জীৱনদায়িনী ঔষধৰ নাটনিৰ বাবে শ্ৰীলংকাত জৰুৰী স্বাস্থ্য অৱস্থা ঘোষণা কৰা হৈছে। মঙলবাৰৰ পৰাই এই জৰুৰী অৱস্থা কাৰ্যকৰী হ’ব।
দেশখনৰ চৰকাৰী চিকিৎসা বিষয়া সংস্থাৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত লোৱা হয়। সংস্থাৰ সচিব ডাঃ সেনাল ফাৰ্ণাণ্ডোৱে এই সিদ্ধান্তই ৰোগীসকলৰ জীৱন ৰক্ষা কৰিব বুলি কয়।
বাতৰি অনুসৰি, দেশখনত আগন্তুক দিনবোৰত অৰ্থনৈতিক সংকটে আৰু অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে।
ডাঃ ফাৰ্ণাণ্ডোৱে কয় যে জৰুৰী স্বাস্থ্য অৱস্থা ঘোষণাৰ পিছত দেশজুৰি ঔষধৰ সৰবৰাহ নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব হ’ব।
লগতে পঢ়ক: ৰাহুল গান্ধীক ইচ্ছাপত্ৰৰ জৰিয়তে নিজৰ সকলো সম্পত্তি লিখি দিলে এগৰাকী মহিলাই
ইপিনে, দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেই জনোৱা সৰ্বদলীয় চৰকাৰ গঠনৰ আহ্বান বিৰোধীসকলে নুই কৰিছে।
আনহাতে, দেশখনৰ ৰাজধানী কলম্বকো ধৰি অন্যান্য চহৰসমূহতো ৰাষ্ট্ৰপতি গোটাবায়াৰ পদত্যাগৰ দাবীত বিক্ষুব্ধ জনতাৰ প্ৰতিবাদ অব্যাহত আছে।