• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2026 8:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে লাহৰীঘাটত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ কলমৌবাৰী আৰু মৈৰাবাৰীত বিৰোধী ঐক্যমঞ্চ আৰু কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰ সমৰ্থনত দুখন বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। দুয়োখন সভাতে হাজাৰ হাজাৰ লোকৰ লগতে বহু মহিলাৰ উপস্থিতি দেখা যায়।

কলমৌবাৰীৰ সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ আৰু এআইইউডিএফৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে। তেওঁ কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাক এগৰাকী সাহসী আৰু নিষ্ঠাৱান নেত্ৰী বুলি উল্লেখ কৰি তেওঁৰ পৰিয়ালৰ অতীতৰ কথাও সোঁৱৰে। গগৈয়ে কয়, শিৱামনি বৰাৰ পিতৃ প্ৰয়াত কিৰণ বৰাই নেলী হত্যাকাণ্ডৰ সময়ত বহু নিৰীহ লোকক আশ্ৰয় আৰু সহায় আগবঢ়াইছিল।

Apply Now

ভাষণত গৌৰৱ গগৈয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে। তেওঁৰ অভিযোগ অনুসৰি, জিলা আয়ুক্ত হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত খাইৰুল ইছলামক অবৈধভাৱে ‘পুশ্ববেক’ কৰাৰ লগতে উচ্ছেদ অভিযানৰ জৰিয়তে সাধাৰণ লোকক হাৰাশাস্তি কৰা হৈছিল। এই অভিযোগসমূহৰ বিষয়ে সভাত গগৈয়ে বিজেপি চৰকাৰকো প্ৰশ্ন কৰে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় যে নিৰ্বাচনৰ সময়ত ধিং, লাহৰীঘাট আৰু ৰূপহীহাটলৈ আহি বিজেপিয়ে ‘ৰাষ্ট্ৰবাদী মিঞা’ৰ কথা কয়। কিন্তু চৰকাৰী মাদ্ৰাছা বন্ধ, উচ্ছেদ অভিযান আৰু ভুৱা এনকাউণ্টাৰৰ অভিযোগ উত্থাপিত হোৱাৰ সময়ত সেই দৰদ ক’ত আছিল বুলি তেওঁ প্ৰশ্ন কৰে। ইয়াৰ লগতে বিজেপিৰ এগৰাকী মন্ত্ৰীয়ে মহিলাক লৈ কৰা বিতৰ্কিত মন্তব্য আৰু ৰিক্সাচালকক উচিত ভাড়া নিদিয়াৰ কথাও তেওঁ সোঁৱৰে।

গৌৰৱ গগৈয়ে কয় যে অসমত বহু মুখ্যমন্ত্ৰী আহিছে যদিও হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাম্প্ৰদায়িক ৰাজনীতি কৰা মুখ্যমন্ত্ৰী অসমে আগতে দেখা নাছিল। ইয়াৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ শাসনকালত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ চেষ্টা কৰা হৈছিল বুলি তেওঁ দাবী কৰে। শংকৰ-আজানৰ সম্প্ৰীতিৰ অসমত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাটো কংগ্ৰেছে মানি নলয় বুলিও তেওঁ মন্তব্য কৰে।

সভাত বিজেপি আৰু এআইইউডিএফৰ মাজত গোপন বুজাবুজি থকাৰ অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে। এআইইউডিএফৰ প্ৰকৃত অভিভাৱক হিমন্ত বিশ্ব শৰ্মা বুলিও তেওঁ কটাক্ষ কৰে।

গগৈয়ে ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ পৰাজয়ৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, এআইইউডিএফ এতিয়া দুৰ্বল হৈ পৰা সময়ত বিজেপিয়ে দলটোক পুনৰ সক্ৰিয় কৰাৰ চেষ্টা কৰিছে। সংসদত বদৰুদ্দিন আজমলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰাৰ লগতে বিধানসভাত চিৰাজুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাক অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কোৱা কথাও তেওঁ উল্লেখ কৰে।

তেওঁ অভিযোগ কৰে যে বিজেপি আৰু এআইইউডিএফ দুয়োটা দলেই সাধাৰণ মানুহৰ সমস্যাতকৈ নিজৰ ৰাজনৈতিক স্বাৰ্থ আৰু সম্পত্তি বৃদ্ধিত অধিক গুৰুত্ব দিছে। এই দুই দলৰ ৰাজনীতিৰ বিৰুদ্ধে ৰাইজক একত্ৰিত হ’বলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

কলমৌবাৰীৰ সভাত বিৰোধী ঐক্যমঞ্চৰ নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰেও ভাষণ দিয়ে। তেওঁলোকেও চৰকাৰৰ বিভিন্ন নীতি, গণতান্ত্ৰিক অধিকাৰ আৰু ভোটাধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে ৰাইজক ভোট দিবলৈ আহ্বান জনায়। সভাত এআইচিচিৰ সাধাৰণ সম্পাদক মনোজ চৌহান, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাকে ধৰি কেবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাও উপস্থিত থাকে।

ইফালে মৈৰাবাৰীতো শিৱামনি বৰাৰ সমৰ্থনত এখন বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাখনত গৌৰৱ গগৈৰ উপৰি কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী, এআইচিচিৰ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ সহ-তত্বাৱধায়ক মনোজ চৌহান, বিধায়ক ডাঃ আছিফ নাজাৰ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীকে ধৰি বহু দলীয় নেতা-কৰ্মী উপস্থিত থাকে।

মৈৰাবাৰীৰ সভাত উপস্থিত লোকসকলৰ উৎসাহ আৰু সঁহাৰিয়ে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ অধিক জোৰদাৰ কৰা বুলি দলীয় নেতাসকলে দাবী কৰে। আগন্তুক উপ-নিৰ্বাচনত শিৱামনি বৰাক সমৰ্থন কৰি কংগ্ৰেছৰ পক্ষত ভোট দিবলৈ ৰাইজক আহ্বান জনায় কংগ্ৰেছী নেতাসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd