• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

জাতি সমস্যা, সাম্প্ৰদায়িকতাবাদ আৰু ভাৰতীয় মহাজাতীয়তাৰ সমস্যা (এক ঐতিহাসিক অৱলোকন)

পৰাগ পবন শৰ্মা বড়া by পৰাগ পবন শৰ্মা বড়া
April 4, 2022 2:51 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰুতে বিভিন্ন জ্যেষ্ঠজনৰ মুখত ৰামায়ণৰ সাধু শুনোতে শুনা এটা কথাই আজিও আমাক বৰকৈ আকৰ্ষণ কৰে।ৰামৰ শৰত আক্ৰান্ত হৈ মৃত্যুশয্যাত ক্ষণ গণি থকা ৰাৱণৰ ওচৰলৈ গৈ ভক্তিভাবেৰে লক্ষ্মণক ৰাজনৈতিক হিতোপদেশ গ্ৰহণ কৰিবলৈ ৰামচন্দ্ৰই উপদেশ দিছিল। শত্ৰু হ’লেও জ্যেষ্ঠজনৰ জীৱনৰ অভিজ্ঞতাৰ মুল্য আছে। সত্যনাথ বৰাই “থুপাই থোৱা’ ধন বুলি অভিহিত কৰা গ্ৰন্থ এখন এজন লোকৰ জীৱনজুৰি আহৰণ কৰা জ্ঞান আৰু অভিজ্ঞতাৰ ভঁৰাল।

নিজৰ দেশখনৰ বাবে অসমখনৰ বিভিন্ন ৰাজনৈতিক সা-সমস্যা বিলাক ভালকৈ বুজি পাবলৈ বিজয় চন্দ্ৰ ভাগৱতী, দেবেশ্বৰ শৰ্মা, নিবাৰণ বৰা, দধি মহন্ত ফনী বৰা, গৌৰীশঙ্কৰ ভট্টাচাৰ্য, গোলাপ বৰবৰা আদিৰ দৰে বিগত প্ৰজন্মৰ বিভিন্ন মতাদৰ্শৰ ৰাজনীতিবিদসকলৰ লেখনিবোৰ এতিয়াৰ প্ৰজন্মই ভালদৰে মনপুতি পঢ়াটো উচিত বুলি বিবেচনা কৰোঁ। তেখেত সকলৰ দৰে বিভিন্নজনৰ লেখা পঢ়ি মনত উদয় হোৱা ভাবৰ ভিত্তিত একলম লেখিব খুজিছোঁ।

গৌৰীশঙ্কৰে ভট্টাচাৰ্যই লিখা “পাকিস্তান আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ” নামৰ কিতাপখনৰ আলমত দুটামান কথা ইয়াত আলচ কৰিব খুজিছোঁ। জিন্না আৰু মুছলিম লীগৰ দ্বিজাতি তত্বৰ ভিতৰত চলা আন্দোলনৰ পটভূমিত ভাৰতৰ অবিভক্ত কমিউনিষ্ট পাৰ্টিয়ে গ্ৰহণ কৰা লাইনৰ ভিত্তিত লিখা হৈছে। ইয়াৰ কিছুমান কথা এতিয়াও প্ৰাসংগিক। ভাৰত আচলতে দ্বিজাতিক নহয় বহু জাতিক, বহু নৃগোষ্ঠীয় আঞ্চলিকতা, উপ আঞ্চলিকতা বিশিষ্ট এখন অতি বৈচিত্ৰ্যময় দেশ। সেয়ে ইয়াৰ ৰাষ্ট্ৰগাঁথনি কেন্দ্ৰ আৰু ৰাজ্য দ্বিস্তৰীয় বিভাজনৰ সলনি বহুস্তৰীয় স্বায়ত্ব শাসন ভিত্তিক হ’ব লাগিছিল। এইকথা ইয়াত গৌৰীশঙ্কৰ ভট্টাচাৰ্যই সুন্দৰকৈ আলোচনা কৰিছে।

কিন্তু তেতিয়াৰ অবিভক্ত কমিউনিষ্ট পাৰ্টিয়ে পৰিস্থিতিৰ সঠিক পৰ্যালোচনা কৰিও এইকথাটো স্পষ্টকৈ কব পৰা নাছিল। ইয়াৰ বিপৰীতে ৰাম মনোহৰ লোহিয়া, জয়প্ৰকাশ নাৰায়ন আদি ছ’চিয়েলিষ্ট নেতাসকলেহে কব পাৰিছিল। তেওঁলোকে গাঁও, জিলা, ৰাজ্য, কেন্দ্ৰ চাৰিটা খলপত স্বায়ত্বশাসনৰ সুবিধা থকা তথা ক্ষমতাৰ বিভাজন থকা Four Pillar state (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাষাত “চালপীৰা ৰাষ্ট্ৰ)ৰ কথা কৈছিল।

জয়প্ৰকাশ নাৰায়নে এতিয়াৰ সমষ্টিভিত্তিক নিৰ্বাচনৰ সলনি গাওঁ পৰ্যায়ত প্ৰত্যক্ষ নিৰ্বাচনৰ ভিত্তিত ওপৰৰ প্ৰতিটো স্তৰৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰি ওপৰৰ পৰিষদ বা শাসনতন্ত্ৰ গঠন কৰাৰ লগতে তলৰ স্তৰৰ নিৰ্বাচক মণ্ডলীৰ হাতত ওপৰৰ গাঁও পৰিষদ, জিলা পৰিষদ, বিধান পৰিষদ বা সংসদলৈ নিৰ্বাচিত প্ৰতিনিধিক ওলোটাই অনা অধিকাৰ( Right to recall ) থাকিব লাগে বুলি কৈছিল। তেওঁ বৃহৎ শিল্পকেন্দ্ৰিক কেন্দ্ৰীভূত অৰ্থনৈতিক উন্নয়নৰ নেহৰুবাদী মডেলৰ বিৰোধিতা কৰাৰ লগতে এতিয়াৰ দুটা কেন্দ্ৰত কেন্দ্ৰীভূত ৰাজনৈতিক শাসনতন্ত্ৰ অৰ্থাৎ পশ্চিমীয়া আৰ্হিৰ সংসদীয় ব্যৱস্থা তথা এতিয়াৰ নিৰ্বাচনী ব্যবস্থাটোৰো বিৰোধিতা কৰিছিল।

তেওঁ কৈছিল যে এইধৰণৰ নিৰ্বাচনী  ব্যৱস্থাৰ ফলত দেশৰ ৰাজনীতিত ধনবল-বাহুবল, জাতিবাদ, ধৰ্মীয় সাম্প্ৰদায়িকতাবাদ আদিৰ প্ৰাধান্য অসম্ভৱধৰণে বৃদ্ধি পাব, অৰ্থ সম্পদ আৰু ৰাজনৈতিক ক্ষমতাৰ অতিকেন্দ্ৰীকৰণ ঘটিব।  ইয়াৰ ফলত সামাজিক আৰ্থিক বৈষম্য আৰু সাম্প্ৰদায়িক অশান্তিয়ে দেশত এক অস্থিৰ পৰিবেশৰ সৃষ্টি কৰিব। আমাৰ দেশৰ কমিউনিষ্ট সকল পিছলৈ নেহৰুবাদী আৰ্থিক মডেল আৰু সাংবিধানিক সংসদীয় ব্যবস্থাৰ মোহান্ধ সমৰ্থক হৈ পৰাৰ বিপৰীতে লোহিয়া, জয়প্ৰকাশ নাৰায়ণ আদি ছ’চিয়েলিষ্ট সকল ইয়াৰ সমালোচক আছিল। এতিয়া আমি কমিউনিষ্ট সকলতকৈ লোহিয়া-জয়প্ৰকাশ আদি ছ’চিয়েলিষ্ট সকলক ভাৰতীয় বাস্তবতা বেছি ভালকৈ বুজি পোৱা লোক আছিল বুলি কবই লাগিব। বৰ্তমানৰ সংসদীয় গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা আৰু নিৰ্বাচন পদ্ধতিৰ জে পিয়ে ভবিষ্যতবাণী কৰা কুফলসমুহ এতিয়া আমি বাৰুকৈ প্ৰত্যক্ষ কৰিবলগীয়া হৈছে।

তেতিয়াৰ অবিভক্ত কমিউনিষ্ট পাৰ্টিৰ দৰে আম্বেডকাৰেও জিন্নাৰ দ্বিজাতি তত্বৰ বাস্তবিক ভিত্তি থকাৰ কথাটো মানি লৈছিল। ইয়াৰ সমাধান হিচাবে পৃথক পাকিস্তান গঠনৰ লগতে দুই সম্প্ৰদায়ৰ জনসাধাৰণৰ ইচ্ছাৰ ভিত্তিত অদল বদল কৰাৰ কথাও কৈছিল। তেওঁ ইয়াৰ যুক্তিযুক্ত বস্তুনিষ্ঠ ব্যাখ্যাও আগবঢ়াইছিল। আমাৰ দেশৰ জনগাঁথনিৰ বৈচিত্ৰ্যৰ লগতে সমাজ সংস্কৃতিৰ হেজাৰ বছৰীয়া ঐতিহাসিক অন্যায় বৈষম্যপুৰ্ণ বাস্তবতাৰ কথাটো একেবাৰে আওকাণ কৰি আমাৰ বহুতে বৃটিছৰ ডিভাইড এণ্ড ৰুল নীতিকে একপাক্ষিকভাবে অতিৰিক্তভাবে জগৰীয়া কৰি আহিছে।

বৃটিছে ভাৰতীয় সমাজৰ সামাজিক আৰু সাংস্কৃতিক বিভেদ বৈচিত্ৰ্যৰ সুবিধা লৈ বিভেদ কৰি শাসন কৰা নীতি নিশ্চয় গ্ৰহণ কৰিছিল।কিন্তু ইয়াৰ ভিত্তি হাজাৰ বছৰীয়া ভাৰতীয় সমাজ সংস্কৃতিৰ স্বাভাবিক বাস্তবতা আছিল, এইবোৰ বৃটিছ চৰকাৰে সৃষ্টি কৰা নাছিল। তেওঁলোকে মাত্ৰ ইয়াৰ সুযোগহে গ্ৰহণ কৰিছিল। বঙ্গভঙ্গ বিৰোধী জাতীয় আন্দোলনৰ বিৰোধিতাৰে ১৯০৬ চনত ঢাকা মহানগৰত মুছলিম লীগ গঠন কৰিবলৈ বা আলীগড় মুছলিম কলেজৰ (এতিয়াৰ বিশ্ববিদ্যালয়ৰ) প্ৰতিষ্ঠাপক ছৈয়দ আহমদ খানৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াই জাতীয় কংগ্ৰেছৰ পৰা দেশৰ মুছলমান সকলক আঁতৰাই ৰাখিবলৈ বৃটিছ চৰকাৰে চেষ্টা কৰিছিল।

একেদৰে আমাৰ দেশত দ্বিজাতি তত্বৰ বীজো উনৈশ শতিকাৰ নব্বৈ দশকতে ৰোপন হোৱাত হিন্দু-মুছলমান দুই অগ্ৰসৰ-অনগ্ৰসৰ মধ্যবিত্ত শ্ৰেণীৰ স্বাৰ্থৰ সংঘাত আৰু বৃটিছ চৰকাৰৰ উচটনি থকাটো একেবাৰে সঁচা। কিন্তু দেশৰ মুছলমানসকলৰ মাজত সাম্প্ৰদায়িক উগ্ৰতা, বিচ্ছিন্নতাবাদৰ লগতে পান ইছলামিক আদৰ্শ শক্তিশালী কৰা খিলাফট আন্দোলন কিন্তু উগ্ৰভাবে বৃটিছ বিৰোধী আছিল, ঠিক তেনেদৰে ওঠৰ-উনৈশ শতিকাত সৃষ্টি হোৱা ফাৰজী ওৱাহাবি আদি এইখন দেশত মুছলিম মৌলবাদ তথা সাংস্কৃতিক বিচ্ছিন্নতাবাদ আৰু ধৰ্মীয় মৌলবাদৰ পুলি ৰোপণ কৰা ধৰ্মীয় ৰক্ষনশীল আন্দোলন বিলাকো উগ্ৰ বৃটিছ বিৰোধী আছিল।

একেদৰে মৰ্লে মিন্টু সংস্কাৰৰ কমিউনেল এৱাৰ্ডৰ বিৰোধিতাৰে হিন্দু মহাসভাৰ গঠন তথা গোহত্যা নিষিদ্ধকৰণ আন্দোলনৰ প্ৰসাৰ ঘটিছিল। একেদৰে খিলাফট আন্দোলনৰ পিছত দেশত ইছলামিক উগ্ৰবাদ বা সাম্প্ৰদায়িকতাৰ আগ্ৰাসী ৰূপৰ বিৰোধিতা বিশেষকৈ মালৱাৰৰ মোপালা বিদ্ৰোহৰ নামত চলা বীভৎস হিন্দু বিৰোধী দাঙ্গাৰ প্ৰতিক্ৰিয়া হিচাপে ১৮২৩ চনত  চাভাৰকাৰৰ” হিন্দুত্ব” তত্ত্ব আৰু ১৯২৫ চনত হেডগেৱাৰ নামৰ মহাৰাষ্ট্ৰৰ ৰাজ্যিক কংগ্ৰেছৰ নেতা এজনৰ উদ্যোগতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জন্ম হৈছিল।

গতিকে ভাৰতত ইছলামিক সাম্প্ৰদায়িকতাবাদৰ আগ্ৰাসী চৰিত্ৰ তথা বিচ্ছিন্নতাবাদৰ প্ৰতিক্ৰিয়া হিচাপেই হিন্দু  মহাসভাৰ সংকীৰ্ণ সাম্প্ৰদায়িক ৰাজনীতিৰ উদ্ভব হৈছিল বুলি আম্বেডকাৰে তেওঁৰ Pakistan or Partition of India নামৰ কিতাপখনত ব্যক্ত কৰা বক্তব্য ভুল নাছিল। একেদৰে বহুজাতি গোষ্ঠী ভাষা ধৰ্ম বিশিষ্ট অনেক আঞ্চলিক উপ আঞ্চলিক সত্ত্বা বিশিষ্ট ভাৰত এখন দেশ নহয় উপমহাদেশ। একেদৰে ভাৰতীয় এটা জাতি নহয় মহাজাতি। ইয়াৰ অস্তিত্ব সংবিধান ৰচনাৰ বহুত আগৰেপৰা আছিল। গতিকে ভাৰত আৰু ভাৰতীয় জাতিৰ বৈশিষ্ট্য পশ্চিমীয়া জাতি আৰু জাতীয়তাৰ সংজ্ঞা বা দৃষ্টিৰে বুজিব নোৱাৰি। ইয়াৰ বাবে আমাক এক পৃথক স্বকীয় দৃষ্টিকোণৰ প্ৰয়োজন।

পৰাগ পবন শৰ্মা বড়া

পৰাগ পবন শৰ্মা বড়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd