ভাৰতৰ বিৰুদ্ধে পাকিস্তানকে ধৰি শক্তিশালী ভাৰত বিৰোধী চক্ৰই অব্যাহত ৰাখিছে ‘ডিজিটেল’ আক্ৰমণ।
এই চক্ৰটোৱে ইউটিউব, ফেচবুক, টুইটাৰ আদি মাধ্যম ব্যৱহাৰ কৰি ভাৰতৰ বিৰুদ্ধে কেতবোৰ ভুৱা খবৰ প্ৰচাৰ চলাই আহিছে।
এনে পৰিস্থিতিত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২২ টা ইউটিউব নিউজ চেনেল কৰিবলৈ নিৰ্দেশ দিছে। ভাৰত চৰকাৰে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া ইউটিউব নিউজ চেনেলকেইটাৰ ভিতৰত চাৰিটা পাকিস্তানৰ।
চেনেল কেইটাই ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শান্তি- শৃংখলাত প্ৰভাৱ পেলাব পৰা ভুৱা বাতৰি প্ৰচাৰ কৰি আছে বুলি অভিযোগ উত্থাপন হৈছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ২২ টা ইউটিউব চেনেল, তিনিটা টুইটাৰ একাউণ্ট, এটা ফেচবুক একাউণ্ট আৰু এটা নিউজ ৱেবছাইট বন্ধ কৰি দিয়া হৈছে।
২০২১ চনৰ ডিচেম্বৰ মাহতো ৭৮ টা ইউটিউব চেনেল বন্ধ কৰিবলৈ ভাৰত চৰকাৰে নিৰ্দেশনা জাৰি কৰিছিল।
জানিব পৰা মতে চৰকাৰে বন্ধ কৰি দিয়া ইউটিউব চেনেল কেইটাৰ মুঠ দৰ্শকৰ সংখ্যা ২৬০ কোটিতকৈও অধিক ।
সশস্ত্ৰ বাহিনী, কাশ্মীৰ আদিৰ বিষয়ে এই চেনেল সমূহে সংবেদনশীল ভুৱা বাতৰি পোষ্ট কৰি আহিছিল।
চৰকাৰে বন্ধ কৰি দিয়া ইউটিউব নিউজ চেনেল কেইটাৰ ভিতৰত কেইটামান হৈছে—
এআৰপি নিউজ , এ.ও.পি. নিউজ, এলডিচি নিউজ.চৰকাৰী বাবু ,এছ.এছ. জোন হিন্দী,স্মাৰ্ট নিউজ ,অনলাইন খবৰ,ডিপি নিউজ,পিকেবি নিউজ ,কিষাণ টক,বৰানা নিউজ,ভাৰত মৌচম,ডিজি গুৰুকুল ,দুনিয়া মেৰিয়াগি,গুলাম নবিমাদনি ,হকিকট টিভি আদি।





