জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত এজন চিআৰপিএফ জোৱান নিহত, কাশ্মীৰী পণ্ডিতসহ চাৰিজন আহত হৈছে।
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন চিআৰপিএফৰ জোৱান নিহত হোৱাৰ লগতে এজন কাশ্মীৰী পণ্ডিতসহ চাৰিজনলোক আহত হৈছে।
শ্ৰীনগৰৰ মাইচুমাত সন্ত্ৰাসবাদীয়ে চিআৰপিএফ জোৱানৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলায়।ফলত এজন চিআৰপিএফৰ জোৱান গুৰুতৰ ভাবে আহত হয়।
পিছত চিকিৎসালয়ত আঘাতপ্ৰাপ্ত জোৱান জনৰ মৃত্যু ঘটে।
আক্ৰমণত আহত হোৱা আনজন চিআৰপিএফৰ জোৱানৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।
লস্কৰ-ই-তৈবাৰ এটা শাখা টিআৰএফে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন কাশ্মীৰী পণ্ডিতো আহত হৈছে।