গ্ৰেটাৰ নয়ডাৰ ৰাষ্ট্ৰীয়কৃত বেংক পঞ্জাব নেচনেল বেংকৰ (পিএনবি) এটা শাখাত গ্ৰাহকৰ সঞ্চয় একাউণ্ট আৰু ফিক্সড ডিপ’জিট (এফডি)ৰ পৰা মুঠ প্ৰায় ৩৫ কোটি টকা অন্তৰ্ধান হোৱাৰ বাতৰি পোৱা গৈছে।
গ্ৰাহকে দাবী কৰে যে তেওঁলোকৰ ধন তেওঁলোকৰ অনুমতি অবিহনে ট্ৰেন্সফাৰ কৰা হৈছে। এই সন্দৰ্ভত তেওঁলোকে কোনো বাৰ্তা বা সতৰ্কবাণী লাভ কৰা নাছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে বেংকৰ শাখা পৰিচালককে ধৰি পাঁচজন কৰ্মচাৰীক নিলম্বন কৰিছে।
অভিযোগ অনুসৰি কেইবাজনো গ্ৰাহকে জমা কৰা ধন উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ এই শাখাত অনুমতি অবিহনে ট্ৰেন্সফাৰ কৰা হৈছিল। কেইবাজনো গ্ৰাহকে দাবী কৰে যে তেওঁলোকৰ ফিক্সড ডিপ’জিট মেয়াদ উকলি যোৱাৰ আগতেই বন্ধ কৰি দিয়া হৈছিল আৰু ধন আন একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছিল।
তেওঁলোকে যেতিয়া বেংকৰ কৰ্মচাৰীসকলক পাছবুক আপডেট বা লেনদেনৰ তথ্য বিচাৰিছিল তেতিয়া তেওঁলোকক কোৱা হৈছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকে একাউণ্টটো অডিট কৰি আছে। ফলত একাউণ্টৰ বেলেঞ্চ সময়মতে পৰীক্ষা কৰিব পৰা নাই।
হানিফ খান নামৰ এজন গ্ৰাহকে দাবী কৰিছে যে তেওঁৰ চেভিংছ একাউণ্টত প্ৰায় ৩৯ লাখ টকা আছিল। এতিয়া সেই টকা নোহোৱা হৈছে। তেওঁৰ ভাষাত, ‘মই কোনো বাৰ্তা পোৱা নাছিলো, ধন হস্তান্তৰৰ অনুমোদন দিয়া কোনো নথি-পত্ৰত স্বাক্ষৰ কৰা নাছিলো।’ কৃষক বিজেন্দ্ৰ সিঙে অভিযোগ কৰে যে তেওঁৰ একাউণ্টত পূৰ্বে ৮৭-৮৮ লাখ টকা আছিল। এতিয়া বাকী আছে মাত্ৰ ১ লাখ টকা।
আন এজন গ্ৰাহক সন্তোষৰ জেৱাৰ বিমানবন্দৰ প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ হিচাপে তেওঁৰ একাউণ্টত জমা হৈছিল ১.২৯ কোটি টকা। তেওঁৰ পৰিয়ালে দাবী কৰিছে যে তাৰ পৰা ১.১৮ কোটি টকা নাইকিয়া হৈছে।
নয়ডা আৰক্ষী আয়ুক্তৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এতিয়ালৈকে ১৬ জন লোকে অভিযোগ দাখিল কৰিছে। গ্ৰেটাৰ নয়ডাৰ সহকাৰী আৰক্ষী আয়ুক্তই তদন্তৰ তদাৰক কৰি আছে। বেংকটোৰ দুৰ্নীতি বিৰোধী বিভাগেও সুকীয়া তদন্ত চলাই আছে। ধন কেনেকৈ ট্ৰেন্সফাৰ কৰা হ’ল আৰু গ্ৰাহকে তেওঁলোকৰ ধন ঘূৰাই পাব নে নাই সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।





