী শিক্ষানুষ্ঠান বিশেষকে উচ্চতৰ মাধ্যমিক আৰু কিছু ঠাইত মহাবিদ্যালয়তো ইউনিফৰ্মৰ ব্যৱস্থা কৰা হৈছে। সেই অনুষ্ঠানবোৰত মুছলমান ছাত্ৰীসকলে হিজাব পৰিধান কৰি যাব পাৰে নে নাই? হিজাব হল চুলিখিনি ঢাকি ওৰণি লোৱা। ইয়াতে মুখমণ্ডল ঢকা নাথাকে। এইটো যদি বেআইনী হয় তেন্তে শিখ সম্প্ৰদায়ৰ মানুহবোৰৰ পাগুৰী পিন্ধা কেনেকৈ বৈধ হব পাৰে?

কৰ্ণাটকত এই বিবাদবোৰ চলি থাকোতে মুছলমান ছাত্ৰী কিছুমানে উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে নিজৰ অধিকাৰৰ হকে।
ইছলামত হিজাবৰ গুৰুত্ব কি নাইবা হিজাবৰ বিষয়ে কোৰাণ শ্বৰিফত কি কোৱা হৈছে সেই বিষয়ে ইয়াত চৰ্চা কৰা নহব। এই লেখাত কেৱল এই বিতৰ্কই মুছলমান মহিলাৰ অধিকাৰ বিশেষকৈ শৈক্ষিক অধিকাৰ কেনেকৈ খৰ্ব কৰিব সেই বিষয়ে আলোচনা কৰা হব।

স্বাধীনতাৰ সাতটা দশকৰ পিছতো শিক্ষাৰ ক্ষেত্ৰত মুছলমান মহিলা বহুত পিছ পৰি আছে। ৰীতু মেনন আৰু জয়া হাচানৰ দ্বাৰা সম্পাদিত কিতাপ Unequal Citizens ত তুলনামূলক অধ্যয়নৰ জৰিয়তে মুছলমান মহিলাৰ এই দুৰাৱস্থাৰ চিত্ৰ দাঙি ধৰা হৈছে। বিশেষকৈ কাৰিকৰী বিষয়, গৱেষণামূলক বিষয় আৰু উচ্চ স্তৰত মুছলমান মহিলাৰ সংখ্যা অতি মুষ্টিমেয়।

ইয়াৰ এটা অন্যতম কাৰণ হল পৰ্দা প্ৰথা। এতিয়াও বহু ৰক্ষণশীল মুছলমান পৰিয়ালে নিজৰ ছোৱালীক বোৰ্খা বা হিজাব অবিহনে বাহিৰলৈ ওলাবলৈ নিদিয়ে। ইয়াৰ মাজতে অৱশ্যে কিছু শিক্ষিত মুছলমান মহিলা আছে যিসকলে স্ব ইচ্ছাই হিজাব পৰিধান কৰে। পিছে তেনে মহিলাৰ সংখ্যা একেবাৰে নগণ্য। সৰহ সংখ্যক ছোৱালীৰ বাবে কোনে কি পৰিধান কৰিব সেইটো পৰিয়ালে ঠিক কৰি দিয়ে। কিন্তু তাৰ পিছতো বহু মুছলমান ছোৱালীয়ে নিজৰ শিক্ষা অব্যাহত ৰখাৰ বাবে এই নিয়মবোৰ মানি চলে। এটি স্বাধীন সৱল ভৱিষ্যতৰ সপোন দেখা ছোৱালীবোৰৰ বাবে হিজাব পৰিধান কৰাটো এটা সৰু আপোচৰ বিষয়।

কিন্তু এই হিজাবৰ বাবে মুছলমান ছাত্ৰীবোৰক শিক্ষাৰ পৰা বঞ্চিত কৰাৰ অৰ্থ হল তেওঁলোকৰ সৱলীকৰণৰ পথ অৱৰোধ কৰা। সাম্প্রতিক সময়ত কর্ণাটকত হোৱা ঘটনাই এনে কিছু পৰিস্থিতিৰ উদ্ভৱ কৰিছে য’ত ছাত্র- ছাত্রীসকলৰ শিক্ষাতকৈ তেওঁলোকৰ ধর্মীয় পৰিচয় গুৰুত্বপূর্ণ হৈ পৰিছে। আৰু লগতে এই বিবাদৰ সহায় লৈ কিছু ৰাজনৈতিক দলে নিজৰ আধিপত্য বিস্তাৰৰ চেষ্টা কৰি আছে – সেয়া বিজেপিয়েই হওঁক বা ওৱাইছিৰ এআইএমআইএমেই হওঁক। মনত ৰখা উচিত যে ধর্মীয় শিক্ষা লৈ ৰাজনীতি কৰা নেতাসকলৰ সন্তান সন্ততিয়ে দেশৰ বাহিৰত বহু দামী বিদেশী বিদ্যালয়ত অধ্যয়ন কৰে, কিন্তু লেতেৰা ৰাজনীতিৰ বলি হয় সাধাৰণ শিক্ষার্থীসকল।

ভাৰতবর্ষত মুছলমান মহিলাক একাষৰীয়া কৰি মহিলাৰ সৱলীকৰণৰ বিষয়টোক বাস্তৱত ৰূপ দিয়াটো একপ্রকাৰ অসম্ভৱ। নাৰী সৱলীকৰণৰ বাবে প্রয়োজন সকলো ধর্ম-জাতিৰ নাৰীসকলক সকলো দিশত আত্ম-নির্ভৰশীল কৰি তোলা। লগতে ঐতিহাসিকভাৱে পিছ পৰা জাতি, জনজাতি, জনগোষ্ঠীৰ মহিলাসকলক বিশেষ সুবিধা প্রদান কৰা। তেনে ক্ষেত্রত হিজাবৰ অজুহাত দেখুৱাই মুছলমান ছাত্রীক শিক্ষাৰ পৰা বঞ্চিত কৰিলে তেওঁলোকে বাধ্য হৈ পৰম্পৰাগত শিক্ষাৰ পিনে ঢাপলি মেলিব।

ইয়াৰ উপৰি ইউনিফর্মৰ প্রয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়তো এটা বিতর্ক আৰম্ভ হোৱা দেখা যায়। ইয়াত বিদ্যালয়ৰ কথা সুকীয়া। কিন্তু মহাবিদ্যালয়ৰ ছাত্র- ছাত্রীৰ শৈক্ষিক উন্নয়নৰ লগত ইউনিফর্মৰ সম্পর্কৰ বিষয়ে সঠিক ভাৱে কবলগীয়া একো নাই।
ভাৰতবর্ষৰ আগশাৰীৰ বিশ্ববিদ্যালয় যেনে দিল্লী বিশ্ববিদ্যালয়, জে এন ইউ বা জামিয়াৰ অধীনত থকা মহাবিদ্যালয়বোৰত ইউনিফর্ম নাই। কিন্তু শৈক্ষিক দিশত এই কলেজৰ ছাত্র- ছাত্রীবোৰৰ কোনো ক্ষতি হোৱা নাই। লগতে ইউনিফর্ম থকা বিদ্যালয়বোৰতো শিখ সম্প্রদায়ৰ ল’ৰা আৰু বহু ক্ষেত্রত ছোৱালীয়েও পাগুৰি পৰিধান কৰে। ভাৰতবৰ্ষ এখন স্বাধীন ধর্মনিৰপেক্ষ দেশ,য’ত মৌলিক অধিকাৰৰ অধীনত মানুহক ধর্মীয় অধিকাৰ প্রদান কৰা হৈছে। এনে এখন দেশত এনেবোৰ বিষয় শিক্ষা আহৰণত হেঙাৰ হৈ পৰাটো অনুচিত।

স্বাধীনতাৰ সাতটা দশকৰ পিছতো এনে বিষয়কলৈ বিতর্ক হোৱাটো দুর্ভাগ্যজনক। সাম্প্রদায়িক ৰাজনীতিয়ে এনে ৰূপ ধাৰণ কৰিছে যে কোনো বিষয়ৰ বস্তুনিষ্ঠ আলোচনা একপ্রকাৰ অসম্ভৱ। হিজাব বিতর্কয়ো তেনে ৰূপ ধাৰণ কৰিলে। ইয়াতে মুছলমান মহিলাৰ প্রাথমিক অধিকাৰৰ প্রশ্নক পিছলৈ ঠেলি দিয়া হ’ল।

ভিতৰুৱা অঞ্চলত কণ কণ লৰা- ছোৱালীৰ মাজলৈ গৈ শিক্ষাৰ গুৰুত্বৰ বিষয়ে যেতিয়া আমি আলোচনা কৰোঁ, তেতিয়া হিজাবৰ সমালোচনাত লিপ্ত নহওঁ। ইয়াৰ কাৰণ হ’ল সমাজৰ এনে এক শ্রেণী,যাৰ বাবে হিজাব এগৰাকী ছোৱালীৰ শিক্ষা চলাই লৈ যোৱাৰ টিকটসম। আমি বিচাৰোঁ মুছলমান ছোৱালীয়েও আন সকলৰ দৰে শিক্ষিত হৈ, সৱল হৈ নিজৰ জীৱনৰ সিদ্ধান্ত নিজে লওঁক। তাৰ ভিতৰতে তেওঁলোকে কি পিন্ধিব, কি খাব সেইবোৰক লৈ ৰাজনৈতিক দলবোৰে লাভাৱান্বিত নহওঁক। দ্বৈত প্রান্তীয়কৰণৰ ভুক্তভোগী মুছলমান ছোৱালীবোৰৰ জীৱন আৰু ভৱিষ্যতকলৈ বিভাজনমূলক ৰাজনীতি বন্ধ হওঁক।

(লেখিকা পাৰবীন চুলতানা প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা)

 পাৰবীন চুলতানা

পাৰবীন চুলতানা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd