শিৱসাগৰৰ নামতিৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত জুই লগাই দিলে ছাত্ৰীয়ে। কিন্তু কিয়?
শিৱসাগৰৰ নামতিৰ এখন বিদ্যালয়ত বৰমৌৰ সন্ত্ৰাসে ত্ৰাসৰ সৃষ্টি কৰে।
পাঠদান চলি থকাৰ মাজতেই হঠাৎ নামতি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ শ্ৰেণীকোঠাত আৰম্ভ হয় বৰমৌৰ সন্ত্ৰাস।
লগে লগে শ্ৰেণী কোঠাত উপস্থিত থকা ছাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে।
দিকভ্ৰান্ত হৈ পৰা ছাত্ৰীসকলে শ্ৰেণী কোঠাত জুই জ্বলাই নিজকে ৰক্ষা কৰে বৰ মৌৰ পৰা।
বৰমৌৰ আক্ৰমণত ছাত্ৰীসহ দুজনৰ অৱস্থা সংকটজনক হৈ পৰাৰ খবৰ আহিছে।
বৰমৌৰ আক্ৰমণত গুৰুতৰ ভাবে অসুস্থ হৈ পৰা নৱম শ্ৰেণীৰ ছাত্ৰী শিল্পীৰেখা দত্ত আৰু শিক্ষক প্ৰদ্যুৎ পল্লৱ শইকীয়াক চিকিৎসাধীন কৰোৱা হৈছে।
বিদ্যালয়ৰ চৌহদত থকা এটা বৰমৌৰ বাহ ভঙাৰ ফলত উৰি আহে জাকে জাকে মৌমাখি।
বান্দৰে বৰমৌৰ বাহ ভঙাৰ ফলত মৌৰ জাকে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত প্ৰৱেশ কৰি ছাত্ৰী-শিক্ষকক বিন্ধিবলৈ ধৰে।
বিদ্যায়ৰ কোঠাৰ ভিতৰত আৱদ্ধ ছাত্ৰীক ততাতৈয়াকৈ উলিয়াই অনাৰ ব্যৱস্থা কৰা হয়।
বিদ্যালয় খনত বৰ্তমানেও আতংক অব্যাহত আছে।
বহু ছাত্ৰীৰ কাণৰ ভিতৰৰ মৌ মাখি প্ৰৱেশ কৰাত কাণৰ ভিতৰৰ পৰা টানি টানি উলিয়াই আনিবলগীয়া হৈছে বৰমৌ।