• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিহৰ বাবে আকালৰ দানৱে গ্ৰাস কৰিছে শ্ৰীলংকাক? তিনিটা প্ৰধান কাৰণ

দ্বিতীয় চোমালিয়াত পৰিণত হ'ব নেকি শ্ৰীলংকা?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 5, 2022 3:24 pm
?????????????????????????????????????????????????????????

?????????????????????????????????????????????????????????

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত শতিকাৰ ‘৮০ৰ দশকৰ পৰা প্ৰায় দুটা দশক ধৰি গৃহযুদ্ধই জুৰুলা কৰা শ্ৰীলংকালৈ ক্ৰমাৎ সুস্থিৰ অৱস্থা ঘূৰি আহিছিল।

বিদ্ৰোহী সংগঠন এলটিটিইক সমুলঞ্চে নিপাত কৰাৰ পিছৰে পৰা দেশ খনৰ অৰ্থনীতিও ক্ৰমাৎ ঠন ধৰি উঠিছিল। সৰু সৰু দ্বীপবোৰত থকা চাহ বাগিচাসমূহলৈ উভতি আহিছিল প্ৰাণ চঞ্চলতা, বাগিচাৰ কল ঘৰসমূহ পুনৰ চলিবলৈ লৈছিল।

Apply Now

কিন্তু ইমানৰ পিছতো যেন ভিতৰি ভিতৰি দেশ খনৰ অৰ্থনৈতিক অৱস্থাটো ফোপোলা হৈ গৈয়েই আছিল। এনে পৰিস্থিতিৰ বাবেই দেশ খনে এতিয়া মুখামুখী হ’বলগীয়া হৈছে তীব্ৰ অৰ্থনৈতিক সংকটৰ।

দেশ খনত এতিয়া পৰ্যাপ্ত পৰিমাণে নাই ডিজেল, পেট্ৰ’ল কিনিবলৈও চৰকাৰৰ হাতত নাই ধন, একাপ চাহৰ দাম ১০০ টকা হৈছে, চেনি কিলোই প্ৰতি হৈছে ২৪০ টকা, শিশুৰ বাবে প্ৰয়োজনীয় এপেকেট গাখীৰৰ দাম হৈছে ১৯০০০ টকা।

জীৱনৰক্ষক দৰৱতো বাদেই সাধাৰণ দৰৱো এতিয়া ফাৰ্মাচীত পাবলৈ নাইকীয়া হৈছে। তীব্ৰ আকালে দেখা দিয়া দ্বীপ ৰাষ্ট্ৰ খনৰ জনতা সেয়ে ক্ষোভিত হৈ পৰিছে।

চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জনতা ওলাই আহিছে ৰাজপথলৈ। আনকি জনতাৰ ক্ষোভৰ পৰা সাৰি যোৱা  নাই খোদ ৰাষ্ট্ৰপতিৰ বাসভৱনো। উত্তেজিত জনতাই আৰক্ষীৰ বেহু ভেদ কৰি ৰাষ্ট্ৰপতিৰ বাসগৃহত আক্ৰমণ চলাইছে।

দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাই ১৯৪৮ চনত ব্ৰিটিছৰ কৱলৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিল।

স্বাধীনতা লাভৰ পিছতো ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈ তামিল আৰু সিংহলী সম্প্ৰদায়ৰ মাজত হোৱা গৃহযুদ্ধত জুৰুলা হৈ পৰিছিল দেশ খন।

অৱশ্যে গৃহযুদ্ধৰ পিছত শ্ৰীলংকাৰ অৰ্থনৈতিক পৰিস্থিতি ক্ৰমাৎ উন্নত হৈ আহিছিল। ২০১৯ চনত বিশ্ব বেংকে শ্ৰীলংকাক “উচ্চ মধ্য আয়” সম্পন্ন দেশ হিচাবে স্বীকৃতি দিছিল।

২ কোটি ২০ লাখ জনসংখ্যাৰ দেশ খনত জনমূৰি আয়ো বৃদ্ধি পাবলৈ ধৰিছিল।

কিন্তু ৰাজনৈতিক আৰু কেতবোৰ বিশেষ কাৰকৰ বাবে শ্ৰীলংকাৰ বৈদেশিক ঋণৰ বোজা দিনক দিনে বাঢ়ি গৈ আছিল।বৰ্তমান দেশ খন ৪৫০০ কোটি মাৰ্কিন ডলাৰৰ ঋণৰ ভৰত ভাৰাক্ৰান্ত। কোভিড পৰিস্থিতি আৰু ৰুছ-ইউক্ৰেইনৰ যুদ্ধৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে দেশ খনৰ পৰ্যটন তথা চাহ ৰপ্তানি। এই সময়ছোৱাতে দেশ খনৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৭০ শতাংশ হ্ৰাস পাইছে।

কিন্তু কোনেও হয়তো কল্পনাই কৰিব পৰা নাছিল যে দ্বীপ ৰাষ্ট্ৰ খনৰ অৰ্থনীতি ইমান বেয়াকৈ বিধ্বস্ত হৈ পৰিব। শ্ৰীলংকাৰ লগতে বিশ্বৰ বহু অৰ্থনীতিবিদে এনে বিধ্বস্ত অৰ্থনৈতিক অৱস্থাৰ বাবে দায়ী কেইবাটাও কাৰক চিনাক্ত কৰি উলিয়াইছে।
শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ তিনিটা মুখ্য কাৰণ এনেধৰণৰ—

১) উন্নয়নৰ বাবে কেৱল ঋণৰ ওপৰত নিৰ্ভৰশীলতা: শ্ৰীলংকাৰ চৰকাৰে যোৱা কেইবছৰমানত কৰা আটাইতকৈ ডাঙৰ ভুলটো হ’ল ইয়াৰ বিকাশৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে আন্তৰ্জাতিক ঋণৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হৈ পৰাটো।
২০১৬ চনত শ্ৰীলংকাৰ বৈদেশিক ঋণৰ পৰিমাণ আছিল ৪৬ বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাৰ হিচাবত ৩.৪৫ লাখ কোটি টকা)। ইয়াৰ পৰৱৰ্তী ছয় বছৰত ঋণৰ পৰিমাণ দুগুণতকৈ অধিক বৃদ্ধি হৈ ৬ লাখ কোটি টকা হৈছিল। সেই ঋণ পৰিশোধ কৰাৰ কথা দেশ খনৰ চৰকাৰে সাম্প্ৰতিক পৰিস্থিতিত কল্পনাই কৰিব নোৱাৰা হৈ পৰিছে।

২) ঋণ সঠিক কামত খৰচ নকৰা: শ্ৰীলংকাৰ দ্বিতীয় ভুলটো হৈছে ঋণৰ ধন বিচক্ষণতাৰে খৰচ নকৰা। শ্ৰীলংকাই দেশ খনৰ মানুহৰ উপাৰ্জন বৃদ্ধি কৰিব পৰা উৎপাদন খণ্ডত ধন খৰচ কৰা । শ্ৰীলংকাৰ অৰ্থনীতিৰ তিনিটা খণ্ডৰ ওপৰত নিৰ্ভৰশীল – পৰ্যটন, চাহ আৰু বস্ত্ৰ। মহামাৰীৰ সময়ত এই তিনিওটা খণ্ড বেয়াকৈ প্ৰভাৱিত হৈছিল। অথচ এই খণ্ড কেইটাক পুনৰুজ্জীৱিত কৰাৰ বাবে ঋণৰ ধন ব্যৱহাৰ কৰা হোৱা নাছিল।

৩) আমদানিৰ ওপৰত অধিক নিৰ্ভৰশীলতা: এক কথাত ক’বলৈ গ’লে শ্ৰীলংকাই কেতিয়াও আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰা নাই । দেশখনে আনকি সৰু-সুৰা দৈনন্দিন সামগ্ৰীও বিদেশৰ পৰা আমদানি কৰে। শ্ৰীলংকাত ঔদ্যোগিক উৎপাদন তেনেই নগন্য হোৱাৰ বাবেই মূৰত ঘঁহা তেলকণৰ পৰা আৰম্ভ কৰি জোতাযোৰলৈ সকলো সামগ্ৰীয়েই বাহিৰৰ পৰা আমদানি কৰি আহিছে।

এতিয়া ঋণৰ বোজা বাঢ়ি যোৱাৰ বাবে বিশ্বৰ বহু দেশে দেশ খনলৈ সামগ্ৰীৰ যোগান বন্ধ কৰি দিছে।

ইয়াৰ মাজতে ইন্ধনৰ তীব্ৰ নাটনিত ভোগা দেশ খনলৈ ভাৰতে প্ৰেৰণ কৰিছে ৪০ হাজাৰ মেট্ৰিক টন ডিজেল আৰু ৪০ হাজাটন চাউল।

কিন্তু ভাৰতৰ এই সহায় শুকান বালিত এটোপাল পানীৰ লেখিয়াহে হৈছে।

যদি এনে পৰিস্থিতি অব্যাহত থাকে তেন্তে অচিৰেই শ্ৰীলংকা দ্বিতীয় চোমালিয়াত পৰিণত হোৱাৰ আশংকাই দেখা দিছে।

 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd