• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যোগী আদিত্যনাথৰ সুশাসিত তথা মহিলা সুৰক্ষিত উত্তৰ প্ৰদেশত মুছলমান মহিলাক মুকলিকৈ ধৰ্ষণৰ ভাবুকি হিন্দুত্ববাদী নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2022 6:14 pm
Hindutva leader threatens to Muslim woman
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মনিৰপেক্ষ ভাৰতত ধৰ্মীয় উগ্ৰতা তথা সাম্প্ৰদায়িকতাৰ দৃশ্য সাধাৰণ হৈ পৰিছে। দেশৰ যিকোনো প্ৰান্ততে এতিয়া নিৰ্দিষ্ট ধৰ্মৰ প্ৰতি মুকলি ভাবুকি সহজাত হৈ পৰিছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সুশাসন তথা মহিলাৰ সুৰক্ষাৰ কথা কোৱা উত্তৰ প্ৰদেশত এতিয়া মুকলিকৈ আইন তথা সংবিধান উলংঘন কৰি আহিছে এচাম আশীৰ্বাদপুষ্ট হিন্দুত্ববাদী নেতাই।

Apply Now

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ এনে এক সাম্প্ৰদায়িক ভাবুকিৰ মন্তব্য।

প্ৰকাশ পোৱা ভিডিঅ’টোত এজন হিন্দুত্ববাদী ধৰ্মীয় নেতাই মুছলমান সম্প্ৰদায়ৰ মহিলাক অপহৰণ আৰু ধৰ্ষণ কৰাৰ মুকলি ভাবুকি দিয়া স্পষ্টকৈ শুনিবলৈ পোৱা গৈছে।

উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাত এক সমাৱেশক সম্বোধন কৰি এই হিন্দুত্ববাদী ধৰ্মগুৰুজনে কয়, “এই অঞ্চলৰ ওচৰতে এখন ‘চোঁৱৰ’ৰ গাঁও আছে। যদি সেই গাঁৱৰ কোনোৱে এই অঞ্চলটোৰ কোনো হিন্দু ছোৱালীক হাৰাশাস্তি কৰে, মই তেওঁলোকৰ ঘৰৰ জীয়ৰী-বোৱাৰীক ঘৰৰ পৰা তুলি আনি ধৰ্ষণ কৰিম।”

তেওঁ লগতে মুকলি হত্যাৰ ভাবুকি দি কয়, “এই ‘চোঁৱৰ’বোৰে মোৰ হত্যাৰ বাবে ২৮ লাখ টকা জমা কৰিছে। চোঁৱৰ বোৰে শুনি লোৱা, না এই চোঁৱৰৰ অঞ্চল থাকিব না, চোঁৱৰ থাকিব।”

গেৰুৱা পোচাক পৰিহিত এই ধৰ্মগুৰুজনক খাইৰাবাদ চহৰৰ মহন্ত বজৰং মুনি বুলি চিনাক্ত কৰা হৈছে। ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে বজৰং মুনিৰ এই ঘৃণনীয় বক্তব্যৰ লগে লগে তাত উপস্থিত সমৰ্থকসকলে উল্লাসিত হৈ শ্ল’গান দিয়ে।

উল্লেখ্য যে এই ভিডিঅ’টো ২ এপ্ৰিলত দৃশ্যগ্ৰহণ কৰা হৈছিল। উক্ত সমাৱেশত আৰক্ষীৰ উপস্থিতিও ভিডিঅ’টোত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। তৎসত্বেও ধৰ্মগুৰুজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে।

কিন্তু ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ আৰক্ষীয়ে এতিয়া তদন্তৰ নিৰ্দেশ দিছে।

সীতাপুৰ আৰক্ষীয়ে টুইট কৰি কয় যে, “অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তদন্ত চলি আছে।তথ্য আৰু প্ৰমাণৰ ওপৰত আধাৰিত কৰি নিয়ম অনুসৰি আইনী ব্যৱস্থা লোৱা হ’ব।”

উল্লেখ্য যে নিজকে আৰ এছ এছ আৰু বিজেপিৰ নেতাৰ ঘনিষ্ঠ বুলি উল্লেখ কৰা এই ধৰ্মগুৰুজনৰ বিৰুদ্ধে পূৰ্বেও ভূ-সম্পত্তিৰ অবৈধ দখলৰ অভিযোগ আছে। কিন্তু ইয়াৰ পিছতো তেওঁৰ বিৰুদ্ধে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd