• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটা জিলাৰ ২৩৬ বিদ্যালয়ক শ্ৰেষ্ঠতাৰ বঁটা প্ৰদান

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
April 1, 2022 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়সমূহৰ মণ্ডল ভিত্তিক নিৰ্বাচিত শ্ৰেষ্ঠ পৰিচালনা সমিতি আৰু মাতৃ-গোটক আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হয়।

জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এটি অনুষ্ঠানত অবিভক্ত বৰপেটা জিলাৰ মুঠ ২৩৬ টা শৈক্ষিক মণ্ডলৰ পৰা নিৰ্বাচিত ২২৬ খন বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু ১০ খন বিদ্যালয়ৰ মাতৃ গোটক আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হয়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে পুৰস্কাৰ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

Apply Now

এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, নিজৰ বিদ্যালয়খনক আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰী সকলক অতি আপোন ভাৱত গ্ৰহণ কৰিলে দুখ-কষ্টৰ অনুভৱ নোহোৱা হয়। কাৰণ সকলো ধৰণৰ দুখ-,ভাগৰ বহু পৰিমাণে মানসিক অৱস্থাৰ ওপৰতে নিৰ্ভৰ কৰে। তেখেতে শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলক বিদ্যালয়ৰ শৈক্ষিক পৰিবেশৰ বিকাশৰ বাবে আত্মোৎসৰ্গাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়।

সভাত ভাষণ দি অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই কয় যে, আজি আমি ঘড়ী চাই কাম কৰি, অৰ্থাৎ কেৱল নিদ্দিষ্ট সময় সীমাৰ ভিতৰত কাম কৰি বিদ্যালয়ৰ উন্নয়ন সাধন কৰিব নোৱাৰিম। তাৰ বাবে প্ৰতিজন শিক্ষকে নিজৰ মহৎ কৰ্তব্য উপলদ্ধি কৰি ছাত্ৰ-ছাত্ৰী সকলৰ স্বাৰ্থত অলপ অতিৰিক্ত কষ্ট স্বীকাৰ কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই দিয়া ভাষণত কয় যে, আজি চৰকাৰী বিদ্যালয় সমূহ এক তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই অস্তিত্বৰ সংকট দূৰ কৰি ইয়াৰ হৃত মৰ্যদা ঘূৰাই আনিবলৈ হ’লে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে মূল ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

বিদ্যালয়খন একোজন শিক্ষকৰ বাবে অন্নদাতা হোৱাৰ উপৰি আৰু সামাজিক প্ৰতিষ্ঠা আৰু পৰিচয়ৰো মূল উৎস। সেয়েহে বিদ্যালয়খনৰ সৈতে সকলোৱে আত্মিক সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া নিৰঞ্জন ওজাই আতঁধৰা সভাখনত বিদ্যালয়ৰ উপ-পৰিদৰ্শক হৰেন্দ্ৰ নাথ দাসেও বিশিষ্ট অতিথি হিচাপে চমু বক্তব্য দাঙি ধৰে। ইয়াৰ পূৰ্বে সভাৰ আৰম্ভণীতে পুৰস্কাৰৰ বাবে নিৰ্বাচিত বিদ্যালয় সমূহৰ কেবাগৰাকী প্ৰতিনিধি তথা প্ৰধান শিক্ষকে চমু ভাষণৰ জড়িয়তে নিজৰ অনুভৱ ব্যক্ত কৰে।

তেওঁলোকে বিদ্যালয়ৰ উন্নয়নৰ বাবে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ সমূহৰ বিষয়ে উল্লেখ কৰে।

প্ৰত্যেকে একোখনকৈ মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। পুৰস্কৃত বিদ্যালয় সমূহৰ ভিতৰত বজালী শিক্ষাখণ্ডৰ ৩৩ খন, বৰপেটাৰ ৩৬, ভৱানীপুৰৰ ৩৫, চেঙাৰ ৪২, গোৱৰ্দ্ধনাৰ ১২, মন্দিয়াৰ ৪১ আৰু ৰূপচী শিক্ষা খণ্ডৰ ৩৮ খন বিদ্যালয় আছে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd